নাৰায়ণগুৰিৰ হত্যাকাণ্ডৰ প্ৰকৃত অপৰাধী কোন?

নাৰায়ণগুৰিৰ হত্যাকাণ্ডৰ প্রকৃত অপৰাধী কোন ?


২০১৪ চনৰ লোকসভা নির্বাচন অনুষ্ঠিত হোৱাৰ পূর্বেই ধাৰণা কৰা হৈছিল যে বিটিএডিত নির্বাচনকেন্দ্রিক এক অশান্ত পৰিৱেশৰ সৃষ্টি হ’ব পাৰে। কাৰণ উক্ত নির্বাচন কোকৰাঝাৰ লোকসভা সমষ্টিৰ ভোটাৰ ৰাইজ, বিশেষকৈ বিটিএডিৰ অন্তর্গত অবড়ে ভোটাৰ ৰাইজে এই নির্বাচনক একাংশ স্বেৰাচাৰা, একনায়কত্ববাদ আৰু সুবিধাবাদী বড়ো নেতৃত্বৰ ইচ্ছাকৃত ভুলৰ পৰিণতিত অতিষ্ঠ হৈ সমগ্র বড়ো জাতিৰ বিৰুদ্ধে সংগ্রাম বুলি ধৰি লৈছিল আৰু এই সংগ্ৰামত বিটিএডিৰ বাহিৰৰ অথচ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তর্গত ভোটাৰ ৰাইজেও সহযোগিতা কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। এই সংগ্ৰামত মুছলমানসকলৰ অংশগ্রহণ আছিল প্রায় এশ শতাংশ। আনকি প্রাক্তন আলফা নেতা নৱ কুমাৰ শৰণীয়া ওৰফে হীৰা শৰণীয়াক বিজয়ী কৰোৱাৰ স্বাৰ্থত সকলো অবড়ো ৰাইজৰ লগতে মুছলমান পুৰুষ-মহিলাসকলেও ৰাজপথলৈ ওলাই আহি ধ্বনি দিয়া পৰিলক্ষিত লৈছিল। যাৰ ফল স্বৰূপে সমগ্র অবড়ো ৰাইজৰ সংগ্রামৰ নিষ্ঠুৰ পৰিণতি ভূগিব লগা হ’ল একমাত্র মুছলমানসকলে। মানৱতাৰ ইতিহাসত সংযুক্ত হ’ল আৰু দুটি কলা দিন ১ আৰু ২ মে’। পুনৰ বৰ্বৰভাৱে হত্যা কৰা হ’ল অর্ধশতাধিক নিৰীহ মুছলমান লোকক। ইতিহাসৰ পাতত নেলীৰ দৰে খোদিত হ’ল নাৰায়ণগুৰি-নৰসিংবাৰীৰ নাম।
নির্বাচনকেন্দ্রিক হিংসাৰ বলি হোৱাৰ এইটোৱেই মুছলমানসকলৰ প্রথম উদাহৰণ নহয়। অতীতৰ ইতিহাস পাহৰি যোৱাৰ কু-অভ্যাস থকাৰ বাবেইবাৰম্বাৰ অসমৰ তথাকথিত সংখ্যালঘু (সর্বভাৰতীয় প্রেক্ষাপটত সংখ্যালঘু হ’লেও অসমৰ ক্ষেত্ৰত এককভাৱে সংখ্যাগুৰু) মুছলমানসকল বলিৰ পঠা হোৱা দেখা যায়। এই মানুহবোৰে অভিশপ্ত ৮৩ৰ নেলীৰ নৃশংসতাৰ ইতিহাস পাহৰি গৈ বিগত লোকসভা নির্বাচনত নৱ কুমাৰ শৰণীয়াক দেৱতাৰ আসনত বহুৱাই মাল্যাপণ কৰা পৰিলক্ষিত হ’ল। এই ক্ষেত্ৰত আন আন জনগোষ্ঠীয়ে কিন্তু বুদ্ধিৰ পৰিচয় দিবলৈ সক্ষম হৈছে। প্রায় সকলোবোৰ অবড়ো জনগোষ্ঠীয়ে শাসনৰ নামত লুণ্ঠন চলোৱা আৰু বন্দুকৰ দোহাই দি ভাৰতবৰ্ষৰ দৰে এখন সভ্য গণতান্ত্রিক দেশৰ পৱিত্ৰ সংসদত অর্ধনগ্ন হৈ তথাকথিত অধিকাৰৰ বাবে 'একলা চলো’ নীতিৰ আধাৰত একপক্ষীয় দাবী সাব্যস্ত কৰা আধিপত্যবাদী বড়ো ৰাজনীতিকৰ বিৰুদ্ধে সংগ্রামত সহযোগিতা কৰিছিল যদিও প্রকাশ্যে ৰাজপথলৈ ওলাই অহা নাছিল। মুছলমানসকলৰ বিৰুদ্ধে বড়ো উগ্রপন্থী বা হত্যাকাৰীসকল আক্রমণাত্মক হোৱাৰ অন্যতম কাৰণ আছিল মুছলমানসকল বিটিএডিৰ মুঠ জনসংখ্যাৰ দ্বিতীয় বৃহত্ জনগোষ্ঠী। অথাত্ বিটিএডিৰ মুঠ জনসংখ্যাৰ ২৯% বড়ো আৰু ১৭% মুছলমান। গতিকে নৃগোষ্ঠীয় চাফাই অভিযানৰ প্রধান টার্গেট আছিল মুছলমানসকল। অথাত্ এই দ্বিতীয় বৃহত্ জনগোষ্ঠীটােক চলে-বলে-কৌশলে (ভীতিগ্রস্ত কৰিয়েই হওক বা হত্যা, ধন দাবী কৰিয়েই হওক) বিটিএডিৰ পৰা খেদি পঠিয়াব পাৰিলে অইন দুর্বল জনগোষ্ঠীবোৰকো খেদি পঠিওৱাত সহজ হ’ব আৰু ক্রমানুসাৰে বড়োসকলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি পৃথক বড়ো ৰাজ্য গঠনৰ অবাস্তৱ সপোন দিঠকত পৰিণত কৰিব পাৰিব। দ্বিতীয়তে, এই বৃহত্ জনগোষ্ঠীৰ মানুহে বিটিএডিৰ বিৰোধিতা কৰি ভোটদান কৰিলে লোকসভা নির্বাচনৰ কথা বাদেই, ২০১৫ চনৰ পৰিষদীয় নির্বাচনত বিটিএডিত অবড়ো শক্তিয়ে ৰাজত্ব কৰিব বুলি চতুৰ বড়ো ৰাজনীতিবিদসকল শংকিত হৈ পাৰিছিল। তৃতীয়তে, মুছলমানসকলক হত্যা কৰিলে অসমৰ তথাকথিত জাতীয় সংগঠনবোৰে বাংলাদেশী খেদা আন্দোলন কৰি হত্যাৰ বিষয়টো তল পেলাই হত্যাকাৰীসকলক ৰক্ষণাবেক্ষণ দিব বুলি দৃঢ় বিশ্বাস আছিল, কাৰণ ২০১২ চনতো কোকৰাঝাৰত সংঘটিত হত্যাযজ্ঞৰ পাছত অসমৰ তথাকথিত জাতীয় সংগঠনৰ নেতাসকলে সেই কাম কৰি দৃষ্টান্ত দাঙি ধৰি হত্যাকাৰীসকলক উৎসাহিত কৰি তুলিছিল। আনকি আৰএছএছ, বজৰং আৰু ৰাষ্ট্ৰীয় পর্যায়ৰ ৰাজনৈতিক দল বিজেপিয়েও বিষয়টোত হত্যাকাৰীসকলক সহায় কৰাৰ স্পষ্ট উদাহৰণ পোৱাটো তেনেই সহজ। মুঠতে ‘কোমল চিকাৰ’ (Soft Target) মুছলমানসকলক হত্যা কৰি অইন অবড়ো ৰাইজকে ভীতিগ্রস্ত কৰিব বিচাৰিছিল, যাতে ২০১৫ চনৰ পৰিষদীয় নির্বাচনত অবড়ো শক্তিয়ে মূৰ দাঙি উঠিব নোৱাৰে। এই হত্যাকাণ্ডত তৃতীয় এটা ৰাজনৈতিক শক্তিয়েও সাৰ-পানী যোগাইছিল বুলি কোৱাৰো থল আছে।

নাৰায়ণগুৰিৰ হত্যাকাণ্ডৰ লগত বিটিএডিত শাসনাধিষ্ঠিত তথা অসম চৰকাৰৰ তদানীন্তন মিত্র দল বিপিএফ জড়িত আছিল। এই অভিযোগ হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ৰে পৰা উত্থাপিত হৈ আছিল। অসমৰ সৰু-বৰ প্রায় সকলো সংবাদ মাধ্যমৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্রচাৰ মাধ্যমতো প্রচাৰিত হৈ আহিছে। আনকি বিভিন্ন দল-সংগঠনেও এই দাবী প্রবলভাৱে উত্থাপন কৰি আহিছে। এই ক্ষেত্ৰত প্রত্যক্ষদশীয়ে নির্দিষ্ট নাম উল্লেখ কৰি থানাত এজাহাৰো দাখিল কৰিছে আৰু ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়ায়ো চাৰিজন প্রাক্তন বিএলটি তথা বর্তমানৰ বনকর্মীৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছে। ঘটনাৰ লগত আনকি বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া অমিয় কুমাৰ ব্ৰহ্ম জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। যুক্তি-যুক্ততাও আছে।কিন্তু এই হত্যাকাণ্ডৰ লগত বিপিএফৰ লগত তৃতীয় শক্তি জড়িত থকাটােও নিশ্চিত সত্য। সেই তৃতীয় শক্তিয়ে বিপিএফক বদনামী কৰি শাসনৰ গাদী দখলৰ পৰিকল্পনাৰেই হওক বা পৃথক ৰাজ্যৰ সপোন বাস্তৱায়িত কৰাৰ স্বাৰ্থতেই হওক, এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিব পাৰে বুলি ক’ব পাৰি।
তৃতীয় শক্তিৰ কথা কোৱাৰ লগে লগে বহুতৰে খঙে চুলিৰ আগ পাব বুলি মই জানো।ইতিমধ্যে অবড়ো সুৰক্ষা সমিতিৰ সম্পাদক যোগেশ্বৰ কলিতাই বিটিএডিৰ হত্যাকাণ্ডৰ লগত তৃতীয় আৰু অজ্ঞাত শক্তি জড়িত থকাৰ মন্তব্য আগবঢ়াই ভুক্তভোগী ৰাইজ তথা সংখ্যালঘু ছাত্র সংগঠন আমছু আৰু এবিএমছুৰ ৰোষত পৰিব লগা হৈছিল। অৱশেষত তেওঁৰ উক্ত মন্তব্য ভুল আছিল বুলি স্বীকাৰ কৰি সংবাদকর্মীৰ ওপৰত দোষ জাপি দি ৰক্ষা পৰিব লগা হৈছিল। কাৰণ তেওঁৰ হাতত নিজৰ মতামত প্রতিষ্ঠিত কৰাৰ উপযুক্ত যুক্তি নাছিল। কলিতাই নিজৰ যুক্তি প্রতিষ্ঠা কৰিব নোৱাৰাৰ অন্যতম কাৰণ আছিল যে তেওঁৰ মন্তব্যত বিপিএফৰ উপস্থিতি শূন্য আছিল। কিন্তু মোৰ মতে বিপিএফ জড়িত থকাৰ সমান্তৰালকৈ তৃতীয় শক্তিও জড়িত আছে। সামগ্রিকভাৱে এইবিষয়টােৰ যুক্তিনিষ্ঠ আলোচনা কৰা হওক।
৩০ এপ্রিল। অসমৰ প্রাক্তন কৃষিমন্ত্রী তথা বর্তমানৰ বিধায়িক প্রমীলাৰাণী ব্ৰহ্মই সংবাদ মেলত মন্তব্য কৰিছিল যে ১৬ মে’ তাৰিখে হবলগীয়া লোকসভা নির্বাচনৰ ভোট গণনাৰ ফলাফলত অসমৰ প্রাক্তন পৰিবহণ মন্ত্রী তথা বিপিএফ দলৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্রার্থী চন্দন কুমাৰ ব্ৰহ্মই পৰাজয় বৰণ কৰিব, কাৰণ হিচাপে যুক্তি আগবঢ়াইছিল মুছলমানসকলে তেওঁক ভোট দিয়া নাই বুলি। আনকি নির্বাচনী প্রচাৰ চলাই থকাৰ সময়তো প্রার্থীগৰাকীয়ে নিজে কৈছিল এইবাৰ বিপিএফ পৰাজিত হ’লে বিটিএডিত ভূমিকম্পৰ সৃষ্টি হ’ব বুলি। সময়ত দুয়োটা আগকথাই পৰিষ্কাৰভাৱে প্রতিফলিত হোৱা দেখা গ’ল। এতিয়া প্রশ্ন হ’ল— বিপিএফৰ এই দুগৰাকী নেতাই কেনেকৈ জানিছিল যে তেওঁলোকৰ পৰাজয় হলে বিটিএডিত অশান্তি হ’ব বুলি? যত তেওঁলোকেই বিটিএডিৰ ভাগ্য নির্মাতা, যেতিয়া ইচ্ছা তেতিয়াই শান্তি প্রতিষ্ঠা কৰিব পাৰে। ইচ্ছা গ’লেই অশান্তিৰ সৃষ্টি কৰিব পাৰে- যিহেতু শাসনৰ বাঘজৰী তেওঁলোকৰ হাতত আৰু অসমৰ শাসনৰ দায়িত্বত (তেতিয়া) তেওঁলোকৰে মিত্র দলৰ চৰকাৰ। যদি নাৰায়ণগুৰিকে আদি কৰি বিটিএডিৰ শেহতীয়া সমগ্র হত্যাকাণ্ড অসমৰ ডিজিপি খগেন শৰ্মাৰ মতে এনডিএফবি সংবিজিত গোটে কৰা বুলি মানি লোৱা যায়, তেন্তে নিশ্চিতভাৱে ক’ব লাগিব যে উক্ত হত্যাকাণ্ডৰ লগত বিপিএফ দলৰ ইংগিত আছে, নহ’লে নির্বাচনৰ পূর্বেই তেওঁলোকে কেনেদৰে জানিছিল যে তেওঁলোকৰ পৰাজয় হলে বিটিএডিত ভূমিকম্প হ’ব? অর্থাত্ দুয়োগৰাকী নেতাৰ বক্তব্যৰ আঁত ধৰি ক’ব লাগিব যে এনডিএফবি (সঃ) আৰু বিপিএফৰ লগত এক মধুৰ সম্পর্ক আছে। কিয়নো, মুছলমানসকলে ভোট দিয়া নাই আৰু মিত্র দল কংগ্রেছে নৱ কুমাৰ শৰণীয়াক সহায় কৰিছে বুলি প্রমীলাৰাণী ব্রহ্মই প্রদান কৰা বিতর্কিত বক্তব্যৰ ২৪ ঘন্টা পাৰ নৌহওঁতেই বিটিএডিৰ হত্যাকাণ্ড আৰম্ভ হৈছিল। ১ মে’ তাৰিখৰ সন্ধিয়া প্রায় ৮ বজাত বাক্সা জিলাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তর্গত নৰসিংবাৰী গাঁৱত প্রথমটো হত্যাকাণ্ড সংঘটিত হ’ল। য'ত তিনিজন (সোণা মিঞা, চম্পা বেওৱা আৰু ৰমিছা খাতুন) পুৰুষ-মহিলা নিহত হৈছিল আৰু দুজনী ফুলকুমলীয়া কন্যাশিশু (তাছলিমা খাতুন আৰু ৰাশিদা খাতুন) আহত হৈছিল আৰু কোকৰাঝাৰ জিলাৰ বালাপাৰাত আঠজনকৈ লোক নিহত হৈছিল। একেদৰে ২ মে’ তাৰিখে আৰক্ষী প্রশাসনৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ গ্রহণ কৰি বাক্সা জিলাৰ উক্ত গোৱৰ্দ্ধনা থানাৰ অন্তর্গত নাৰায়ণগুৰি (ননকে খাগ্রাবাৰী বা গেমপাৰা) গাঁৱত হত্যাযজ্ঞ চলাই প্রায় চল্লিছজনকৈ শিশু-মহিলা, আবালবৃদ্ধ-বনিতাক নৃশংসভাৱে মধ্যযুগীয় বর্বৰতাৰে হত্যা কৰিলে। বিটিএডিৰ জন্মলগ্নৰে পৰাই বিপিএফ দলৰ একছত্ৰী ৰাজত্ব বাহাল আছিল আৰু তাৰ ফলস্বৰূপে বিটিএডিৰ সামগ্রিক উন্নয়ন তথা বড়োসকলৰ সম অধিকাৰৰ প্রশ্নত বেমেজালিয়ে দেখা দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হৈ আছিল। বিপিএফ তথা হাগ্রামা মহিলাৰীৰ একনায়কত্ববাদৰ বিৰুদ্ধে এবছুআৰু বিপিপিএফ নামৰ ৰাজনৈতিক দলে মুকলি জেহাদ ঘোষণা কৰিছিল। আনকি তেওঁলোকে লোকসভা নির্বাচনৰ বাবে বিপিএফৰ বিৰুদ্ধে শক্তিশালী প্রার্থীও প্রক্ষেপ কৰিছিল। বিপিএফৰ দৰে বিটিএডিৰ এই বিকল্প শক্তিয়েও মূল লক্ষ্য হিচাপে বাছি লৈছিল ২০১৫ চনৰ বিটিএডিৰ পৰিষদীয় নির্বাচন। তেওঁলোকেও ভালদৰে জানিছিল যে লোকসভা নির্বাচনত তেওঁলোকৰো পৰাজয় অনিবার্য। নাৰায়ণগুৰিৰ হত্যাকাণ্ডৰ পাছত প্রায় সকলোবোৰ দল-সংগঠন আৰু ভূক্তভোগীসকলে উক্ত হত্যাকাণ্ডত প্রাক্তন বিএলটি তথা বনকর্মী,বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া আৰু বিপিএফ দলৰ কেইবাগৰাকী নেতা জড়িত থকা বুলি কোৱাৰ পাছতো বলিষ্ঠভাৱে তাৰ প্রতিবাদ কৰা দেখা নগ’ল। অর্থাত্ বিপিএফে নীৰৱতা অৱলম্বন কৰি তেওঁলোকৰ অপৰাধ একপ্রকাৰ স্বীকাৰ কৰি ল’লে। সেয়া তেওঁলোকৰ ৰাজনৈতিক অদূৰদৰ্শিতাও হ’ব পাৰে নাইবা অভিযোগ সত্য বুলি গ্রহণ কৰি নীৰৱতা অৱলম্বন কৰা বুলিয়েই শ্রেয় বুলি ভাবিলে। কাৰণ উক্ত হত্যাকাণ্ডৰ প্রাক্ক্ষণত বিপিএফ দলৰ হেভীৱেট নেতাসকলৰ ভাষণে বিকল্প শক্তিটোক চৰমভাৱে উত্সাহিত কৰিছিল। কাৰণ ক্ষমতা দখলৰ সপোন দেখা ৰাজনৈতিক শক্তিয়ে বিপিএফ দলক বিধ্বস্ত কৰাৰ বাবে এটা সোণালী সুযোগ লাভ কৰিছিল। এইসময়ত হত্যাকাণ্ড যিয়েইনকৰক কিয় প্রথমে সন্দেহৰ তীৰডাল কিন্তু বিপিএফ দলৰ ফালেই নিক্ষেপিত হ’ব। এই বিকল্প শক্তিয়ে তাৰ পূর্ণ সুযোগ গ্রহণ কৰি তেওঁলোকৰ ৰাজনৈতিক ভেটি মজবুত কৰাৰ স্বাৰ্থত এই হত্যাকাণ্ড সংঘটিত কৰা নাই বুলি ক’ব নোৱাৰি।