কাশেম আলীৰ কৰুণ কাহিনী

কাশেম আলীৰ কৰুণ কাহিনী

‘তেওঁলোকে মোলৈ লক্ষ্য কৰি গুলীয়াইছিল। মই যেতিয়া ঘৰৰ পৰা ওলাই প্রাণটো ৰক্ষা কৰাৰ বাবে দৌৰি আছিলো। মই দেখিছিলো মোৰ দৰে বহুতে দৌৰি নদীৰ পাৰলৈ গৈ আছে, কিছুমানে বুলেটৰ আঘাতত মাটিত ঢলি পৰিছে।’ অৱধাৰিত মৃত্যুৱে খেদি ফুৰা কাশেম আলী গছৰ আশ্রয় লৈ নিজৰ প্রাণটো অৱশেষত ৰক্ষা কৰিব পাৰিছিল। কিন্তু ৰক্ষা কৰিব পৰা নাছিল গাঁওখনৰ বহু যুৱক-যুৱতী, মহিলা-শিশু, বৃদ্ধ-বনিতাক। আবেলি চাৰি বজাত নেমুৰ পুলি ৰুই আছিল তেওঁ। হঠাত্ গুলীৰ শব্দ পাই প্রথমে তেৱোঁ ভাবিছিল এয়া বন সুৰক্ষা কৰ্মীসকলৰ গুলীৰ শব্দ। তেওঁৰ ধাৰণা পাছলৈ সঠিকেই আছিল, কিন্তু বন সুৰক্ষা কৰ্মীসকলে এইবাৰ চোৰাং চিকাৰীক নহয়, নিৰপৰাধী গাঁওবাসীকহে গুলীয়াই হত্যা কৰিছিল। প্রথম গুলীৰ শব্দ শুনাৰ পাছত বিশেষ গুৰুত্ব নিদিলেও তত্ক্ষণাত্ আৰু কেইবা জাই গুলীৰ শব্দ পাই তেওঁ শংকিত হৈ পৰিছিল। কাৰণ তাৰ এদিন পূর্বে নৰসিংবাৰী আৰু বালাপাৰাত ঘাতক বাহিনীয়ে মানুহ হত্যা কৰিছে। ইতিমধ্যে তেওঁ দেখা পালে যে গাঁৱৰ মানুহবোৰ দৌৰি আহি আছে। পিছে পিছে ঘাতক বাহিনী। তেওঁ দৌৰিবলৈ আৰম্ভ কৰাত তেওঁলৈ লক্ষ্য কৰি গুলীয়ালে, গুলীটাে তেওঁৰ মূৰৰ কাষেৰে পাৰ হৈ গ’ল। নিজৰ প্রাণটো ৰক্ষা কৰাৰ বাবে তেৱোঁ দৌৰিবলৈ আৰম্ভ কৰিলে আৰু মানাহৰ এজোপা গছৰ পিছফালে লুকাই থাকি নিজৰ জীৱনটো ৰক্ষা কৰিলে। গাঁওবুঢ়া শ্বাহ আলমৰ নম্বৰৰ বাদে কাৰো কথা তেওঁৰ মনলৈ অহা নাছিল ফোন কৰি নিৰাপত্তা বিচৰাৰ বাবে। সেয়েহে তেওঁ গাঁওবুঢ়াজনক ফোন কৰিলে।
কালপানী বজাৰত নিজৰ প্রয়োজনীয় সামগ্ৰী ক্রয় কৰি থকা গাঁওবুঢ়াজনে প্রথমে তেওঁৰ কথা বিশ্বাসত লোৱা নাছিল। তেওঁ যেতিয়া আৱেগবিহুলভাৱে কাতৰ স্বৰে তেওঁক কথাটাে জনালে, তেতিয়া গাঁওবুঢ়াজনে বিশ্বাস কৰিলে। আশ্চর্যজনক কথা যে গাঁৱৰ অধিকাংশ মানুহেইবীট অফিচবা বন নিৰীক্ষণ চকীত আশ্রয় গ্রহণ কৰিবলৈ আহি বনকৰ্মীসকলৰ গুলীত নিহত হ’ব লগা হৈছিল। কাশেমে বীটৰ কাষতেই মানাহৰ এজোপা বৃক্ষৰ আৰ লৈ নিজকে ৰক্ষা কৰি গ’ল বনকর্মীৰ হত্যালীলা। তেওঁৰ বক্তব্য মতে চিনাকি বনকৰ্মীসকলৰ লগত একাংশ অচিনাকি অস্ত্রধাৰী আহিছিল, যিসকলৰ অধিকাংশৰেই ক’লা কাপোৰেৰে মুখ বন্ধা আছিল। ঘাতকসকলৰ মাজত কীর্তি বড়ো, দীনেশ বড়ো, ৰজেন বড়ো আদি বনকৰ্মীসকলক তেওঁ স্পষ্টভাৱে চিনি পাইছিল, কেইবাজনৰ নাম নাজানে, কিন্তু ক’ৰবাত দেখা যেন তেওঁৰ মনত পৰে। ইতিমধ্যে গাঁওখনৰ পশ্চিম প্রান্তৰ পৰা গুলীয়াই অহা হত্যাকাৰীসকলে আহি বীট পালে আৰু একেলগ হৈ বেঁকীৰ পাৰে পাৰে উত্তৰ ফালে গতি কৰিলে। যিসকল মানুহে জীৱন ৰক্ষার্থে বেঁকীৰ পাৰেৰে উত্তৰ ফালে গৈছিল সেইসকলক গুলীয়াবলৈ আৰম্ভ কৰিলে। হত্যালীলা অব্যাহত থাকিল। মানুহবোৰ নদীৰ পানীত গুলীবিদ্ধ হৈ জপিয়াই পৰিল। বহুতে প্রাণ ৰক্ষা কৰিবলৈ এটুকুৰা কাঠ নিজৰ জীৱন ৰক্ষাকাৰী হিচাপে গ্রহণ কৰি সাঁতুৰিবলৈ যত্ন কৰিলে। হত্যাকাৰীসকল পলাই যোৱাৰ পাছত পুলিচ আহিল, মানুহ আহিল। জঙ্গলত লুকাই থকাসকল ওলাই আহিল আৰু নিজৰ সপোনৰ ঘৰখন জ্বলি ছাই হোৱা প্রত্যক্ষ কৰিলে। ঠায়ে ঠায়ে তেজৰ চেকুৰা, মৃতদেহ...। নির্বাক, নিস্তব্ধ হৈ কাশেম আলীৰ পত্নীয়েও প্রাণ ৰক্ষা কৰাৰ বাবে জপিয়াই পৰিছিল বেঁকী নদীত। কোলাত আছিল পাঁচমহীয়া শিশু শ্বাহিনা খাতুন। পত্নী জীয়াই আছে। কিন্তু পানীত ডুবি মৰি থাকিল কণমানি শ্বাহিনা, যাৰ মৃতদেহ বিচাৰি পাইছিল গোৱৰ্দ্ধনাৰ বালিগুৰি ঘাটত। এইবাৰ ন্যায় লাগে তেওঁলোকক। জীয়াই থকালৈকে ন্যায়ৰ সপক্ষে অৰাজক দেশৰ নিয়ন্ত্রণহীন প্রশাসন যন্ত্ৰৰ সুৰুঙাৰে... উগ্রপন্থীয়ে।