মাজনী খাতুনৰ পিতৃ-মাতৃৰ মুখেৰে.........

মাজনী খাতুনৰ পিতৃ-মাতৃৰ মুখেৰে ঘটনাৰ বাস্তৱ চিত্র
মধ্যযুগীয় বর্বৰতাৰে অতি নৃশংসভাৱে পাৱাৰপাম্পত কোবাই মাজনী খাতুন (৯)ক হত্যা কৰা হৈছিল। আমি তাইৰ মা-দেউতাৰ লগত বেদনাসিক্ত কথাবোৰৰ বিষয়ে ইতিপূর্বে আলোচনা কৰাৰ সাহস পোৱা নাছিলো। ২৭ আগষ্ট তাৰিখে মই আৰু শাকিল আহমেদে ননকে খাগ্ৰাবাৰীৰ শৰণাৰ্থী শিবিৰত উপস্থিত হৈ বুকুত গধুৰ শিল একোখণ্ড লৈ বেদনাসিক্ত নয়নেৰে চাই আছিলো মাজনীৰ মা-দেউতাৰ মুখলৈ, যেতিয়া তেওঁলোকে আমাৰ আগত কৈ গৈছিল ২ মে’ৰ নাৰকীয় হত্যাকাণ্ডৰ বিৱৰণী। কথাবোৰ কৈ থাকোতে মাজে মাজে ৰৈ গৈছিল সিহঁত। মাজনী খাতুনৰ পিতৃ হবিবৰ ৰহমান আৰু মাতৃ আজিৰন নেছা।
হবিবৰ ৰহমান :
তেওঁ পথাৰত ম’হ ৰখিবলৈ গৈছিল। গাঁওখনৰ প্রায় মধ্যস্থলত তেওঁৰ ঘৰ। ম’হ ৰখি থকা সময়ত তেওঁৰ ঘৰৰ পশ্চিম ফালে গুলীৰ শব্দ পাই প্রথমে বিশেষ চিন্তা কৰা নাছিল, কাৰণ গুলীবোৰ বনকর্মীয়ে চোৰাং চিকাৰী (কাঠ বা বন্যজন্তু) প্রতিৰোধৰ বাবে বা বনৰীয়া জন্তুক ভেটা দিয়াৰ বাবে ফুটাই আছে বুলি। ক্রমান্বয়ে গুলীৰ শব্দ বৃদ্ধি পোৱা দেখি তেওঁৰ সন্দেহ হৈছিল। তেওঁ ভালদৰে পৰিৱেশটো অধ্যয়ন কৰিলে। ভালদৰে লক্ষ্য কৰি দেখা পালে যে তেওঁৰ ঘৰৰ পশ্চিম ফালৰ ঘৰবোৰত জুই জ্বলি আছে, বাটেৰে মানুহৰ দৌৰাদৌৰি আৰম্ভ হৈছে, চিঞৰ-বাখৰৰ শব্দ কাণত পৰিব ধৰিছে আৰু গুলীয়ে বুকু ভেদ কৰাত বিকট আর্তনাদ কৰিব ধৰিছে। তেওঁৰ শৰীৰৰ শক্তি যেন নাইকিয়া হৈ পৰিল। তত্ক্ষণাত্ তেওঁৰ মনৰ মাজত কিবা এটা যেন সাহস পাই ম’হ এৰি দি প্রাণ ৰক্ষাৰ বাবে তাৰে পৰা দৌৰি গাঁৱৰ সৰু বাটেৰে যাবলৈ ধৰিলে তেওঁ। গাঁওখনৰ প্রায় বেছিভাগ মানুহ বেঁকী নদীৰ আনটাে পাৰত থকা বাঙাৰপাৰ বজাৰত আছিল যদিও মহিলা আৰু শিশুসকল ঘৰতে আছিল। দৌৰি গৈ থাকোতে বাটত তেওঁৰ মাতৃ আয়েশা খাতুন (৭০)ক লগ পাইছিল। তেওঁ আগে আগে আৰু তেওঁৰ বৃদ্ধ মাতৃ পিছে পিছে। তেওঁৰ মাক বৃদ্ধা আছিল বাবে ভালদৰে দৌৰিব পৰা নাছিল। তেওঁ পাছফালে লক্ষ্য কৰি বুজিব পাৰিছিল যে আজি তেওঁলোকে আৰু জীয়াই থাকিব নোৱাৰিব। বন্দুকধাৰীসকলে পাছে পাছে আহি আছিল, ঘৰত জুই লগাইছে আৰু কিছুমানে প্রাণ ৰক্ষার্থে দৌৰাসকলক গুলীয়াইছে। কিছুসময় দৌৰাৰ পাছত তেওঁ দেখা পালে যে তেওঁৰ মাক ঢলি পৰিল মাটিত। তেওঁৰ মাকৰ শৰীৰৰ পৰা তেজৰ নৈ বৈ যাবলৈ ধৰিছে। তেওঁ স্পষ্টকৈ দেখা পালে যে তেওঁৰ মাকৰ গালৈ লক্ষ্য কৰি ৰজেন বড়ো নামৰ বনকৰ্মীজনে গুলীয়াইছে। যাক তেওঁলোকে বহুত বিশ্বাস কৰিছিল। তেওঁৰ ইচ্ছা গৈছিল বুলেটৰ আঘাতত ঢলি পৰা তেওঁৰ মাকৰ নশ্বৰ দেহৰ কাষলৈ যোৱাৰ বাবে আৰু ৰজেন বড়োক প্রশ্ন কৰাৰ বাবে, বিশ্বাসঘাতকতাৰ পৰিণাম বুজাই দিয়াৰ বাবে। কিন্তু নোৱাৰিলে। তেওঁৰ মাকৰ মৃতদেহ পৰি থাকিল আৰু তেওঁ দৌৰি গৈ থাকিল। সেই সময়ত তেওঁৰ গাত গুলীয়ে ঢুকি পোৱা নাছিল যদিও তেওঁৰ এনে লাগিছিল যেন তেওঁৰ পৰিশ্রমী গাত অজস্র গুলী লাগিছে। সর্বশৰীৰ কপি উঠিছিল, হাত-ভৰিৰ শক্তি নাইকিয়া হৈ পৰিছিল তেওঁৰ। তেতিয়া পূব-পশ্চিম দুয়ো ফালৰ পৰা গুলীয়াই আছিল। তেওঁ কিছুদূৰ যোৱাৰ পাছত তেওঁৰ পুত্ৰক লগ পাই কোনোমতে মানাহৰ ঘন জঙ্গললৈ সোমাই গ’ল। কিন্তু তেওঁৰ পত্নীকন্যাৰ কোনো খবৰ লব নোৱাৰিলে। তেওঁৰ মাকৰ হত্যাকাৰী ৰজেন বড়োৰ লগতে আৰু কেইজনমানক তেওঁ তেতিয়া চিনি পাইছিল। হাতত বন্দুক লৈ চিনি পাইছিল। পাছলৈ গম পাইছিল তেওঁলোকৰ অতি মৰমৰ ৯বছৰীয়া জীয়াৰী মাজনী খাতুনকে ঘাতকসকলে নৃশংসভাৱে পাৱাৰপাম্পত কোবাই হত্যা কৰিছে। সেয়েহে তেওঁ সংকল্পবদ্ধ জীয়াই থকালৈকে গোচৰ চলাই যোৱাৰ বাবে। 
আজিৰন নেছা: আবেলি ২ মান বজাত তাই ঘৰৰ ভিতৰত বহি আছিল, লগত ৰমেজ (২৫) উদ্দিনৰ বায়েক আছিল। সেইসময়ত তেওঁলোকৰ ঘৰৰ পিছফালে কিছু আঁতৰত কাৰোবাক ফোনত বড়ো ভাষাত কথা কোৱা শুনা পাই মনোযোগ দিছিল। কাৰণ ইতিমধ্যে আগৰ দিনাখন নৰসিংবাৰী আৰু বালাপাৰাত বড়ো উগ্রপন্থীয়ে মানুহ হত্যা কৰিছে। তেওঁৰ কথা শুনি আজিৰনৰ সন্দেহ হ’ল— মানুহজনে কৈ আছিল -“এতিয়া গাঁৱত পুৰুষ মানুহ নাই, আহিলে কামটো হৈ যাব। - তাই বড়ো ভাষা ক’ব নোৱাৰে যদিও বুজি পায়। নৰসিংবাৰীৰ হত্যাকাণ্ডৰ পিছত গাঁওখনৰ মানুহৰ মনত তেতিয়াৰ পৰাই শংকা এটা আছিল, যিকোনো মুহুৰ্তত তেওঁলোকৰ গাঁৱত আক্রমণ হ’ব পাৰে, কাৰণ গাঁওখন অতি ভিতৰুৱা। সেইবাবে গাঁৱৰ মানুহবোৰে নিশা সময়ত পহৰাৰ ব্যৱস্থাও কৰিছিল। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আশংকাতেইগাঁৱৰ অধিকাংশ মানুহে বজাৰলৈ গৈছিল কেইবাদিনো চলিব পৰাকৈ খাদ্য-সামগ্রী অনাৰ বাবে। তাই লাহে লাহে ঘৰৰ পৰা ওলাই আহিছিল। তাই মানুহজনক চিনি পাইছিল, তেওঁ বাঁহবাৰী ৰেঞ্জ অফিচত কাম কৰে আৰু মাজে মাজে গাঁওখনলৈ ফুৰিবলৈ আহে। মানুহৰ লগত ঘনিষ্ঠতাও আছে তেওঁৰ। গাঁওখনলৈ আহিলেই কেইবা ঘৰত উপযাচি চাহ একাপ খুজি খায়, তামোল খায়...। সেইবাবে গাঁৱৰ মানুহে তেওঁলোক (বনকর্মী)ৰ ওপৰত নিৰাপত্তা পোৱাৰ ভৰসা কৰিয়ে নৰসিংবাৰীৰ হত্যাকাণ্ডৰ পাছত আলোচনাও কৰিছিল। তাইক দেখা পাইবিজিত বড়োৱে ফোন সমাপ্ত কৰিলে। তেওঁৰ মুখখন মেঘাচ্ছন্ন হৈ আছিল। কোনোদিনেই ইমান চিন্তামগ্ন হৈ থকা দেখা পোৱাৰ কথা মনত নপৰে তাইৰ। এইফালে আহিলে মাত এষাৰ নিদিয়াকৈ গুচি যোৱাৰ কথা তাইৰ মনত নপৰে। কিন্তু সেইদিনা তেওঁ মনে মনে গুচি গ’ল। তেতিয়াও তাইহঁতৰ জীয়াৰী মাজনী খাতুন লগতে আছিল। তাইক কৈছিল- ব’লা আমি ইয়াৰ পৰা গুচি যাওঁ, গণ্ডগোল হ’ব’। তাই এই কথাবোৰ তাইৰ স্বামী হবিবৰক কৈছিল যদিও তেওঁ কথাবোৰ আওকাণ কৰি ম’হ চৰাবলৈ পথাৰলৈ গুচি গৈছিল। গুলীৰ শব্দ শুনা পালে। হাতৰ পৰা শাক বাছি থকা কুলাখন মাটিত থৈ পশ্চিম ফালে চাই দেখা পালে-আমী (সেনা)ৰ পোছাক আৰু হাতত বন্দুক লৈ এজাক মানুহ দৌৰি আহিছে, গুলীয়াইছে, একাংশই ঘৰবোৰত জুই লগাইছে। কিছুমানৰ ক’লা কাপোৰেৰে মুখ বন্ধা আছিল আৰু সাধাৰণ পোছাকত থকাসকলৰ মুখ বন্ধা নাছিল। তাৰে জোন বড়োক চিনি পালে তাই। তেওঁলোকে তাইক দেখা পাই গুলী নিক্ষেপ কৰিলে। দাঁতত কামোৰ দি তাইৰ ফালে চোঁচা ল’লে। তাই দৌৰিবলৈ আৰম্ভ কৰিলে, তাই প্রাণ ৰক্ষাৰ বাবে আগে আগে আৰু তাইক হত্যা কৰিবলৈ পিছে পিছে ঘাতকসকল...। তেতিয়াও তাই মাজনীৰ কথা পাহৰি যোৱা নাছিল, দৌৰি থাকোঁতেই চিঞৰি আছিল মাজনীক বিচাৰি। মা মাজনী তুমি ক’ত, মা মাজনী তুমি মোৰ কাষলৈ আহা বুলি চিঞৰি আছিল তাই... কিন্তু মাজনীক বিচাৰি পোৱা নাছিল তাই। তাইৰ বাৰে বাৰে মনত পৰিছিল কণমানিজনীৰ কথা, বাৰে বাৰে তাইক মাজনীয়ে অনুৰোধ কৰিছিল- ব’লা মা আমি গুচি যাওঁ ...। বলিয়াৰ দৰে হৈ কিছুদূৰ অতিক্রম কৰি মাজনীৰ জেঠাইতৰ ঘৰ পালে। তাতেও হুলস্থল লাগিছে। নিজৰ জীৱনটো ৰক্ষা কৰাৰ বাবে প্রত্যেকেই চেষ্টা কৰিছে। ইতিমধ্যে আজিৰনৰ পাছে পাছে আহি থকাকেইজনে পুনৰ গুলীয়াবলৈ ধৰিলে। সকলোৱে পুনৰ দৌৰিবলৈ আৰম্ভ কৰিলে। কেইজনমানে পূব ফালে (বেঁকী নদী) আৰু কেইজনমানে উত্তৰ ফালে (মানাহ অভয়াৰণ্য) দৌৰিবলৈ আৰম্ভ কৰিলে। মানাহ অভয়াৰণ্যৰ সীমাৰে লুংলুঙীয়া পথ আছে। পথটোৰ ওচৰতে গাঁওখনৰ মধ্যস্থল হোৱাকৈ ঘটনাৰ পাছত আৰক্ষীৰ পহৰা কেম্প স্থাপন কৰিছে। তাতে উপস্থিত হৈ তাই আৰু কেইবাজনো মানুহ লগ পালে, যিসকলে প্রাণৰ মমতাত দৌৰি আহিছে। মাতৃ হৃদয়ৰ যুগমীয়া প্রশ্নটাে তাতেও কৰিলে- কোনোবাই মাজনীক দেখা পাইছে নেকি বুলি, তাই তাইৰ দেউতাকৰ লগত গৈছে বুলি কোনোবাই উত্তৰ দিলে। সেই সময়ত কোনেও যেন কাৰো কথা শুনিবলৈ প্রস্তুত নাছিল, জ্বলি থকা ঘৰৰ টিনপাট আৰু বাঁহ ফুটাৰ শব্দ, বুলেটৰ শব্দই কাণত তাল মাৰি ধৰিছিল। মানুহবোৰ ছত্রভঙ্গ হৈ পৰিল। চাৰিও ফালে গুলীৰ তীব্র শব্দ আৰু মানুহৰ হিয়া ভগা কান্দোন। অসহায় মানুহবোৰে কান্দিছে। তাইৰ হৃদয়ে হাহাকাৰ কৰি উঠিছে। তাই জীৱনলৈ এনেকুৱা ভয়ংকৰ অনুভূতি কেতিয়াও অহা নাছিল। আত্মৰক্ষাৰ বাবে মানাহৰ ঘন জঙ্গললৈ সোমাই গ’ল মানুহবোৰ। তাই নিজেও সোমাই গ’ল, যদিও যোৱাৰ ইচ্ছা নাছিল। কাৰণ তাই পৰিয়ালৰ কাকো বিচাৰি পোৱা নাছিল। জঙ্গলেৰে গৈ থাকোতে বহুতক লগ পালে, কিন্তু স্বামী, পুত্র, জীয়াৰী কাকো লগ নাপালে তাই। অৱশেষত তাই জঙ্গলেৰে গৈ গৈ বেঁকী নদীৰ পাৰ পালেগৈ। বেঁকী নদীৰ পাৰে পাৰে হত্যাকাৰীসকলে বন্দুক হাতত লৈ নদীত সাঁতুৰি প্রাণ ৰক্ষা কৰাৰ চেষ্টা কৰাসকলক গুলীয়াই আছিল। তাইক লক্ষ্য কৰিও কেইবাবাৰো গুলী কৰা হৈছিল। কিন্তু পানীৰ মাজত বাৰে বাৰে ডুব মাৰি তাই নিজৰ প্ৰাণ ৰক্ষা কৰিলে।