ফৰিদাৰ মৰণকাতৰ অনুৰোধ..........

ফৰিদাৰ মৰণকাতৰ অনুৰোধ পাহৰিব পৰা নাই আছৰ আলীয়ে

২৮ বছৰীয়া আছৰ আলীয়ে নিজৰ ঘৰৰ ওচৰত থকা জলকীয়া খেতিৰ বন চাফা কৰি আছিল। তেনেতে গাঁৱৰ পশ্চিম ফালৰ পৰা মানুহৰ জাক দৌৰি অহা দেখা পালে। মানুহ আতংকিত হৈ দৌৰি আহিছিল আৰু প্রচণ্ড গুলীয়াগুলীৰ শব্দ তেওঁৰ কাণত পৰিছিল। তেওঁ কেইবাজনকে কি হৈছে বুলি প্রশ্ন কৰিছিল যদিও কাৰো যেন থিয় হৈ তেওঁৰ কথাৰ উত্তৰ দিয়াৰ সময় নাছিল। প্রাণৰ মায়াত হৰিণাই দৌৰি পলোৱাৰ চেষ্টা কৰাৰ দৰে দৌৰিছে শিশু কোলাত লৈ মহিলাসকল......। ইতিমধ্যে তেওঁৰ পত্নী-পুত্ৰসকলে মানুহৰ লগে লগে দৌৰিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ একো বুজিবলৈ বাকী নাথাকিল। তৎক্ষণাৎ চোতালতে থকা নাৱৰ বঠাখন হাতত তুলি ল’লে। লাগতিয়াল বয়বস্তু অনাৰ বাবে গাঁওখনৰ প্রায় প্রত্যেকৰে একোখনকৈ নাও আছে।
ইতিমধ্যে অস্ত্ৰধাৰীসকল তেওঁলোকৰ ফালে আগবাঢ়ি আহি আছিল। তেওঁ ঘৰৰ ভিতৰলৈ সোমাই ২০,০০০ নগদ টকা আৰু মোবাইলটো অনাৰ সুবিধাও নাপালে। তেওঁ সৰু নাওখনেৰে নদীখন পাৰ হৈ প্রাণ ৰক্ষা কৰাৰ পিছে পিছে দৌৰিবলৈ আৰম্ভ কৰিলে। জঙ্গলৰ মাজেৰে বহুতো মহিলাই কেচুৱা কোলাত লৈ দৌৰিছে, গাভৰুহঁতে দৌৰিছে... সকলোৱে দৌৰিছে, উজুটি খাইছে, কাৰোৱেই কাৰো ফালে চাবলৈ সময় পোৱা নাই। জঙ্গলেৰে উজনিলৈ আগবাঢ়ি গৈ নদীৰ পাৰলৈ গ’ল। সৰু কাঠৰ টুকুৰা এটাক সাৰথি কৰি তেওঁলোকে সাঁতুৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ৯ বছৰীয়া পুত্র জলিল আলী আৰু পত্নীক লগত লৈ সাঁতোৰাৰ সময়ত ভালকৈ সাঁতুৰিব নজনা ১৪ বছৰীয়া ফৰিদা খাতুনে কান্দি কান্দি তেওঁক অনুৰোধ জনাইছিল- ‘মোক বচোৱা’ বুলি। কিন্তু কোনে কাক বচায়, প্রত্যেকেই নিজৰ জীৱনটো ৰক্ষা কৰাৰ বাবে নদীত জাপ মাৰিছে। তেওঁলোকেও জাপ মাৰিলে। কাঠৰ টুকুৰাই তেওঁলোকৰ একমাত্র সঙ্গী। নদীখন পাৰ হ’বলৈ প্রাণপণে চেষ্টা কৰিছিল যদিও নদীৰ প্রবল সোতে তেওঁলোকক ভটিয়াই লৈ গৈ আছিল, নদীৰ পানীত কেতিয়াবা তেওঁলোক ডুবি গৈছিল আৰু পলকতে ভাহি উঠিছিল। প্রাণৰ মায়াত সাঁতোৰা মানুহবোৰকো হত্যাকাৰীসকলে ৰেহাই দিয়া নাছিল। নেন’ বাটৰ ওচৰত থিয় হৈ থকা জয়ন্ত বড়ো, হিমাংশু, কীর্তি বড়ো, অনিল বড়ো আৰু বিজিত বড়ো আদিয়ে সাঁতুৰি নদী পাৰ হ’ব বিচৰা মানুহবোৰলৈ ধাৰাসাৰে গুলীবর্ষণ কৰিবলৈ আৰম্ভ কৰিছিল। ফৰিদাৰ গাত গুলী লাগিল। তাই আৰু সাঁতুৰিব নোৱাৰিলে। আমাৰ মূৰৰ ওপৰেৰে গুলী পাৰ হৈ গৈছিল, ফৰিদাই কাঠৰ টুকুৰা এৰি দি পানীত উটি গৈ আছিল, তাইৰ গাৰ তেজেৰে যেন নদীখন ৰাঙলী হৈ পৰিছিল। নদীখন তেতিয়া ৰক্তাক্ত হৈ পৰিছিল, সপোনৰ ঘৰখন পুৰি উটি যোৱা ছাইবোৰ আমাৰ গাত পৰিবলৈ আৰম্ভ কৰিছিল আৰু মানুহৰ মৰণকাতৰ চিঞৰ আমাৰ কাণত বাজিবলৈ ধৰিছিল।’ আমি আছৰ আলীৰ লগত কথা পাতি থকা সময়ত তেওঁ কেইবাবাৰো কৈছিল ফৰিদাৰ কথা। তাই কান্দি কান্দি সহায় বিচাৰিছিল, কিন্তু তাইক সহায় কৰিব নোৱাৰি নিজকে আজিও শান্ত কৰিব পৰা নাই। তাইৰ কাতৰ মুখখন তেওঁ পাহৰিব পৰা নাই। পাষণ্ডহঁতে শাস্তি নাপালে ফৰিদাৰ আত্মাই শান্তি নাপাব। শান্তি নাপাব কণ কণ শিশু আৰু মহিলাসকলৰ আত্মাই।