৫ জনকৈ আত্মীয়ক হেৰুৱালে ৰমজান আলীয়ে

৫জনকৈ আত্মীয়ক হেৰুৱালে ৰমজান আলীয়ে
মানুহজন সুস্বাস্থ্যৱান, বয়স ৩৫ বছৰ। দিল্লীত শ্রমিকৰ ঠিক কাম কৰে তেওঁ। ঘটনাৰ এমাহমান পূর্বে ঘৰলৈ আহিছিল তেওঁ। ঘৰত থকা সময়ত বেঁকীৰে বৈ যোৱা কাঠৰ খৰি ধৰে, শিলৰ কুৱেৰীত কাম কৰে। ঘটনাৰ পিছদিনাখন মানুহজনে চিঞৰি চিঞৰি কান্দি আছিল। তিনি-চাৰিজন মানুহে তেওঁক কোনোমতে নিয়ন্ত্রণ কৰিবলৈ যত্ন কৰিছিল যদিও সিহঁতৰ চকুবোৰো সেমেকা হৈ পৰিছিল। আৰু তেওঁ সাবটি ধৰা কেচুৱা দুটাইও অসহায়ভাৱে কান্দি আছিল। সেইদিনাখন মানুহজনৰ লগত কথা পাতিব নোৱাৰিলো। কথা পতাৰ বাবে সাহস গোটাব নোৱাৰিলো। কিন্তু জানিব পাৰিলো তেওঁৰ বৃদ্ধ মাতৃ, পত্নী, তিনিজন সন্তানক হত্যা কৰা হৈছে। ঘটনাৰ পিছত কেইবাদিনো তেওঁ খাব পৰা নাছিল, শুব পৰা নাছিল, নির্মল বায়ু সেৱন কৰিব পৰা নাছিল।

ৰমজান আলীৰ লগত মই যিমান পাৰো সতকতাৰে কথা পাতো, তেওঁ বৰ বেছিকৈ আৱেগিক হ’ব নোৱাৰাকৈ। তেওঁ অভিশপ্ত ২ মে’ তাৰিখে আবেলি ৩.৪৫ বজাত ভাঙাৰপাৰ বজাৰৰ পৰা ঘৰলৈ উভতি আহি আছিল। তেওঁ বেঁকীৰ পূবৰ সুতি পাৰ হৈ মাজত থকা প্রায় দুই কিলোমিটাৰ শিল-বালিৰ চৰ পাৰ হৈ শেষৰ সুতি পাইছিল। ঘৰত উপস্থিত হোৱাৰ পাছতেই বেহাতিৰ বাবে শ্বাহিনুৰে বাট আগচি ধৰিব বুলি জানি তেওঁ বেলেগে বেলেগে টােপোলা বনাই আনিছিল। ঘৰৰ পাঁচজন ল’ৰা-ছোৱালীৰ মাজত বজাৰৰ পৰা অনা বেহাতিক লৈ আনন্দৰ বন্য উঠে। কথাবোৰ মনত পৰিলে ৰমজানৰ নিজৰ শৈশৱৰ কথা মনত পৰে। শৈশৱৰ কথা ভাবি ভাবি থাকোতে তেওঁৰ কাণত হঠাত্ গুলীৰ শব্দ পৰিল। প্রথমে তেওঁ সেইবোৰ বনকর্মীয়ে বনৰীয়া জীৱ-জন্তু খেদাৰ বাবে ব্যৱহাৰ কৰা গুলী বুলি ভাবিছিল। কিন্তু গুলীৰ শব্দ তীব্রতৰ হোৱাৰ বাবে আৰু মানুহৰ চিঞৰৰ শব্দ কাণত পৰা বাবে তেওঁ ভাবনাৰ সাগৰৰ পৰা ওলাই আহি সন্মুখৰ গাঁওখনলৈ চালে। গাঁওখনলৈ চকু পৰাৰ লগে লগে হাতৰ পৰা মোনাখন সৰকি পৰি গ’ল তেওঁৰ। তেওঁৰ শৰীৰৰ সকলো শক্তি যেন নাইকিয়া হৈ পৰিল। শিল পৰা কপৌৰ দৰে তেওঁ মাটিত বহি পৰিল। বহু চেষ্টা কৰিও তেওঁৰ মুখেৰে কোনো শব্দ উলিয়াব নোৱাৰিলে। পকেটত থকা মোবাইলটোৰ কথাও তেওঁ পাহৰি গ’ল। কথাখিনিৰ বৰ্ণনা দিবলৈ গৈ তেওঁ কৈছিল— ‘মোৰ যে কি হৈছিল তেতিয়া, মই শূন্যত আছিলো নে মাটিত একো বুজিব পৰা নাছিলো। পৃথিৱীখন যেন কপি আছে, আকাশখন যেন মূৰৰ ওপৰত ভাগি পৰিছে, বুকুৰ ওপৰত যেন প্রকাণ্ড শিল এচপৰা উঠাই দিছে কোনোবাই।’ আমাৰ ঘৰখন তেতিয়া জ্বলি আছিল। নদীখনৰ পশ্চিম পাৰত থকা মুকলি পথাৰখনত ৩০-৩৫ জনীয়া এদল অস্ত্রধাৰী যুৱক। আগে আগে মহিলা, কেচুৱা, মোৰ মা, মোৰ পত্নী, মোৰ সন্তান। — ধাৰাসাৰ গুলী বর্ষণত তেওঁৰ মাক ঢলি পৰিল। তাৰ পিছত তেওঁৰ পত্নী, তেওঁৰ সন্তান আৰু বহুতো...। বহুতে নদীত জপিয়াই পৰিছে।নদীৰ কোবাল সোঁতত সাঁতুৰিবলৈ ধৰোতে গুলীয়াইছে। নদীৰ পাৰত আৰ লৈ বহি থকাসকলকো গুলীয়াইছে। কি যে কৰুণ আর্তনাদ, হিয়া ভগা চিঞৰ, ৰক্ষা কৰোতা যেন কোনো নাই। ‘মোক নামাৰিবা, তুমিতো মোৰ খুৰা –সৰু সৰু কেইটিমান শিশুৱে এইদৰে কাতৰ অনুৰোধ কৰিছে। কোনোবাই আল্লাহৰ দোহাইদিছে। কোনোবাই মার্থেী কান্দিছে,নদীত জপিয়াইছে, নদীৰ পানীত ডুবিছে-ভাহি উঠিছে.......... তেতিয়া বাৰুদৰ ধোৱাৰে আকাশ আবৃত হৈ পৰিছিল। ঘৰবোৰ পুৰি ছাইবোৰ আকাশত উৰিছিল আৰু তেওঁ নদীৰ সিটো পাৰৰ পৰা সকলো চাই আছিল, জড় পদার্থৰ দৰে...। তেওঁৰ ১১ বছৰীয়া কন্যা ৰমেনা খাতুন আৰু ১০ বছৰীয়া পুত্র জাহেনুৰ ইছলামে নদীখন সাঁতুৰি পাৰ হৈ তেওঁৰ ওচৰ পালে। কিন্তু তেওঁৰ মাতৃ হাছনা বেওৱা(৬০), পত্নী জাহানাৰা খাতুন(৩২), কণমানি কেচুৱা ছুফিয়া খাতুন(৩) আৰু পুত্র শ্বাহিনুৰ ইছলাম (৯) তেওঁৰ ওচৰলৈ অহা নাছিল। তেওঁলোক ঘাতকৰ বলি হৈ শ্বহীদ হৈছিল। গুলীয়াই মানুহক হত্যা কৰা অস্ত্ৰধাৰী যুৱকৰ দলটােৰ অধিকাংশৰেই মুখবোৰ ক’লা কাপোৰেৰে বন্ধা দেখা পাইছিল তেওঁ। কিন্তু মুখ নবন্ধা ৰাজেন বড়ো, কীর্তি বড়ো আৰু দীনেশ বড়োক তেওঁ চিনিব পাৰিছিল। এই তিনিওজন বনকর্মী। তেওঁ বনকৰ্মীসকলৰ এই চৰিত্ৰ দেখি হতভম্ব হৈ পৰিছিল। এই তিনিওগৰাকীৰ বিৰুদ্ধে তেওঁ এজাহাৰ দাখিল কৰিছে আৰু আৰক্ষীয়ে ৰাজেন বড়োক কৰায়ত্ত কৰিছে যদিও বাকীবোৰক কৰায়ত্ত নকৰাত ক্ষোভ প্রকাশ কৰিছে তেওঁ। মই লক্ষ্য কৰিলো যে তেওঁ কথাবোৰ মোৰ আগত বর্ণনা দিবলৈ গৈ বাৰে বাৰে মাটিৰ ফালে চাই নীৰৱ হৈ পৰিছিল। তেওঁৰ চকু ৰঙা হৈ পৰিছিল। দুখৰ কথা যে তেওঁৰ পুত্র শ্বাহিনুৰ ইছলাম আৰু একে গাঁৱৰে আজিমুদিনৰ পুত্র ৰাশিদুল ইছলাম(৫)ৰ মৃতদেহে বিচাৰি নাপালে প্রশাসনে। প্রশ্ন হয়— ৰমজান আলী সুখী হ’ব পাৰিবনে পাঁচজনকৈ আত্মীয়ক হেৰুৱাই ? — আপুনি পাৰিবনে সুখী হ’ব? ন্যায় পাবনে ৰমজান আলীয়ে