পাতনিৰ পৰিৱৰ্তে

নাৰায়ণগুৰিৰ গণসমাধিত মানৱতাৰ বীজ ছটিওৱাৰ এক ক্ষুদ্র প্রয়াস 
সাজাহান আলী আহমেদৰ ‘বিষাদলেণ্ড নাৰায়ণগুৰি’

—ড° হাফিজ আহমেদ 
 সভাপতি, চৰ-চাপৰি সাহিত্য পৰিষদ

সমগ্র বিশ্বতে অসমৰ নাম কলংকিত কৰা নেলী গণহত্যাৰ অপৰাধীসকলে তেতিয়াই অসমৰ বংগমূলীয় মুছলমানসকল পৰিণত হৈছিল এচাম উগ্র জাতীয়তাবাদী, ফেচিষ্ট, ধর্মান্ধ তথা উগ্রপন্থীৰ সহজলভ্য চিকাৰত। অসম আন্দোলনৰ সময়ত এই সম্প্রদায়ৰ কেইবা হাজাৰো লোকে তথাকথিত অসমপ্রেমীহঁতৰ হাতত প্রাণ দিয়াৰ পাছত বড়ো আন্দোলনৰ সময়তো সহস্রাধিক লোকে উগ্রপন্থীৰ হাতত প্রাণ দিবলগীয়া হৈছে। ১৯৯৪ চনত বাঁহবাৰীত চৰকাৰী আশ্রয় শিবিৰত আক্রমণ কৰি শতাধিক বংগমূলীয় মুছলমানক হত্যা কৰা হৈছিল, আশ্রয় শিবিৰ জ্বলাই দি অগ্নিদগ্ধ কৰি বিশেষকৈ মহিলা আৰু শিশুসকলক হত্যা কৰা হৈছিল। একমাত্র পেলেষ্টাইনৰ ছাটিলা আৰু ছাব্রা নামৰ ঠাই দুডোখৰত ইহুদিসকলে এইদৰে চৰকাৰী আশ্রয় শিবিৰ জ্বলাই দি আশ্রয়প্রার্থীক হত্যা কৰাৰ বাহিৰে বিশ্বৰ ক’তো এনে নজিৰ পাবলৈ নাই। বাঁহবাৰী কাণ্ডৰ পিছত সাহায্যৰ কামত জড়িত এজন কমী ৰূপে ভুক্তভোগীসকলৰ কাহিনী শুনি, অগ্নিদগ্ধ দেহাবোৰ প্রত্যক্ষ কৰি আমাৰ ধাৰণা হৈছিল এনে জঘন্য কাণ্ডবোৰ যেনিবা হিটলাৰৰ গেষ্টোপো বাহিনীয়েহে সমাধা কৰিছে!

ধর্মনিৰপেক্ষ, গণতান্ত্রিক, গণৰাজ্য ভাৰতবৰ্ষৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে এনে গণহত্যাকাৰীসকলক কিন্তু শাস্তি দিয়াৰ পৰিৱর্তে ৰাজপাটত বহাৰ বাটহে মোকলাই দিছিল। ফলত বংগমূলীয় মুছলমানসকলক সাধাৰণ অজুহাততে হত্যা কৰাটো বড়ো উগ্রপন্থীৰ বাবে ভাতৰ লগত পানী খোৱাৰ দৰে সহজ হৈ পৰিছিল। ১৯৯৩–৯৪ চনৰ কোকৰাঝাৰ, বঙাইগাঁৱৰ হত্যাকাণ্ডৰ পৰা আৰম্ভ কৰি ২০০৮ চনৰ দৰং-ওদালগুৰিৰ গণহত্যাকাণ্ড, ২০১২ চনৰ কোকৰাঝাৰ, চিৰাঙত সংঘটিত

হত্যাযজ্ঞ আদি নির্বিবাদে উগ্রপন্থীহতে চলাই গ’ল। কিন্তু চৰকাৰ নামৰ যন্ত্ৰটো অন্ধ ধৃতৰাষ্ট্র হৈয়ে থাকিল। বিটিএডিবাসীৰ অবড়োসকলৰ ধন-জনৰ নিৰাপত্তাৰ কথা, অবৈধ মাৰণাস্ত্র জাদ কৰাৰ কথা, গণ হত্যাকাণ্ডবোৰৰ বাবে দোষী লোকসকলক শাভি প্রদানৰ কথা কেতিয়াও চৰকাৰে নাভাবে । অসমৰ কেইগৰাকীমান শুভ বুদ্ধিসম্পন্ন বুদ্ধিজীৱীৰ বাহিৰে কোনেও এনে ঘটনাৰ নিন্দাও নকৰিলে। অসমৰ তথাকথিত সুশীল সমাজ (Civil Society)ও মনে মনে থাকিল। সেয়ে বড়ো উগ্রপন্থীৰ হত্যাযজ্ঞ ইয়াৰ পিছতো চলিয়ে থাকিল। ২০১৪ চনৰ লোকসভা নির্বাচনত বিপিএফ দলৰ প্রার্থীগৰাকীৰ পৰাজয় নিশ্চিত হোৱাৰ পিছত ষড়যন্ত্রমূলকভাৱে বিপিএফ দলৰ নেত্রী প্রমীলাৰাণী ব্ৰহ্মই লোকসভা নির্বাচনত মুছলমানে বিফিএফ দলক ভোট দিয়া নাই বুলি ৰাজহুৱাভাৱে ঘোষণা কৰে। ইংগিতটো আছিল এনে ধৰণৰ— মুছলমানে আমাক ভোট নিদিবলৈ সাহস কৰা হ’ল, ইহঁতক এশিকনি দিব লাগে। এনে ইংগিতৰ ফলতে ২০১৪ চনৰ ১ মে’ তাৰিখে নৰসিংবাৰীত উগ্রপন্থীয়ে ৩জন মুছলমান লোকক গুলীয়াই হত্যা কৰে। গোসাইগাঁৱৰ বালাপাৰাতো হত্যা কৰে এই সম্প্রদায়ৰ ৮জন লোকক আৰু ২ মে’ তাৰিখে নাৰায়ণগুৰিত বনৰক্ষী বাহিনীৰ নেতৃত্বত নৃশংসভাৱে হত্যা কৰা হয় অর্ধশতাধিক লোকক। নাৰায়ণগুৰিৰ এই হত্যাকাণ্ডৰ পিছত উগ্রপন্থীৰ নৃশংসতা দেখি আমি স্তব্ধ হৈ পৰিছিলো। ন্যায়ৰ বাবে বাট বিচাৰিছিলো। ৰাষ্ট্ৰীয় পর্যায়তো অনেক সমাজকর্মী, মানৱতাবাদী লোকৰ কাষ চাপিছিলো। সেই সময়তে লগ পাইছিলো সাজাহান আলী আহমেদ নামৰ এইখন গ্রন্থৰ লেখকক। হত্যাকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এইজন যুৱকে আহতসকলৰ চিকিত্সাৰ ব্যৱস্থা কৰাৰ পৰা আৰম্ভ কৰি বর্তমানলৈকে নাৰায়ণগুৰিৰ গণহত্যাৰ ন্যায়ৰ বাবে যুঁজি আছে। নাৰায়ণগুৰিৰ ঘটনাৱলী নিচেই ওচৰৰ পৰা তেওঁ প্রত্যক্ষ কৰি অভিজ্ঞতা অর্জন কৰিছে আৰু সেই অভিজ্ঞতাই এই গ্রন্থৰ মূল বিষয়বস্তু। অকল নাৰায়ণগুৰিয়েই নহয়, ২০১৩ চনৰ পৰাই বর্তমানলৈ সংঘটিত হোৱা প্রতিটো জঘন্য হত্যাকাণ্ডৰ কথাই গ্রন্থখনত লেখকে বর্ণনা কৰিছে, ঘটনাবোৰৰ মাজলৈ তেওঁ সোমাই গৈছে। বিষাদলেণ্ড নাৰায়ণগুৰিৰ বিষাদে বহুতকে দুঃখিত কৰিব। অনেককে সচেতন কৰি তুলিবলৈ সক্ষম হ’ব।

অসমৰ নিপীড়িত জনগোষ্ঠীবোৰৰ ওপৰত সংঘটিত হোৱা এনে জঘন্য ঘটনাবোৰৰ অধিকাংশৰে সঠিক তথ্যপাতি পাবলৈ নাই। আনকি বংগমূলীয় মুছলমান কোনো লেখকেই এনে ঘটনাবোৰক কেন্দ্ৰ কৰি কোনো গ্রন্থও ৰচনা কৰা নাই। নেলী, নগাবন্ধা, চাউলখোৱাৰ দৰে অনেক কাহিনীয়েই ৰৈ গৈছে পৰ্দাৰ আৰত। সাজাহান আলী আহমেদৰ ‘বিষাদলেণ্ড নাৰায়ণগুৰি সম্ভৱতঃ এই জনগোষ্ঠীৰ লেখকে ৰচনা কৰা এইধৰণৰ প্ৰথমখন গ্রন্থ হ’ব।

সহজ-সৰল ভাষাত লিখিত গ্রন্থখনে পাঠকক অনেক নজনা কথাৰ সম্ভেদ দিব। মানৱতাৰ বধ্যভূমিত পৰিণত হোৱা বিটিএডিৰ ঘাতকসকলৰ স্বৰূপ বুজি পোৱাতো গ্রন্থখনে সহায় কৰিব।

এগৰাকী উদীয়মান লেখকৰ গ্ৰন্থ ৰূপে ‘বিষাদলেণ্ড নাৰায়ণগুৰিত নানা ভুল-ভ্রান্তি থাকিব পাৰে, কিন্তু এই কথা মানি ল’বই লাগিব যে নিজৰ সমাজখন, নিজৰ সম্প্রদায়ক সর্বান্তকৰণে ভাল পোৱা লেখকে গ্রন্থখনি ৰচনা কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিশ্রম কৰিছে আৰু পাঠক সমাজে আদৰি ল’লেহে তেওঁৰ এই শ্রম সার্থক হ’ব।

—ড° হাফিজ আহমেদ 
 সভাপতি, চৰ-চাপৰি সাহিত্য পৰিষদ

ক্ৰমশঃ>>>