জালাল উদ্দিনৰ কথাৰে

জালাল উদিনৰ কথাৰে...
তেওঁ বজাৰৰ পৰা উভতি অহাৰ সময়ত শেষৰখন নদী পাইছিল। প্রায় দুই কিলোমিটাৰ বহল বেঁকীখনৰ মাজে মাজে শিল-বালিৰ চৰ পৰিছিল। মাজে মাজে সৰুনদীৰ দৰে নিজৰাৰ সৃষ্টি হৈহিমালয়ৰ পৰা মানাহ অভয়াৰণ্যৰ মাজেৰে পানী নামি আহিছিল। এক কিলোমিটাৰমাননামনিত গোটেইবোৰ নিজৰা একত্রিত হৈ শক্তিশালীভাৱে বেকী নামেৰে পৰিচয় লাভ কৰিছে। তেওঁ ভাঙাৰপাৰ বজাৰৰ পৰা প্রয়োজনীয় সামগ্রী ক্রয় কৰি শেষৰটো নিজৰা পাইছিল। বাকীবোৰ নিজৰাতকৈ এইটো খৰস্রোতা আৰু বহল থকা বাবে এইটাে পাৰ হোৱা যথেষ্ট বিপদসংকুল। নাও লৈ পাৰ হ’বলৈ মনস্থ কৰোতেই তেওঁ গাঁওখনৰ প্রতি অহা ভয়ংকৰ বিপদৰ সংকেত লাভ কৰিছিল। মাত্র ৩শ মিটাৰমান দূৰত অৱস্থিত গাঁওখনত হতভম্ব হ’ল। হৈছে, ঘৰবোৰ জ্বলাই থকা হৈছে। ভয়াতুৰ মানুহে আশ্রয় বিচাৰি বীট অফিচৰ ওচৰত গোট খাইছে। আৰু বনকৰ্মীসকলে সিহঁতৰ ফালে লক্ষ্য কৰি গুলীয়াই আছে। তেতিয়া মানুহবোৰে তাৰ পৰা দৌৰি পলাবলৈ ধৰিছে। কিছুমানে জঙ্গললৈ আৰু কিছুমানে নদীত জাঁপ দিয়াৰ বাবে দৌৰিছে। একাংশই নাৱত উঠিছে। নাৱত উঠাসকলকো বনকৰ্মীসকলে গুলীয়াইছে। তেওঁ স্পষ্টভাৱে চিনি পালে গুলীয়াই সর্বসাধাৰণ গাঁওবাসী, শিশু, মহিলাসকলক খেদি খেদি হত্যা কৰি আছিল ৰজেন বড়ো, বিজিত বড়ো, জোন বড়ো আৰু ক’লা কাপোৰেৰে মুখ বান্ধি সেনাৰ পোছাকত অহা অচিনাক্ত ঘাতকৰ দলে। তেওঁলোকে শিশুসকলক নদীৰ মাজলৈ দলিয়াই দিছে...। ঘাতকসকলে গুলীয়াই নদীৰ পাৰেৰে উত্তৰ ফালে গুচি গৈ মানাহৰ ঘন জঙ্গলৰ ভিতৰত হেৰাই গৈছিল। তেতিয়াও গাঁৱৰ ঘৰবোৰ জ্বলি আছিল, মানুহৰ আর্তনাদ অব্যাহত আছিল। বেঁকীৰ পানী তেজেৰে ৰাঙলী হৈ পৰিছিল। মৃতদেহবোৰ ভাহি আহিবলৈ ধৰিছিল, প্রাণ ৰক্ষা কৰাৰ বাবে সাঁতুৰি নদী পাৰ হ’ব ধৰাসকলকো গুলীয়াইছিল যদিও তাৰে একাংশই প্রাণ বচাই তেওঁ থিয় হৈ থকা পাৰলৈ আহি পাইছিল। ঘাতকসকল আতৰি গ’ল। ইয়াৰফুলৰ নেতৃত্বত কেইবাজনো মানুহ আহিল, আৰক্ষী আহিল। তেওঁলোকে নৈখন পাৰ হৈ গাঁৱৰ ভিতৰলৈ সোমাই গ’ল। গাঁৱৰ একেবাৰে পশ্চিম প্রান্তত উপস্থিত হৈ ৰমেজ উদ্দিন (১৬)ক দেখা পালে। তেওঁৰ সৰ্বশৰীৰ তেজেৰে ৰাঙলী হৈ আছিল। বুলেটে ভেদ কৰিছিল তেওঁৰ বুকু, মুখ, বাহু আদিত, চোকা অস্ত্রেৰে কোবাইছিল। তেতিয়াও জীয়াই আছিল তেওঁ। সেই সময়ত ৰমেজ উদ্দিনৰ ভাতৃ সমেজ উদ্দিনো তেওঁলোকৰ লগত আছিল। মৃত্যুৰ লগত যুঁজি থকা ৰমেজে এটোপাল পানীৰ বাবে হাহাকাৰ কৰি আছিল। তেওঁলোকে ৰমেজক পানী খাবলৈ দিছিল। কোনে তেওঁক এনে অৱস্থা কৰিলে বুলি সুধিলে তেওঁলোকে। নিজাম বড়ো, ৰজেন বড়ো, মল্লজিত্ খেৰকটাৰী আদি কৰি কেইজনমানৰ নাম ক’লে তেওঁলোকৰ আগত। নামবোৰ উচ্চাৰণ কৰোতে যথেষ্ট কষ্ট অনুভৱ কৰিছিল তেও | ৰমেজক তেওঁলোকে টিনপাটৰ ওপৰত উঠাই চিকিত্সাৰ বাবে লৈ যোৱাৰ ব্যৱস্থা কৰিলে। কিন্তু তেওঁ বৃহত্ নদীখন পাৰ হোৱাৰ পূর্বেই মৃত্যুবৰণ কৰিলে। তেওঁৰ পৰিয়ালৰ সকলো সদস্য মানাহৰ ঘন জঙ্গলত লুকাই আছিল। সন্ধিয়া সময়ত উদ্ধাৰকাৰীসকলে মছজিদৰ মাইকেৰে সকলো মানুহক ওলাই অহাৰ বাবে আহবান জনোৱাৰ ঘোষণা শুনি ওলাই আহিছিল। কিন্তু তেওঁ বিচাৰি পোৱা নাছিল তেওঁৰ ৭ বছৰীয়া পুত্র ছামছুল হকক। পুত্ৰশোকত ক্রিয়মাণ হৈ উদ্বাউল হৈ পৰিছিল তেওঁ আৰু তেওঁৰ পত্নী। অৱশেষত ঘটনাৰ আঠ দিন পাছত তেওঁলোকৰ পুত্ৰক বিচাৰি পালে।কিন্তু তেওঁৰ পুত্রই দেউতা বুলি মতা নাছিল, মা বুলিও মতা নাছিল। তাৰ পৰিৱৰ্তে ছামচুলৰ দেহৰ পৰা নির্গত হৈছিল দুৰ্গন্ধ.... বৰপেটা জিলাৰ জয়পুৰ বজাৰৰ ওচৰৰ বেঁকী নদীৰ ঘাটত ১০ মে’ তাৰিখে ছামচুলৰ মৃতদেহ বিচাৰি পোৱা গ’ল। সেয়েহে তেওঁলোকে উপযুক্ত বিচাৰ নাপালে হত্যাকাৰীসকলক চূড়ান্ত শাস্তি প্রদানৰ বাবে যুঁজি যাব......।