এটা ফোনকল, তিনিটা মৃত দেহ আৰু বহুতো....

এটা ফোনকল, তিনিটা মৃতদেহ আৰু বহুতো...



১ মে’ ২০১৪, এটা ফোন কল আৰু তিনিটা মৃতদেহ, দুজন আহত৷ সন্ধিয়া প্ৰায় জ্জ.৩০ বজাত মোৰ মোবাইললৈ এটা ফোনকল আহিছিল৷ মই তেতিয়া বৰপেটাৰোডত বহি বাতৰি লিখি আছিলো৷ মোৰ লগত মোৰ বন্ধু শাকিল আহমেদ আছিল৷ শ্ৰমিক দিৱস হোৱা হেতুকে বৰপেটাৰোডৰ পাইকাৰী পাচলি বজাৰত শ্ৰমিক দিৱস উদ্‌যাপন কৰি থকা হৈছিল৷ মাইকত বাজি আছিল ভিন্ন স্বাদৰ গীত৷ ফোনটো আহিছিল নৰসিংবাৰীৰ পৰা৷ মই সাংবাদিকতাৰ লগতে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন [আমছু]ৰ শালবাৰী [বাক্সা] জিলা সমিতিৰ সভাপতিৰ দায়িত্বত থকা বাবে গাঁওখনৰ পৰা আমাৰ সমিতিৰে সাংগঠনিক সম্পাদক ৰহিম খানে ফোন কৰিছিল৷ তেওঁৰ ফোনকলটো পোৱাৰ পাছত মই আচৰিত হৈ পৰিছিলো৷ মনটো হঠাৎ যেন মৰি গৈছিল৷ তেওঁ কান্দি আছিল আৰু কৈ আছিল- ‘আমাক মাৰি শেষ কৰিব, ধাৰাসাৰে বড়ো উগ্ৰপন্থীয়ে গুলীয়াই আছে, কিবা এটা কৰক....’- কথাটো কৈ তেওঁ ফোনটো কাটি দিছিল তৎক্ষণাৎ৷ মোৰ মুখখন ক’লা পৰি গৈছিল৷ মোৰ এই পৰিৱৰ্তন লক্ষ্য কৰিছিল শাকিলে৷ তেওঁ সোধাত কথাটো ক’লো৷ এইটো মোৰ সাংগঠনিক গুৰু দায়িত্বত অধিষ্ঠিত হোৱাৰ পিছৰ অভিজ্ঞতাৰ দ্বিতীয়টো হত্যাকাণ্ড হোৱা হেতুকে কেনেদৰে ইয়াৰ মুখামুখি হ’ব লাগিব সেই কথা মোৰ ভালদৰে জনা আছিল৷ প্ৰথমটো ঘটনা আছিল ২০১৩ চনৰ অক্টোবৰ মাহত৷ যেতিয়া জয়মনা খাতুন নামৰ এগৰাকী মহিলাক হত্যা কৰা হৈছিল আৰু আয়মনা খাতুন নামৰ কিশোৰী আৰু এজন কিশোৰ আহত হৈছিল৷ এই ঘটনা আনন্দবজাৰ আৰক্ষী চকীৰ অন্তৰ্গত ঢেকীয়াজানিত হৈছিল৷ ক্ষতিগ্ৰস্ত মানুহকেইজন ভকুৱামাৰী গাঁৱৰ আছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ভালেখিনি জটিল দিন পাৰ কৰিছিলো তেতিয়া .....৷ 
ৰহিমৰ ফোনকলটো পোৱাৰ পিছত আন এগৰাকীক ফোন কৰি সমগ্ৰ ঘটনাৰ বিৱৰণী লাভ কৰিছিলো৷ তাৰ পাছতেই আৰক্ষী বিভাগৰ লগত কথা পাতি তেওঁলোকে ঘটনাস্থলী পোৱাৰ বিৱৰণী লাভ কৰিছিলো৷ ১০৮ এম্বুলেন্স সেৱাত ফোন কৰিছিলো......৷ আধাঘKI×া সময় পাৰ হোৱাৰ পিছতো এ¥ু¤লেন্সখন গাঁও গৈ পোৱা নাছিল৷ নৰসিংবাৰী গাঁওখনলৈ যোৱাৰ বাবে বাট-পথ সুচল নথকাৰ বাবে চাৰিচকীয়া বাহন কালপানী বজাৰ হৈ কুটলিঝাৰৰ পৰা বাতাবাৰী হৈ গাঁওখনলৈ প্ৰৱেশ কৰিব বিচাৰি আধা বাটতে ৰৈ থকাৰ খবৰ পালো৷ বাতাবাৰী গাঁওখন বড়ো বসতিপ্ৰধান হোৱা হেতু সেইখন গাঁৱৰ মাজেৰে এম্বুলেন্স যোৱাত ভয় কৰি আছিল৷ অৱশেষত তেওঁলোকৰ লগত যোগাযোগ কৰি কঠোৰভাৱে কোৱাৰ পিছতহে এম্বুলেন্সখন গাঁওখনলৈ গৈ পাইছিল৷ 
নৰসিংবাৰীৰ পৰা উদ্ধাৰ কৰা হ’ল তিনিটা মৃতদেহ- ৰমিছা খাতুন [৩২], চম্পা বেওৱা [৫৫] আৰু সোনা মিয়া [৩৫]৷ উদ্ধাৰ কৰা হ’ল দুজন আহতক- ৰাশিদা খাতুন [১২] আৰু তছলিমা খাতুন [৩]৷ কাশেম আলী তছলিমাৰ পিতৃ৷ তছলিমা খাতুন আইতা চম্পা বেওৱাৰ কোলাত আছিল৷ সোনা মিয়া, পত্নী ৰমিছা খাতুন আৰু কন্যা ৰাশিদা খাতুনে কাশেম আলীৰ ঘৰত সন্ধিয়া ফুৰিবলৈ গৈছিল৷ গোটেইকেইজনে কাশেম আলীৰ ঘৰৰ চোতালত বহি কথা পাতি আছিল৷ তেনেতে ঘটনাস্থলীৰ উত্তৰ ফালে থকা বাতাবাৰী গাঁৱৰ ফালৰ পৰা চাৰিজনীয়া উগ্ৰপন্থীয়ে চাইকেলত উঠি আহি নিৰ্বিচাৰে গুলীয়াই নৰসিংবাৰীৰ পূব ফালে থকা কুম্বিৰা নদী পাৰ হৈ হাওৰাগুৰি [বঙালী বসতিপ্ৰধান] গাঁওলৈ পলায়ন কৰিছিল৷ ৰাশিদা খাতুনৰ ভৰিত গুলী লাগিছিল আৰু আইতা চম্পা বেওৱাৰ কোলাত থকা তছলিমা খাতুনৰ গাত লাগিছিল তিনিটাকৈ গুলী৷ বাঁও কান্ধৰ অলপ তলত লগা গুলীয়ে ভেদ কৰি গৈ আইতাৰ বুকুত লাগিছিল আৰু তাইৰ বাঁও হাতৰ বুঢ়া আঙুিল খহাই লৈ আইতাৰ গাত দ্বিতীয়টো গুলী লাগিছিল আৰু তৃতীয়টো গুলীয়ে তাইৰ বাঁও গাল চুই চকুত আঘাত কৰিছিল৷ 
তেজেৰে তুম্‌ৰলি হোৱা ৰাশিদা খাতুন আৰু তছলিমা খাতুনক এম্বুলেন্সৰ সহায়ত বৰপেটাৰোডলৈ লৈ অনা হ’ল৷ গাঁওখনৰ পৰা আমাৰ সংগঠনৰ আঞ্চলিক সভাপতি ছামচুল হক, জিলা সমিতিৰ শিক্ষা সম্পাদক আব্দুল ৰহিম, ছামচুলৰ মাতৃ মৰিয়ম নেছা আৰু তছলিমাৰ মাতৃ ফৰিদা খাতুন আহিছিল৷ মই আৰু শাকিলে বৰপেটাৰোড জামে মছজিদৰ সন্মুখৰ পৰা প্ৰয়োজনীয় পানীৰ বটল লৈ এম্বুলেন্সত উঠিছিলো৷ বৰপেটাৰোডৰ ত্ৰিছখন বিছনাযুক্ত চিকিৎসালয়খনত জিলা সাধাৰণ সম্পাদক মিনহাজুল ইমৰান আগতেই আহি পাইছিল৷ সাংবাদিক আৰু সচেতন যুৱকেৰে পৰিপূৰ্ণ হৈ আছিল মেডিকেলখন৷ আহতকেইজনক প্ৰাথমিক চিকিৎসা কৰা হ’ল৷ এম্বুলেন্সত থকা সময়তেই আমি শংকিত হৈছিলো যে ৰাশিদা বাচিব যদিও তছলিমা হয়তো জীয়াই নাথাকে৷ সিহঁতৰ মৰণকাতৰ চিঞৰে আমাক ব্যথিত কৰি পেলাইছিল৷ আমাৰ সন্দেহ হৈছিল যে তছলিমাৰ গুলী শৰীৰৰ ভিতৰতে আছে৷ বৰপেটাৰোড মেডিকেলৰ পৰাও একে সন্দেহ কৰিছিল৷  
দুয়োকে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটাললৈ প্ৰেৰণ কৰিলে৷ পুনৰ আমি এম্বুলেন্সেৰে যাত্ৰা কৰিলো বৰপেটালৈ৷ এই যাত্ৰাত মিনহাজুলকো লগত লৈছিলো৷ ইতিমধ্যে ঘটনাটো সমগ্ৰ অসমত বিয়পি পৰিছিল৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমাৰ মোবাইলত ফোন আহিবলৈ আৰম্ভ কৰিছিল৷ আমি কথাবোৰ ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰচাৰ কৰিছিলো৷ আমাৰ সংগঠনৰ কেন্দ্ৰীয় বিষয়ববীয়াসকলৰ লগত কথা পাতিছিলো৷ তেতিয়া লক্ষ্য কৰিছিলো অসমৰ বহুকেইটা সংগঠনে সৰ্বসাধাৰণৰ হৈ মাত মাতে বুলি জাহিৰ কৰে যদিও তেওঁলোক এইধৰণৰ সমস্যাক লৈ তৎপৰ নহয়৷ একাংশই ঘটনাৰ পিছত আহি ‘নেতাগিৰি’ জাহিৰ কৰাত ব্যস্ত হৈ পৰে৷ মই বিশেষকৈ এবিএমছুৰ কথা ভাবি আছিলো৷ তেওঁলোকৰ জিলা সমিতিও আমাৰ ইয়াত আছে৷ কিন্তু তেওঁলোকে সংবাদ মাধ্যমত গৰিহণা প্ৰকাশ কৰাৰ বাদে নৰসিংবাৰীৰ আহতসকলৰ কেনেকৈ চিকিৎসাৰ ব্যৱস্থা কৰিব লাগিব সেই কথাক লৈ কোনো তৎপৰতা দেখুওৱা নাছিল৷ তাৰ উপৰি আৰএমচি নামৰ সংগঠনটোৱেই সংখ্যালঘুৰ সংগঠন বুলি জাহিৰ কৰে৷ তেওঁলোকৰ পৰা এটা সাধাৰণ ফোন কলো কোনেও লাভ কৰাৰ কথা মনত নপৰে৷ তাতোকৈ অধিক বেয়া লাগিছিল সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চ নামৰ সংগঠনৰ কৰ্ম-কাণ্ডলৈ চাই৷ এই ঐক্যমঞ্চত ২৩টাকৈ অবড়ো জাতীয় সংগঠন জড়িত আছিল আৰু এই সংগঠনৰ নেতৃত্বতে কোকৰাঝাৰ লোকসভা সমষ্টিৰ বাবে নিৰ্বাচনত নৱ কুমাৰ শৰণীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল৷ য’ত অবড়োসকলৰ আটাইতকৈ বৃহৎ সংগঠন বুলি দাবী কৰা ‘অবড়ো সুৰক্ষা সমিতি’ নামৰ সংগঠনটোও জড়িত হৈ আছিল৷ কিন্তু ৰ মে’ তাৰিখৰ এই হত্যাকাণ্ড সম্পৰ্কে কোনো ধৰণৰ তৎপৰতা দেখা নগ’ল সংগঠনটোৰ৷ সৰ্বজন বিদিত যে লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই এই হত্যাকাণ্ড সংঘটিত হৈছে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই সময়ত প্ৰাথ¹ হিচাপে থকা নৱ কুমাৰ শৰণীয়াই এই মানুহবোৰৰ হৈ মাত এষাৰো দিয়া পৰিলক্ষিত নহ’ল৷ 
আমি বৰপেটা গৈ পালো৷ নিশা প্ৰায় ১১ বাজিছিল৷ মেডিকেলত আগৰে পৰাই সংবাদ মাধ্যমৰ মানুহ ৰৈ আছিল৷ সমগ্ৰ ঘটনাৰ বিৱৰণী গ্ৰহণ কৰাৰ লগতে আমাৰ লগত কথা পাতিলে সাংবাদিকে৷ ঘটনা সংঘটিত হোৱাৰ পাছতেই আমাৰ লগত শালবাৰী মহকুমাৰ মহকুমাধিপতি সাধন সৰকাৰ আৰু মহকুমা আৰক্ষী বিষয়া ৰূপম ফুকনৰ লগত কথা হৈছিল৷ তেওঁলোক ঘটনাস্থলীত এঘKI×াৰ ভিতৰত আহি পাইছিল৷ .....
প্ৰায় এঘKI×া পৰীক্ষা-নিৰীক্ষা কৰি বৰপেটাৰ মেডিকেল কলেজ হাস্পতালৰ পৰা ৰাশিদাক চিকিৎসা কৰিব পৰা যাব বুলি আমাক জনাইছিল যদিও তছলিমাক কোনোপধ্যেই বৰপেটাত ৰাখিব পৰা নাযাব বুলি জনাইছিল৷ অলপো পলম নকৰি তাইক গুৱাহাটীৰ জিএমচিএইচলৈ লৈ যোৱাৰ বাবে আমাক পৰামৰ্শ প্ৰদান কৰিলে৷ তেওঁলোকে জনোৱা মতে বৰপেটাৰ মেডিকেল কলেজ হাস্পতালখনত উপযুক্ত পৰীক্ষা-নিৰীক্ষা কৰাৰ বাবে যন্ত্ৰ-পাতি মজুত নাছিল৷ ইফালে ৰাশিদাৰ কিছু পৰিমাণে চিঞৰ-বাখৰ কমিছিল যদিও তছলিমাৰ গগন ফলা চিঞৰ তেতিয়াও অব্যাহত আছিল৷ মেডিকেলত থকা প্ৰায় সকলো মানুহেই তাইৰ অৱস্থা দেখা পাই মৌন হৈ পৰিছিল৷.... ইমান কম বয়সৰ কেঁচুৱাজনীৰ বাৰু কি অপৰাধ আছিল? -- বহুতে বিবেকক প্ৰশশ্ন কৰি কোনো উত্তৰ পোৱা নাছিল৷ গভীৰ নিশা, মেডিকেলত এম্বুলেন্সৰ ব্যৱস্থাও তেতিয়া নাছিল৷ আমাক বাৰে বাৰে গাড়ী যোগাৰ কৰিবলৈ কোৱা হৈছিল৷ আমিও নিৰুপায় হৈ পৰিছিলো৷ চিকিৎসা সেৱাৰ নামত কোটি কোটি টকা খৰচ কৰা অসম চৰকাৰে ২৪ ঘKI×া পাব পৰাকৈ দুই-চাৰিখন এম্বুলেন্সৰ ব্যৱস্থা কৰিব নোৱাৰে নেকি?
আমি অস্থিৰ হৈ পৰিছিলো৷ আমাৰ বৰপেটা জিলাৰ সাংগঠনিক বন্ধুসকলকো ফোনত পোৱা নাছিলো৷ সন্ধিয়া সময়ত ফোনত পোৱা গৈছিল যদিও বৰপেটালৈ যোৱাৰ পাছত সকলোৱে ৰহস্যজনকভাৱে দূৰত্ব বজাই চলাৰ কৌশল কৰিছিল৷ সেই সময়ত বৰপেটাৰ আৰক্ষী অধীক্ষক মেডিকেললৈ আহি পাইছিল৷ তেওঁ আমাৰ ওচৰত আহি আন্তৰিকতাৰে কথাবোৰ সুধিছিল৷ তেওঁ হিন্দীভাষী আছিল বাবে বহুতে কথা পাতিব বিচাৰিও পাতিব পৰা নাছিল৷ তেওঁক এম্বুলেন্সৰ সমস্যাৰ কথা জনালো.....৷ এম্বুলেন্স কিয় নাই বুলি তেওঁ মেডিকেলৰ দায়িত্বত থকা মানুহজনক ধমকি দি প্ৰশশ্ন কৰিছিল৷.... অৱশেষত তেওঁ নিজৰ গাড়ীৰ ড্ৰাইভাৰক নিৰ্দেশ দিছিল গাড়ীখন ঘূৰাই ৰেডী কৰাৰ বাবে আৰু আমাক কৈছিল তছলিমাক গাড়ীত উঠোৱাৰ বাবে৷ --- সঁচাকৈয়ে মনটো কিছু চিন্তামুক্ত হোৱা বুলি অনুভৱ কৰিছিলো৷ এজন ভাল মানুহ লগ পাইছো বুলি অনুভৱ হৈছিল৷ কিন্তু তেওঁৰ গাড়ীখনত যুদ্ধগতিত আমি তছলিমাক উঠোৱাৰ যো-জা কৰি থাকোতে এম্বুলেন্স এখন আহি পাইছিল৷ .....তাইক এম্বুলেন্সত উঠোৱা হ’ল৷ তাইৰ লগত মই গুৱাহাটীলৈ যোৱা নাছিলো, কাৰণ ৰাতি পুৱালেই আমাৰ কৰণীয় বহুত আছিল৷ আমি এই নৃশংস হত্যাকাণ্ডৰ প্ৰতিবাদত ২ মে’ তাৰিখে মহকুমা বন্ধ ঘোষণা কৰিছিলো৷ আমাৰ এই কাৰ্যসূচী বিশেষভাৱে প্ৰচাৰ হোৱা নাছিল৷ গতিকে আমি ভাবিছিলো আমাৰ এই কাৰ্যসূচীয়ে বিশেষ প্ৰভাৱ পেলাব নোৱাৰে৷ 
তছলিমাৰ লগত বন্ধু শাকিল আহমেদ, মিনহাজুল ইমৰান আৰু ছামচুল হক, লগতে তছলিমাৰ মাতৃ গৈছিল জিএমচিএইচলৈ৷ তাইৰ কান্দোন চাই আমি ভাবিছিলো তাই হয়তো জীয়াই থাকিব৷ কিন্তু গুলীয়ে তাইক যিদৰে আঘাত কৰিছিল তাৰ পৰা সকলোৰে মনত শংকা এটা আছিল যে তাই হয়তো জীয়াই নাথাকে৷ তথাপি উপযুক্ত চিকিৎসা কৰাৰ ইচ্চা সকলোৰে আছিল৷ আমি বুজিব পাৰিছিলো যে ঘটনাটো অসম চৰকাৰৰ ফালৰ পৰা গুৰুত্ব সহকাৰে লোৱা হৈছে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে বিটিচি প্ৰশাসনে গুৰুত্ব প্ৰদান কৰা নাই৷ 
নিশা ৰ বজাত অনুভৱ কৰিব পাৰিছিলো যে সমগ্ৰ দিনটো অনাহাৰে কটাইছো৷ মোৰ লগত থকা নৰসিংবাৰীৰ ৰহিমক লগত লৈ বৰপেটা মেডিকেলত থকা ৰাশিদাক নিৰাপদ স্থিতিত থৈ বাহিৰলৈ ওলাই আহি মেডিকেলৰ সন্মুখত থকা সৰু দোকান এখনৰ পৰা ৰুটী খাই কিছু পৰিমাণে শৰীৰ যন্ত্ৰটোক শান্ত কৰোৱাৰ যত্ন কৰিছিলো যদিও মনটো তেতিয়াও উদাসীন হৈ আছিল৷ ..... বহু কথা মনলৈ আহিছিল৷ মনলৈ বহু প্ৰশ্নৰ উদ্ৰেক হৈছিল– ‘আমাৰ নিৰাপত্তা কেতিয়া আহিব?’ ------ নিশাটো পাৰ হ’ল বৰপেটাৰ মেডিকেল কলেজ হস্পিটালখনত, থিয় হৈ....৷ একপ্ৰকাৰ অনাহাৰে, অনিদ্ৰাই৷
মৰণোত্তৰ পৰীক্ষা কৰি তিনিটা মৃতদেহ [সোনা মিয়া, ৰমিছা খাতুন, চম্পা বেওৱা] বৰপেটাৰ পৰা নৰসিংবাৰীলৈ লৈ অহাৰ প্ৰস্তুতি চলি আছিল৷ তেতিয়া শেষ নিশা চাৰিটা বাজিছিল৷ শালবাৰীৰ মহকুমাধিপতি সাধন সৰকাৰ চাহাব মৃতদেহকেইটাৰ লগত আছিল৷ তেওঁ প’ষ্টমৰ্টেম কৰাৰ অন্তত মেডিকেলত থকা ৰাশিদাৰ খবৰ লোৱাৰ বাবে আহি মোক লগ পাইছিল৷ ৰহিমক মেডিকেলত থাকিবলৈ দি মই তেওঁৰ গাড়ীত উঠি বৰপেটাৰোডলৈ আহিছিলো৷ 
বহু মানুহ লগ পালো, যিসকলে সমগ্ৰ ঘটনাটো মোৰ পৰা জানিব বিচাৰিছিল৷ অৱশেষত ছয়মান বজাত আমি নৰসিংবাৰীলৈ বুলি যাত্ৰা কৰিছিলো৷ ইতিমধ্যে নৰসিংবাৰীত থকা সাংগঠনিক কম¹সকলৰ লগত যোগাযোগ হৈ আছিল৷ মৃতদেহকেইটা গোৱদ্ধৰ্না আৰক্ষী থানাত ৰখাই থোৱা অৱস্থাতে আমি নৰসিংবাৰী গৈ পাইছিলো৷ পূব নৰসিংবাৰী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত তেতিয়া হাজাৰ হাজাৰ মানুহ গোট খাইছিল৷ সংবাদকম¹সকল আহি পাইছিল আৰু মহকুমা আৰক্ষী বিষয়া ৰূপম ফুকনসহ বহু নিৰাপত্তাৰক্ষীয়ে টহল দি আছিল৷ আমি বুজি পাইছিলো প্ৰশাসনৰ উদ্দেশ্য, আমাৰ মানুহসকল যাতে উত্তেজিত হৈ ওচৰতে থকা বড়ো গাঁও বাতাবাৰীত আক্ৰমণ কৰিব নোৱাৰে তাৰ বাবে তেওঁলোকে যত্ন কৰিছিল৷ 
মৃতদেহকেইটা লৈ অনা হ’ল৷ উমি উমি জ্বলি থকা মৃতকৰ আত্মীয়ৰ বুকুৰ জুইকুৰা যেন দ্বিগুণে জ্বলি উঠিল৷ কান্দোনত ভাগি পৰিল মৃতকৰ আত্মীয়সকল৷ মানুহক নিয়ন্ত্ৰণ কৰাৰ বাবে কষ্টকৰ হ’ব বুলি জানিব পাৰিছিলো বাবে আমি মাইকৰ ব্যৱস্থা কৰিছিলো৷ তথাপি একাংশই গোৱদ্ধৰ্না আৰক্ষী চকীৰ এগৰাকী কৰ্তব্যৰত আৰক্ষীৰ ওপৰত  আক্ৰমণাত্মক হৈ পৰিছিল৷ মানুহকেইজনক নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীৰ লোকসকল ব্যৰ্থ হৈছিল৷ মহকুমা আৰক্ষী বিষয়াগৰাকীয়ে মোক অনুৰোধ জনাইছিল নিয়ন্ত্ৰণ কৰাৰ বাবে৷ উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ গৈ যি ভয়ংকৰ কথা জানিব পাৰিলো সেই কথা শুনি মোৰ মনটোও ভাৰাক্ৰান্ত হৈ পৰিছিল যদিও কথাবোৰ আলোচনাৰ জৰিয়তে সমাধান কৰাৰ আশ্বাস দিয়াত মানুহ আশ্বস্ত হ’ল যদিও ইতিমধ্যে আৰক্ষীগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰিছিল৷ .....ৰাইজে অভিযোগ কৰা মতে আৰক্ষীজনে বোলে সংবাদ মাধ্যমৰ কম¹ক মৃতকৰ ফুটেজ লোৱাৰ বাবে নিষেধ কৰি কৈছিল- ‘এইবোৰ সৰু ঘটনা, মিডিয়াত বহুলভাৱে প্ৰচাৰ কৰাৰ প্ৰয়োজন নাই’৷ কথাটো মহকুমা আৰক্ষী বিষয়াগৰাকীক জনোৱাত বিহিত ব্যৱস্থা লোৱা হ’ব বুলি আমাক কোৱা হৈছিল আৰু তেওঁক তাৎক্ষণিকভাৱে তাৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল৷ এই সময়ত এবিএমছুৰ শালবাৰী জিলা সমিতিৰ বিষয়ববীয়াসকল ঘটনাস্থলী আহি পাইছিল৷
ৰাইজৰ লগত কথা পাতি আমি গাঁওখনলৈ ৰাজনৈতিক ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলো আৰু ঘটনাস্থলীত জিলা উপায়ুক্ত উপস্থিত হৈ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে অপৰাধীক কৰায়ত্ত কৰাৰ পূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান নকৰিলে আমি মৃতদেহকেইটাৰ জানাজাতো দূৰৰে কথা, মৃতদেহ কঢ়িয়াই অনা গাড়ীৰ পৰাই নমাবলৈ নিদিওঁ আৰু দাবীসমূহ মানি নল’লে এই গাড়ীৰেই মৃতদেহকেইটা ৰে’লপথলৈ লৈ গৈ ৰে’লপথ অৱৰোধ কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিলো৷ আলোচনাৰ জৰিয়তে আমি ৬টা মূল দাবী উত্থাপন কৰিছিলো৷ আমাৰ দাবীসমূহ আছিল- নৰসিংবাৰীকে আদি কৰি সমগ্ৰ অঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰা, অপৰাধীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰা, মৃতকৰ পৰিয়ালক ১০ লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা, নৰসিংবাৰীত স্থায়ী পহৰা চকী স্থাপন কৰা, আহতৰ পৰিয়ালক প্ত লাখ টকাকৈ ক্ষতিপূৰণ প্ৰদান কৰা আৰু ঘটনাত অনাথ হোৱা শিশুসকলৰ ভৱিষ্যতৰ সমগ্ৰ দায়িত্ব চৰকাৰে গ্ৰহণ কৰা৷ এই হত্যাকাণ্ডত পিতৃ-মাতৃ হেৰুৱাই শমলা খাতুন [১৩], ৰাশিদা খাতুন [ৰৰ] আৰু ৰমজান আলী [জ্জ্ব] অনাথ হৈছিল৷ 
বাক্সা জিলাৰ অতিৰিক্ত উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক আশ্বস্ত কৰিব বিচাৰিছিল যদিও ৰাইজে কোনোপধ্যেই উপায়ুক্ত অবিহনে কোনো আলোচনা নহ’ব বুলি মত পোষণ কৰিছিল৷ আমিও সংগঠনৰ ফালৰ পৰা উপায়ুক্ত ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে ৩ ঘKI×া চৰম সীমা বান্ধি দিছিলো৷ অৰ্থাৎ পুৱা ১১ বজাৰ ভিতৰত উপায়ুক্ত নাহিলে আমাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব বুলি প্ৰশাসনক জনাই দিছিলো আৰু তাৰ পাছত উপায়ুক্ত নহয়, অসমৰ মুখ্যমন্ত্ৰী আহি আমাৰ আগত প্ৰতিশ্ৰুতি প্ৰদান কৰিলেহে মৃতকৰ জানাজা কৰা হ’ব বুলি স্পষ্ট কৰি দিছিলো৷ 
অৱশেষত ১০.৪৫ বজাত নৰসিংবাৰীলৈ বাক্সা জিলাৰ উপায়ুক্ত আহি উপস্থিত হৈছিল৷ তেওঁ আহি পোৱাৰ আগতেই প্ৰশাসনৰ তৰফৰ পৰা কোৱা হৈছিল– যাতে উপায়ুক্তৰ উপস্থিতিত কোনেও হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি নকৰে৷ আমি সকলো নিয়ন্ত্ৰণত ৰাখিব পৰাকৈ মানুহৰ লগত কথা পাতিছিলো৷ তেতিয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত প্ৰায় ১০ সহস্ৰাধিক লোক গোট খাইছিল৷ উপায়ুক্ত অহাৰ পিছত আমি প্ৰস্তুত কৰা ৬ দফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰিছিলো৷ ভুক্তভোগী পৰিয়ালে এজাহাৰ দাখিল কৰিছিল৷ উপায়ুক্ত মহোদয়ৰ ওচৰত দাবী জনাইছিলো যে তেওঁ আমাৰ স্মাৰক-পত্ৰৰ দাবীসমূহ ৰাইজৰ আগত স্বীকাৰ কৰিব লাগে৷ তেখেতে নৰসিংবাৰীকে আদি কৰি সমগ্ৰ অঞ্চলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে ইতিমধ্যে পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে বুলি জনাইছিল, এজাহাৰৰ ভিত্তিত অপৰাধীক কৰায়ত্ত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কৈছিল, মৃতকৰ পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা প্ত লাখৰ স্থানত ৬ লাখ টকা কৰি কেন্দ্ৰীয় চৰকাৰৰ পৰা দিব লগা ৩ লাখ, অথাৰ্ৎ মুঠ জ্ঝ লাখ টকা প্ৰদান কৰা হ’ব বুলি কোৱা হৈছিল, আমি মানি লৈছিলো৷ কিন্তু পৰৱত¹ সময়ত অসম চৰকাৰৰ তৰফৰ পৰা প্ত লাখ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ৩ লাখ, অথাৰ্ৎ মুঠ জ্জ্ব লাখ টকাহে প্ৰদান কৰা হ’ল৷  নৰসিংবাৰীত অস্থায়ী পহৰা চকী স্থাপন কৰা হ’ল৷  আহতসকলৰ বাবে খৰতকীয়াকৈ চিকিৎসাৰ বাবে ধন যোগান ধৰা হ’ব বুলি কোৱা হৈছিল যদিও আহতৰ পৰিয়ালে এবছৰলৈকে কোনো ক্ষতিপূৰণৰ ধন লাভ নকৰিলে৷ অৱশ্যে তেতিয়া ঘোষণা কৰা অনুসৰি তিনি অনাথ শিশুক নগাঁৱৰ হোজাইত থকা এছঅ’এছ ভিলেজত ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ 
উপায়ুক্ত মহোদয়ৰ কথাত আমি আশ্বস্ত হৈছিলো আৰু দিনৰ ২ মান বজাত মৃতকৰ জানাজা সম্পন্ন কৰিছিলো৷ কিন্তু এই জানাজা সম্পন্ন হোৱাৰ ডেৰ ঘKI×া পিছতেই আমি ভালকৈ বুজিব পাৰিছিলো যে আমাৰ নিৰাপত্তা কোনোপধ্যেই সুনিশ্চিত হোৱা নাই৷ আমাক কোনোপ্ৰকাৰেই নিৰাপত্তা দিব পৰা নাই প্ৰশাসনে৷ মাথোঁ জিলা প্ৰশাসনেই নহয়, অসম চৰকাৰৰো মাথোঁ আমাৰ মূল দাবী– ‘নিৰাপত্তা সুনিশ্চিত কৰা’ৰ আশ্বাস এক আনুষ্ঠানিকতাহে আছিল৷ কাৰণ মৃতকৰ জানাজা সম্পন্ন হোৱাৰ ডেৰ ঘKI×া পাছতেই একেখন থানাৰ অন্তৰ্গত, অৰ্থাৎ নৰসিংবাৰীৰ পৰা মাথোঁ চ্ছ্ৰ-প্ত কিলোমিটাৰ দূৰত্বৰ নাৰায়ণগুৰিত সংঘটিত হৈছিল মধ্যযুগীয় বৰ্বৰতাৰে নৃশংস হত্যাকাণ্ড৷ এই হত্যাকাণ্ডৰ অভিজ্ঞতা সম্পৰ্কে পৰৱত¹ লেখাত উল্লেখ কৰা হ’ব৷ এইখিনিতে মই নৰসিংবাৰীৰ লগত জড়িত আৰু কেইটামান ঘটনা উল্লেখ কৰিব বিচাৰিছো৷ ..........
১৩ মে’ তাৰিখে শালবাৰী মহকুমাৰ মহকুমাধিপতিৰ আহ্বানত শালবাৰীৰ চৰকাৰী অতিথিশালাত অনুষ্ঠিত এখন সভাৰ জৰিয়তে মহকুমাটোৰ বিভিন্ন অঞ্চলত শান্তিসভা অনুষ্ঠিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ শালবাৰীৰ সভাখনত এবছুৰ সভাপতি প্ৰমোদ বড়ো, বাক্সা জিলা সমিতিৰ সভাপতি, আমছুৰ সম্পাদক মইনুল হক খান আৰু আমাৰ শালবাৰী জিলা সমিতিৰ উপদেষ্টা জামাল উদ্দিন, মই [সভাপতি], সাধাৰণ সম্পাদক মিনহাজুল ইমৰান আৰু এবিএমছুৰ শালবাৰী জিলা সমিতিৰ সভাপতি ইব্ৰাহিম আলী, সাধাৰণ সম্পাদক জাকিৰ হুছেইন উপস্থিত আছিল৷ সভাখনত বাক্সা জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত জনৈক শৰ্মা, অতিৰিক্ত আৰক্ষী অধীক্ষক নিত্যৰঞ্জন চুতীয়া, শালবাৰী মহকুমাৰ মহকুমাধিপতি সাধন সৰকাৰ আদি কৰি বহুকেইগৰাকী বিষয়ববীয়া উপস্থিত থাকি বড়ো আৰু মুছলমান সমাজত যাতে এই ঘটনাৰ আলম লৈ ভুল বুজাবুজিৰ সৃষ্টি নহয় সেই সম্পৰ্কে আলোচনা কৰা হৈছিল৷ এবছুৰ সভাপতি প্ৰমোদ বড়োৱে শৰণাথ¹সকলৰ বাবে সাহায্য প্ৰদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছিল যদিও সেয়া সম্ভৱ নহ’ব বুলি আমি কৈছিলো৷ কাৰণ ইতিমধ্যে বড়ো সম্প্ৰদায়ৰ বুদ্ধিজীৱী আৰু সচেতন মহলে বড়ো উগ্ৰপন্থী সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে বুলি সংখ্যালঘুসকলে বিশ্বাস কৰে আৰু বড়ো সম্প্ৰদায়ে বিটিএডিত মাথোঁ মুছলমানেই নহয়, কোনো অবড়োকে সম অধিকাৰ দিয়া বা জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত হোৱাটো নিবিচাৰে বুলি মনত ধাৰণা পোষণ কৰি বিটিচি চৰকাৰৰ পৰাই সাহায্য সামগ্ৰী গ্ৰহণ কৰাৰ বাবে ইতিমধ্যে নাকচ কৰিছে৷ তেনে সময়ত এবছুৰ নেতৃত্বত সাহায্য সামগ্ৰী বিতৰণ কৰাটো অসম্ভৱ কথা হ’ব, ৰাইজে আমাকো খেদিব৷ শান্তিসভা অনুষ্ঠিত কৰাও যথেষ্ট কষ্টকৰ হ’ব, কাৰণ সংখ্যালঘুসকলে অশান্তি কৰাই নাই৷ প্ৰত্যাক্ৰমণ ক’তো হোৱা নাই৷ আমি একাংশই যদিও আওৰাই আছো যে দুষ্কৃতিকাৰীৰ কোনো জাতি নাই, কিন্তু বড়ো উগ্ৰপন্থীসকলৰ এটা বিশেষ উদ্দেশ্য আছে - ‘পৃথক বড়ো ৰাজ্য’ গঠন কৰা৷ গতিকে তেওঁলোক মাথোঁ দুষ্কৃতিকাৰী হ’ব নোৱাৰে৷ তেওঁলোক ‘বড়ো দুষ্কৃতিকাৰী’ বা ‘বড়ো উগ্ৰপন্থী’ আৰু এইসকলক বড়ো জাতিয়ে মৌনতাৰে হ’লেও আন্তৰিকতাৰে সমৰ্থন কৰে বুলি সকলোৱে বিশ্বাস কৰে৷ বিশ্বাস কৰাৰ যুক্তিও আছে, কাৰণ - এবছুৱে অসম দ্বিখণ্ডিত কৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ সাঙুৰি বড়োসকলৰ বাবে পৃথক ৰাজ্য গঠন কৰিব লাগে বুলি উত্থাপন কৰা দাবীৰ লগত উগ্ৰপন্থী সংগঠনসমূহৰো ইছ্যুৰ মিল আছে৷ এবছুৱে গণতান্ত্ৰিক আন্দোলন কৰে আৰু উগ্ৰপন্থীসকল অগণতান্ত্ৰিক, ইছ্যু একেই - ‘পৃথক বড়ো ৰাজ্য’ বা ‘বড়োলেণ্ড’ গঠন৷ গতিকে এবছুক যদি বড়ো বুদ্ধিজীৱী, সাহিত্য সভা বা অইন গণতান্ত্ৰিক সংগঠনে সমৰ্থন কৰে, তেনেস্থলত ইছ্যু ভিত্তিত একে দাবী উত্থাপন কৰি প্ৰস্তাৱিত বড়োলেণ্ডৰ পৰা অবড়ো লোকক খেদি পঠিওৱাৰ পৰিকল্পনাৰে বাৰম্বাৰ কৰা হত্যাকাণ্ডৰ বাবে দায়ী উগ্ৰপন্থীসকলকো এইসকলে মৌনভাৱে সমৰ্থন কৰে বুলি ক’ব পাৰি৷ 
প্ৰস্তাৱিত শান্তিসভা অনুষ্ঠিত কৰাৰ বাবে আমি ১৪ মে’ তাৰিখে নৰসিংবাৰীত উপস্থিত হৈছিলো৷ নৰসিংবাৰীৰ সভাখনত প্ৰায় তিনিশ সংখ্যালঘু লোক উপস্থিত আছিল৷ বড়ো সম্প্ৰদায়ৰ পৰা উপস্থিত আছিল মাথোঁ সাহিত্যিক ধৰণীধৰ ৱাৰী, এবছুৰ গোৱদ্ধৰ্না আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক সহেছ নাৰ্জাৰী আৰু বাতাবাৰী গাঁৱৰ দুজনমান যুৱক, এই যুৱক দুজনো হেনো এবছুৰ কৰ্মকৰ্তা৷ সভাখনত জিলা প্ৰশাসনৰ তৰফৰ পৰা অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া, গোৱদ্ধৰ্না থানাৰ আৰক্ষী বিষয়া আৰু আমছুৰ তৰফৰ পৰা মই আৰু আমাৰ উপদেষ্টা আৰু সাধাৰণ সম্পাদক উপস্থিত আছিলো৷ এই সভাখনত আমি বড়োসকলৰ উপস্থিতি  সেৰেঙাৰ কাৰণ ধৰণীধৰ ৱাৰী ডাঙৰীয়াক সুধিছিলো৷ তেখেতে কৈছিল যে বড়ো সম্প্ৰদায়ৰ লোকসকলে মুছলিম গাঁৱত আহিবলৈ ভয় কৰে৷ তেতিয়া আমি বুজি পাইছিলো যে প্ৰকৃততে বড়ো সম্প্ৰদায়ৰ বহু লোক এই হত্যাকাণ্ডৰ বাবে দায়ী, সেয়া নৈতিকভাৱেই হওক বাআদৰ্শগতভাৱে৷
ৰাজ্য চৰকাৰৰ সোপাঢিলা নীতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি আৰু বাক্সা জিলা প্ৰশাসনৰ নিৰাপত্তা ব্যৱস্থাক চূড়ান্ত ভেঙুচালি কৰি হত্যাকাণ্ডৰ ধাৰাবাহিকতা অব্যাহত ৰাখি ১১ জুলাই তাৰিখে বগৰিগুৰিৰ চাৰিগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীক অপহৰণ কৰি নিৰ্মমভাৱে হত্যা কৰা হৈছিল৷ মাথোঁ সেয়াই নহয়, নৰসিংবাৰীত আৰক্ষীৰ অস্থায়ী পহৰা চকী থকাৰ পিছতো ২৪ জুলাই তাৰিখে পশ্চিম নৰসিংবাৰীৰ আব্দুল খলিল [৩০] নামৰ যুৱকজনক গৰু চৰাবলৈ যোৱাত কেইজনমান বড়ো যুৱকে হত্যা কৰাৰ চেষ্টা কৰিছিল যদিও তৎক্ষণাৎ আৰক্ষীৰ লোক উপস্থিত হোৱাত কোনোমতে প্ৰাণ ৰক্ষা পৰে৷ তাৰ ওপৰতো এজাহাৰ দাখিল কৰিছিল যদিও পাছলৈ ‘আপোচ’ৰ নামত ভীতি প্ৰদৰ্শন কৰি আৰক্ষীৰ তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ’ল৷ তাৰ ফলশ্ৰুতিত ২৪ অক্টোবৰ তাৰিখে সন্ধিয়া জ্জ.৩০ বজাত বড়ো উগ্ৰপন্থীয়ে গ্ৰেনেড নিক্ষেপকে আদি কৰি গুলীয়াই ছাইজুদ্দিন [২৭] নামৰ এজন লোকক গুৰুতৰভাৱে আহত কৰে৷ এই ঘটনাৰ পৰা পুনৰ প্ৰমাণিত হ’ল যে বড়ো জাতিটোৰ মুক্তি দাবী কৰা একাংশ উগ্ৰপন্থী সংগঠনে বিটিএডিৰ মুছলমানসকলক টাৰ্গেট কৰি লৈছে আৰু বড়ো সংগঠনসমূহে নীৰৱ ভূমিকা পালন কৰি বড়ো উগ্ৰপন্থী সমস্যাৰ বাবে বড়োসকলৰ গণতান্ত্ৰিক সংগঠন, বুদ্ধিজীৱী আৰু ৰাজনৈতিক শক্তিবোৰৰো সমৰ্থন আছে৷ মুছলমান তথা অবড়ো ৰাইজক নিৰৱচ্ছিন্নভাৱে চলাই থকা হত্যাযজ্ঞ বন্ধ নকৰিলে তেওঁলোকৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ বাবে কু_াবোধ কৰা নহ’ব বুলি সংখ্যালঘু সংগঠনসমূহৰ পৰা সকীয়নি প্ৰদান কৰা হ’ল৷ কিন্তু তাৰ পাছতো বন্ধ নহ’ল হত্যাকাণ্ড৷ ২ ডিচেম্বৰ তাৰিখে পুনৰ বাৰাপেটাত দুজন লোকক গুলীয়াই হত্যা কৰা হ’ল............৷ ২৩ ডিচেম্বৰ তাৰিখে আদিবাসীসকলৰ ওপৰত আক্ৰমণ কৰি প্ৰায় ৮২জনকৈ লোকক হত্যা কৰা হ’ল৷ 
এই ধাৰাবাহিক হত্যাকাণ্ডৰ বাবে প্ৰকৃততে দায়ী কোন? বড়ো জাতি নে বড়ো উগ্ৰপন্থী নে অসম চৰকাৰ?
আদিবাসী হত্যাৰ পিছত ‘অল আউল অপাৰেচন’ ঘোষণা কৰা হ’ল৷ উগ্ৰপন্থী কৰায়ত্তও কৰা হ’ল, হত্যাকাণ্ডও বন্ধ হ’ল৷ কিন্তু ডিচেম্বৰত ২২টা সংগঠনৰ যৌথ মঞ্চ সন্মিলিত জনগোষ্ঠীয় ঐক্যমঞ্চৰ উদ্যোগত ৰঙিয়া আৰু বৰপেটাৰোডত ৰে’লপথ অৱৰোধ কৰি ‘অল ক্লিয়াৰ’ অপাৰেচনৰ দাবী উত্থাপন কৰা হৈছিল৷ সেই সময়তো এই সংগঠনসমূহৰ দাবী মানি ল’লে শেহতীয়াকৈ আদিবাসীসকলৰ প্ৰাণ গ’লহেঁতেননে? নে তাৰ আগৰ দিনকেইটাত ধাৰাবাহিকভাবে সংখ্যালঘুসকলক হত্যা কৰি থকা হৈছিল বাবে চৰকাৰে গুৰুত্ব দিয়া নাছিল? –এই প্ৰশ্নবোৰে ইতিহাসৰ পাতত চিৰদিনৰ বাবে উত্তৰ বিচাৰি থাকি যাব৷