চৰকাৰেই আমাক হত্যা কৰিব..........

চৰকাৰেই আমাক হত্যা কৰিব : জামাল উদ্দিন

৩৮ বছৰীয়া জামাল উদ্দিন নিজৰ ঘৰতেই আছিল। গুলীৰ শব্দ আৰু ঘৰবোৰত জুই লগাই দিয়াৰ দৃশ্য দেখা পাই তেওঁ কোনোমতে দৌৰি মানাহৰ বৃহত্ শিমলু এজোপাৰ আঁৰ লৈ বহি আছিল আৰু পৰিয়ালৰ আন সদস্যসকলক মানাহৰ ঘন জঙ্গললৈ পঠিয়াই দিছিল। গাঁওখনৰ পশ্চিম প্রান্তৰ পৰা হত্যালীলা আৰু ধ্বংসলীলা চলাই আহি থকা হত্যাকাৰীৰ দলটোত ৩৫-৪০জনীয়া অস্ত্ৰধাৰী যুৱক আছিল আৰু তাৰে বনকর্মী অনিল বড়ো, বানেশ্বৰ বসুমতাৰী আৰু কীর্তি বড়োক তেওঁ ভালকৈ চিনিব পাৰিছিল। অতি চিনাকি আৰু বন্ধুসুলভ আচৰণ কৰা বনকৰ্মীসকলক হত্যাকাৰীৰ ৰূপত দেখা পাই তেওঁৰ মনৰ আতংক অধিক বাঢ়ি গ’ল। সেয়েহে তেওঁ জঙ্গলৰ আৰ লৈ ভিতৰলৈ সোমাই গৈ পৰিয়ালৰ মানুহৰ লগত আকৌ লগ লাগিল। লাহে লাহে নদীৰ পাৰলৈ গৈ কাঠৰ টুকুৰাক সাৰথি কৰি তেওঁলোকে নদীত জাঁপ দিলে। তেওঁ দেখা পাইছিল বহুত মানুহে নদীত জাঁপ দি প্রাণ ৰক্ষা কৰাৰ বাবে সাঁতুৰিছে। নদীৰ প্রবল সোঁতে তেওঁলোকক ভটিয়াই লৈ গ’ল। তেওঁলোকৰ লক্ষ্য আছিল নদীৰ আনটো পাৰ। ভটিয়াই গৈ থাকোতে পুনৰ তেওঁলোকে গাঁৱৰ গাতে নদীৰ পাৰত থকা নেন’ বীটৰ সন্মুখ পালে। তেওঁলোক নদীৰ প্রায় এশ মিটাৰ ভিতৰলৈ সোমাই যাব পাৰিছিল বাবে নেন’বীটৰ ওচৰৰ পৰা গুলীয়াই থকা হত্যাকাৰীসকলৰ গুলীয়ে তেওঁলোকক ঢুকি নাপালে। অৱশ্যে সেই ঠাইৰ পৰা মানুহ হত্যা কৰি থকাৰ দৃশ্য তেওঁ দেখা পাইছিল। তেওঁলোকে ভটিয়াই গৈ নদীৰ পূব ফালে থকা কহুৱা বনৰ ওচৰত পাৰ পালে। প্রত্যক্ষদশীৰ সাক্ষ্য অনুসৰি আটক কৰা হত্যাকাৰীসকলক চৰকাৰে জামিন দিয়াৰ বাতৰি লাভ কৰি তেওঁলোক শংকিত হৈ পৰিছে। তেওঁলোক প্রাক্তন বিএলটি হোৱা হেতু বিটিচি চৰকাৰে তেওঁলোকক অস্ত্র যোগান ধৰিব আৰু সাক্ষ্য প্রদান কৰাৰ অপৰাধত পুনৰ হত্যা কৰিব বুলি বিশ্বাস কৰে। হত্যাকাৰীসকলৰ ফাঁচিৰ দাবী উত্থাপন কৰা জামাল উদিনে দাবী কৰা মতেঅসম চৰকাৰ আৰু বিটিচি চৰকাৰে সৰ্বসাধাৰণ ৰাইজক পণবন্দী কৰি ৰাজনীতি কৰাই নহয়, ৰাইজক হত্যা কৰাৰ পৰিকল্পনা ৰচিছে।