লেখকৰ একলম : কিয় ‘এই বিষাদলেণ্ড নাৰায়ণগুৰি’ ?

লেখকৰ একলম—

কিয় বিষাদলেণ্ড নাৰায়ণগুৰি’ ?

দেশ, মাটি, মাতৃ আৰু মানুহৰ বাবে কিবা এটা কৰাৰ ইচ্ছা সৰুৰে পৰা বুকুত বান্ধি ৰাখিছিলো। মানুহৰ বাবে কাম কৰাৰ আদিপাঠ ঘৰখনৰ পৰাই পাইছিলো। ২০১৪ চনৰ ১ আৰু ২ মে’ৰ বিটিএডিৰ হত্যাকাণ্ডৰ ঘটনাই বড়ো জনগোষ্ঠী আৰু জনগোষ্ঠীটােৰ নেতৃত্বৰ প্রতি অবড়ো তথা মুছলমানসকলৰ বিশ্বাসৰ বাতাৱৰণ ধ্বংস কৰি ১৯৯৪ চনৰ পৰা বুকুত বান্ধি ৰখা বেদনাৰ বোজাটো গধুৰ কৰাৰ লগতে মোৰ ব্যক্তিগত জীৱনতো যথেষ্ট প্রভাৱ পেলাইছে, যিদৰে ১৯৯৪ চনতো প্রভাৱ পৰিছিল। যদিও তেতিয়া মই ৫ বছৰীয়া ল’ৰা আছিলো, তথাপি আমাৰ ঘৰখন জ্বলি আকাশখন ক’লা ধোৱাৰে আৱৰি ধৰাৰ কথা মোৰ মনত আছে। মনত আছে— আপোন ঘৰখন এৰি ৰে’লপথ পাৰ হৈ যাওঁতে শোকত ভাগি পৰি বেহুচ হৈ মূৰত পানী ঢলা মানুহবোৰৰ হৃদয়-বিদাৰক চিঞৰৰ কথা, গুলীবিদ্ধ মৃতদেহ আৰু শৰণার্থী শিবিৰত জ্বলাই হত্যা কৰা মানুহৰ পৰিয়ালৰ আর্তনাদৰ কথা। নাৰায়ণগুৰিৰ অমানৱীয়, মধ্যযুগীয় তথা হিটলাৰী কায়দাৰে পাৱাৰপাম্পত কোবাই, দুখন ভৰিত ধৰি দুফাল কৰি শিশুক হত্যা কৰাৰ পিছত মোৰ স্মৃতিৰ সকলোবোৰ কথা উজ্জীৱিত হ’ল। যদিও স্মৃতিবোৰ বিস্মৃতি হোৱাটো মই মনে-প্রাণে বিচাৰিছিলো; কিন্তু সম্ভৱ নহ’ল, নহ’বও ৷ এচাম মানুহৰ স্বাধীনতাৰ নামত আন এচাম মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা হৰণ কৰাৰ লগতে মানৱতা ভুলুষ্ঠিত কৰা হৈছে। আকৌ এচামে ইয়াৰ পূৰ্ণ সুযোগ গ্রহণ কৰাত অলপো কৃপণালি কৰা নাই, সেয়া ৰাজনৈতিকভাৱে হওক বা ব্যক্তিগত উত্কর্ষ সাধনৰ বাবেই হওক। যি সময়ত দুর্গতসকলে আপোনজনক হেৰুওৱাৰ বেদনাত আর্তনাদ কৰি মার্থেী জীয়াই থকাৰ তাড়নাত শিবিৰত চিৰিয়াখানাৰ জীৱ-জন্তুৰ দৰে নিশা যাপন কৰে, ঠিক একে সময়তে শীত-তাপ নিয়ন্ত্রিত গাড়ীৰে আৰ্তজনৰ খবৰ লোৱাৰ নামত দুটামান ফটো তুলি বা নিৰাপত্তা প্রদানৰ ভুৱা আশ্বাসেৰে বিষাদৰ নদীখনত আৱেগৰ নাও মেলি ছচিয়েল নেটৱকিং ছাইটৰ জৰিয়তে সেইবোৰ প্রকাশ কৰি নিৰ্লজ্জভাৱে নিকৃষ্ট ৰাজনীতি আৰু ব্যক্তিগত উৎকর্ষ সাধন কৰাৰ উদাহৰণ হাজাৰটা আছে। কিন্তু আর্তজন বা শৰণাৰ্থীসকলৰ দুখ-দুর্দশাৰ উপশম ঘটোৱাৰ বাবে কার্যতঃ ফলপ্রসূ একো কৰা দেখা নাযায়। দুই-চাৰিজনক আকৌ আৰ্তজনৰ কান্দোনত সমভাগী হৈ সংবাদ মাধ্যমৰ আগত চকুলোৰ বন্যা বোৱাই আৱেগৰ নদীখনত গৰাখহনীয়াৰ সৃষ্টি কৰি সস্তীয়া প্রচাৰৰ অংশীদাৰ হোৱা দেখা যায় আৰু দুদিনমান পাছতেই ক্ষতিগ্রস্তসকলৰ গৃহ নিৰ্মাণৰ পৰা আৰম্ভ কৰি পায়খানা যায়। মুঠতে একাংশ মানুহে সমাজ সেৱাৰ নামত চৰম ভণ্ডামি আৰম্ভ কৰিছে। সেইবাবে ৬৮টা বছৰৰ পৰা নিযাতন সহি নিপীড়িত আৰু শোষিত হৈ অহাসকলৰ অৱস্থাৰ পৰিৱর্তন হোৱা নাই, নহ’বও— যদিহে নিজে নিজৰ পৰিৱৰ্তন ঘটোৱা নহয়। অৱশ্যে এইবাৰ কেইবাজনো ভাল মানুহো লগ পাইছো। যিসকলে নিজৰ বাবে নহয়, মানুহৰ বাবে কাম কৰি ভাল পায়। অৱস্থাৰ পৰিৱৰ্তনৰ বাবে অসমৰ আটাইতকৈ পিছপৰা ধর্মীয় সংখ্যালঘু (মুছলমান)সকলে প্রকৃততে চেষ্টা কৰিছেনে— সেয়াও বর্তমানৰ প্রেক্ষাপটত এটা হাজাৰটকীয়া প্রশ্ন। মুছলমানসকলৰ ধৰ্মীয় দর্শনতো নিজৰ অৱস্থাৰ পৰিৱৰ্তনৰ বাবে নিজে যত্ন নকৰিলে যে সৃষ্টিকর্তায়ো পৰিৱৰ্তন কৰাই নিদিয়ে তাৰ স্পষ্ট ধাৰণা দিয়া হৈছে পৱিত্ৰ কোৰানৰ ছুৰা ৰাদৰ ১১ নং আয়াতৰ মাজেৰে | বিদেশী খেদা আন্দোলনৰ পৰা জনগোষ্ঠীয় অধিকাৰ সাব্যস্ত কৰাৰ আন্দোলনলৈকে বাৰম্বাৰ অসমৰ মুছলমানসকলক টার্গেট কৰি লোৱা দেখা যায়। তাৰ পিছতো আত্মৰক্ষা বা আত্মসন্মান জীয়াই ৰখাৰ বাবে এই সংখ্যালঘু মুছলমানসকলে কোনো চেষ্টা কৰা দেখা নাযায়। বৰঞ্চ নেতৃত্বৰ নামত একাংশই দালালি কৰাহে দেখা যায়। জাতিটোক শিক্ষাৰ পৰা আৰম্ভ কৰি চৰকাৰী বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত কৰি ৰখা দেখা যায়। বাক্সা জিলাৰ শালবাৰী মহকুমাৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তর্গত নৰসিংবাৰী, নাৰায়ণগুৰি, ৰাঘবিল, ননকে খাগ্ৰাবাৰী গাঁৱৰ লগতে বৰপেটা জিলাৰ বৰপেটা মহকুমাৰ সৰভোগ আৰক্ষী থানাৰ অন্তর্গত বগৰিগুৰি গাৱত ২০১৪ চনৰ ১ আৰু ২ মে’ আৰু ১১ জুলাইত বড়ো উগ্রপন্থীয়ে সংখ্যালঘু মুছলমানসকলৰ অর্ধশতাধিক লোকক হত্যা কৰাৰ পিছত এই গ্রন্থখন ৰচনা কৰাৰ ইচ্ছা প্রকাশ কৰা হৈছে। গ্রন্থখনত অসমৰ বাংলাভাষী মূলীয় (বংগমূলীয়) মুছলমানসকলৰ বিষয়ে সামগ্রিকভাৱে আলোকপাত কৰাৰ যত্ন কৰা হৈছে। অৱশ্যে গ্রন্থখনত নাৰায়ণগুৰিকে আদি কৰি বিটিএডিৰ শেহতীয়া হত্যাকাণ্ডৰ বিস্তৃত আলোচনা আৰু বিটিএডি অঞ্চলত স্থায়ী শান্তি প্রতিষ্ঠা কৰাৰ বাবে অধিক গুৰুত্ব আৰোপ কৰা হৈছে। এই গ্রন্থখন ৰচনাৰ কাম হাতত লৈছিলো মোৰ অতি শ্রদ্ধাৰ, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদ চাহাবৰ অনুৰোধ মৰ্মে। ননকে খাগ্রাবাৰী গাঁওখন তেখেতৰ নেতৃত্বত এটা সঁজাতী দলে পৰিদৰ্শন কৰি উভতি অহাৰ সময়ত মোক এই সামগ্রিক ঘটনাৰাজি লিপিবদ্ধ কৰিবলৈ পৰামর্শ দি ১৯৯৪ চনত বাঁহবাৰী কেম্পত হিটলাৰী কায়দাৰে মানুহ মৰাৰ পিছত প্রসংগক্রমে গণ অধিকাৰ কাকতৰ জন্ম হৈছিল বুলি কৈছিল। ১ মে'ত নৰসিংবাৰীত সংঘটিত হত্যাকাণ্ডৰ পিছৰে পৰাই তেখেতে ফোনযোগে মোৰ পৰা প্রতি মুহুর্তৰ খবৰ লৈ থাকিছিল। সেইবাবে তেখেত অঘোষিতভাৱে কিছু পৰিমাণে মোৰ আৱেগৰ বলি হৈ পৰিছিল। কেতিয়াবা কথাবোৰ তেখেতক কৈ থাকি অসমৰ সকলো মানুহ মৰি গৈছে নেকি বুলি প্রশ্ন কৰাৰ লগতে ৰাষ্ট্ৰীয় পর্যায়ৰ মানৱতাবাদীসকলৰ সহায় বিচাৰি কাতৰ অনুৰোধো কৰিছিলো। কেতিয়াবা অসহ্যকৰ এই দৃশ্যবোৰৰ বৰ্ণনা দিবলৈ গৈ কান্দিছিলো, তেখেতৰ লগত খং কৰিছিলো...। প্রতি মুহুৰ্তত তেখেতে মোক বুজাবলৈ যত্ন কৰিছিল আৰু তেখেতসকল বহি থকা নাই বুলি কৈছিল। মনত সাহস পাইছিলো, কাম কৰাৰ উদ্যম পাইছিলো। তেখেতৰ জৰিয়তেই আমান বেৰাদৰীৰ ডাইৰেক্টৰ হার্শ্ব মন্দেৰ, পীচ এণ্ড ইকুইটী চেলৰ প্রীতাৰাণী ঝা, চেণ্টাৰ ফৰ এনালাইছিছৰ ডাইৰেক্টৰ বাহাদুৰ আৰু এক্টিভিষ্ট আব্দুল কালাম আজাদ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমান ৱাদুদক লগ পাইছিলো। আৰম্ভ হৈছিল আৰু এটা নতুন যাত্ৰাৰ...

এই ছেগতে ড° হাফিজ আহমেদ চাহাবকে আদি কৰি গ্ৰন্থখন ৰচনা কৰাত উত্সাহ যোগোৱাৰ লগতে নানা প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱা চুলতান মাহমুদ মির্ধা, ডাঃ ৰিয়াজ উদ্দিন আহমেদ, ৰিজৱান হুছেইন, আব্দুল কালাম আজাদ, কোৰবান আলী চৌধুৰী, তাইজুদ্দিন আহমেদ, ছৈয়দ বুলবুল জামানুৰ প্রাঞ্জল বৰ্মন, উদয় ভাস্কৰ ডেকা, মিনহাজুল ইমৰাণ, ৰাতুল হুছেইন, আশ্রব আলী, ইব্রাহীম আলী আৰু মোৰ সাংগঠনিক সতীর্থ-বন্ধু-শুভাকাংক্ষীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো।
যাৰ সহযোগ অবিহনে এই গ্রন্থখনে কেতিয়াও পোহৰ দেখা নাপালেহেতেন, সেয়া মোৰ সেইগৰাকী সৰ্বকালৰ সহযাত্রী আৰিফা পাৰবিনক এই ছেগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ।
—সাজাহান আলী আহমেদ


ক্ৰমশঃ>>>