প্ৰথমটো উদ্ধাৰকাৰী দলৰ ইয়াৰফুলৰ কথাৰে

প্রথমটো উদ্ধাৰকাৰী দলৰ ইয়াৰফুলৰ কথাৰে

গাঁওখনত উপস্থিত হোৱাৰ পিছত বৰ্বৰ সভ্যতাৰ এখন ক'লা-বগা পৃথিৱীত উপস্থিত হোৱা যেন অনুভৱ হৈছিল তেওঁৰ, যিখন পৃথিৱীত পানীৰ দৰে বৈ গৈছিল মানুহৰ তেজ। বুলেটৰ আঘাত আৰু চোকা অস্ত্রৰ ঘাপত থকা-সৰকা হোৱা দেহাৰে জীয়াই থকাসকলে তেতিয়াও পানীৰ বাবে আর্তনাদ কৰি আছিল আৰু জীয়াই থকাৰ বাবে থকা অযুত আশা ব্যক্ত কৰিছিল...।
সাহসী আৰু প্রতিটো সামাজিক কামত কম-বেছি পৰিমাণে সহযোগিতা আগবঢ়াই বহুতৰ মনত নিৰ্ভৰযোগ্য স্থান দখল কৰিছে যুৱকজনে। একাজলি মিঠা হাঁহিৰ ৰ’দালি লৈ ফুৰা এই যুৱকজনৰ নাম ইয়াৰফুল ইছলাম। হাতত কেমেৰা এটা লৈ দিনৰ প্রায় অধিক সময় মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ মাজত বিচৰণ কৰি আমোদ লাভ কৰে তেওঁ। মানাহলৈ অহা দেশী-বিদেশী পর্যটকৰ লগত কথোপকথন আৰু প্রয়োজনীয় তথ্য যোগান ধৰাৰ ক্ষেত্ৰত কৃপণালি নকৰা ইয়াৰফুলে কোনোদিনেই কাৰো পৰা বিনিময় লোৱা নাই। বিষাদলেণ্ড (নাৰায়ণগুৰি)ৰ পৰা ২ কিলোমিটাৰমান দক্ষিণে তেওঁৰ ঘৰ। ফাতেমাবাদ চাহ বাগিচাৰ কাষতে। সেইবাবেই তেওঁ নাৰায়ণগুৰিৰ কেচা তেজৰ চেকুৰা গচকি লাভ কৰিছিল বিষাদ আৰু যন্ত্রণাকাতৰ মানুহৰ হিয়া ভগা কান্দোনৰ অবাঞ্ছিত তিক্ত সোৱাদ।

প্রথমটো ফোন কল পোৱাৰ পাছত তেওঁ বিশ্বাস কৰা নাছিল যদিও কপি উঠিছিল বুকুৰ থাইৰয়ড। কিছু সময়ৰ ভিতৰতে তেওঁ নিশ্চিত হ’ব পাৰিছিল যে নাৰায়ণগুৰিৰ ননকে খাগ্রাবাৰী গাঁওখন জুয়ে আগুৰি ধৰিছে আৰু মানুহবোৰ বন্দুকৰ গুলীৰ দ্বাৰা থকা-সৰকা হৈছে। তেওঁ দৌৰি গৈছিল নাৰায়ণগুৰিৰ মথাউৰিলৈ, য’ৰ পৰা বেঁকী নদীৰ সিপাৰে থকা ননকে খাগ্রাবাৰী গাঁওখন স্পষ্টভাৱে চাব পাৰি। তেতিয়াও ঘৰবোৰ জ্বলি আছিল আৰু পাষণ্ডবোৰে গুলীয়াই মানুহ হত্যা কৰি আছিল। প্রথমে তেওঁ মথাউৰিৰ পৰা যিমানদূৰ সম্ভৱ জ্বলি থকা গাঁওখনৰ ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰিছিল (তেওঁ জনোৱা মতে, যিবোৰ নিউজ লাইভত কেইবাদিনো নিৰৱচ্ছিন্নভাৱে দেখুওৱা হৈছিল)। আৰক্ষী অধীক্ষকলৈ টেলিফোন এটা কৰি ঘটনাৰ বিৱৰণী দিছিল তেওঁ। ডেৰ ঘন্টামান পাছত এজন ভাৰপ্রাপ্ত আৰক্ষীসহ মাত্র ছয়জন আৰক্ষী বিভাগৰ মানুহ উপস্থিত হৈছিল। যিসকলৰ হাতত উগ্রপন্থীৰ মোকাবিলা কৰাৰ বাবে উপযুক্ত মাৰণাস্ত্র নাছিল। আৰক্ষী, গাঁৱৰ মানুহ আৰু ইয়াৰফুলে নদীখন পাৰ হৈ উপস্থিত হৈছিল গাঁওখনত। শিশু-মহিলাসকলৰ কিছুমানে জীৱন ৰক্ষা কৰাৰ স্বাৰ্থত নদীখন সাঁতুৰি পাৰ হ’ব পাৰিছিল যদিও বহুতৰে তেজেৰে ৰাঙলী হৈছিল গাঁওখনৰ দূবৰি-বন। অ'ত-ত'ত পৰি আছিল মৃতদেহ। আৰক্ষীৰ সহযোগত মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছিল। আহত কেইবাজনকো চিকিত্সাৰ বাবে পঠোৱাৰ ব্যৱস্থা কৰা হৈছিল। ইয়াৰফুলহঁতে গাঁৱৰ একেবাৰে পশ্চিম প্রান্তত থকা এখন জ্বলি থকা ঘৰৰ পদূলিত উপস্থিত হৈছিল। য'ত পৰি আছিল এটা ক্ষত-বিক্ষত অর্ধমৃত যুৱকৰ নিৰ্থৰ দেহ। যুৱকজনক তেওঁলোকে চিনি পায়, তেওঁৰ নাম ৰমেজ উদ্দিন (১৯)। ৰমেজৰ বুকু ভেদ কৰি গুলী পাৰ হৈ গৈছিল। তেওঁৰ সোঁ বাহুত চোকা অস্ত্রৰে কোবাইছিল আৰু শৰীৰৰ মাংসবোৰ মাটিত ছিটিকি পৰি আছিল। তেওঁ পৰি থকা ঠাইত তেজে চেকুৰা বান্ধিছিল আৰু তেওঁ পৰি থকা বিষাদভূমিৰ পৰা বাৰে বাৰে উঠাৰ বৃথা চেষ্টা কৰিছিল। শৰীৰৰ সৰ্বশক্তি প্রয়োগ কৰি পৰি থকা স্থানৰ পৰা উঠাৰ এই চেষ্টা তেওঁৰ বাবে আছিল জীয়াই থকাৰ প্রবল ইচ্ছাশক্তিৰ বহিঃপ্রকাশহে মার্থো। কিন্তু তেওঁ বিফল হৈছিল। তেওঁৰ হাত-ভৰি সঞ্চালিত হোৱা নাছিল। শৰীৰটাে যেন গধুৰ হৈ পৰিছিল তেওঁৰ বাবে, তেতিয়াও তেওঁ মুখেৰে উচ্চাৰণ কৰি আছিল পানী পানী’বুলি। যেন এটােপাল পানীয়ে তেওঁক পুনৰ জীপাল কৰি তুলিব, মানাহৰ কোমল পাতৰ দৰে সেউজীয়া কৰি তুলিব তেওঁৰ বসন্ত। যুৱকজনৰ বিয়াৰ কথা চিন্তা কৰি মা-দেউতাই ছোৱালী দেখামেলা আৰম্ভ কৰিছিল। তেওঁৰ জীৱনৰ এই বসন্তৰ বতৰ হঠাত্ ফাগুনৰ সৰা পাত হ’ব বুলি কোনোদিনেই কল্পনা কৰা নাছিল তেওঁ। অলপ পানী খোৱাৰ পিছত ৰমেজে তেওঁক আক্রমণ কৰা নৰপিশাচকেইজনৰ নাম উচ্চাৰণ কৰিছিল। ৰজেন বড়ো, বিজিত বড়ো আৰু থানেশ্বৰ বড়োৱে তেওঁক আক্রমণ কৰিছিল। তেওঁ ভালদৰেই তেওঁলোকক চিনি পাইছিল। কাৰণ এই তিনিও আছিল সেইগাঁৱৰে গাতে লাগি থকা মানাহৰ বনৰক্ষী। যিসকল আছিল তেওঁৰ বন্ধুৰ দৰে। ঘৰখনত উপস্থিত হৈ প্রথমে তেওঁলোকে ৰমেজক আলিঙ্গন কৰিছিল আৰু একে সময়তে চোকা অস্ত্রৰে আক্রমণ কৰিছিল। তেওঁ চিঞৰি উঠিছিল- কি কৰিলি বন্ধু? কিন্তু পাষণ্ডহঁতৰ বাবে তেওঁৰ বন্ধুত্ব সেই সময়ত আছিল মার্থে তেওঁক হত্যা কৰাৰ সহজ কৌশলহে মার্থো। ৰমেজক ততালিকে নদী পাৰ কৰি চিকিত্সালয়লৈ নিয়াৰ ব্যৱস্থা কৰা হৈছিল যদিও নদীৰ মাজভাগতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছিল। ৰমেজসহ চিকিত্সাৰ বাবে পঠোৱা তিনিজনৰ কোনেও জীয়াই থকা নাই এন্ধাৰৰ পৃথিৱীখনত। বেঁকীৰ সোতৰ লগত ভাহি গৈছে তেওঁলোকৰ ভৱিষ্যত্, বসন্ত আৰু সোণালী সপোন। লাহে লাহে এন্ধাৰ নামি আহিবলৈ ধৰিছিল। গাঁওখনলৈ অধিক উদ্ধাৰকাৰীৰ সমাগম হব ধৰিছিল। জঙ্গলত লুকাই প্রাণ ৰক্ষা কৰাসকল ক্রমশঃ ওলাই আহিছিল। মৃত্যু উপত্যকাৰ পৰা আৰু সাতটা মৃতদেহ তেওঁলোকে উদ্ধাৰ কৰিছিল। যিবোৰ গুলীবিদ্ধ আছিল। তেওঁলোকে পাছলৈ জঙ্গলৰ মাজতো বিচাৰি পাইছিল যুৱতীৰ মৃতদেহ। সংবাদ মাধ্যম আৰু সকলো পক্ষৰ পৰা লুকুৱাই ৰখা হৈছিল সিহঁতৰ মৃত্যুৰ কাৰণ। মুঠতে জঙ্গলত পোৱা যুৱতীৰ মৃতদেহবোৰ গুলীবিদ্ধ বা চোকা অস্ত্ৰৰ কোবৰ চিন মুক্ত আছিল। ঘটনাৰ উজনিতো পোৱা গৈছিল মহিলাৰ মৃতদেহ লাহে লাহে মৃতদেহৰ সংখ্যা বৃদ্ধি পাই আছিল। সান্ধ্য আইনে সমগ্র অঞ্চল মাতাল কৰি থৈছিল যদিও সুৰুঙা বিচাৰি জাকে জাকে মানুহ আহিছিল নাৰায়ণগুৰিৰ বাঙাৰপাৰ বজাৰলৈ। জাতীয় সংগঠনৰ নেতাসকল আহিছিল। পৰিৱেশ ক্ৰমাঃ উষ্ম হৈ পৰিছিল। কিছুমান নেতাই প্রথমে পৰিৱেশ গৰম কৰি পাছত নিজৰ পকেট গৰম হোৱাত পৰিৱেশ ঠাণ্ড কৰিবলৈ যাওঁতে ৰাইজৰ ৰোষত পৰিছিল। দালাল উপাধি পাইছিল, যিদৰে ১৯৯৪ চনৰ পৰা কেইবাজনো আজিও উক্ত অঞ্চলত দালাল নামেৰে পৰিচিত হৈ আছে। মৃতদেহক লৈ দালালি কৰাৰ প্রৱণতা আজি বিশটা বছৰেও নগ’ল এই জাতিৰ একাংশ তথাকথিত নেতাৰ। মানুহ মৰিলেই যেন তেওঁলোকৰ আমদানি ঘটে আৰু নেতাগিৰি জাহিৰ কৰাৰ পথ সুচল হয়। এচি কোঠাত বহি জাতিৰ ভৱিষ্যত্ নির্ণয় কৰাসকলৰো কোনোবা ব্যক্তিগত টিভি চেনেলৰ আমন্ত্রণৰ শৰাই অহাত সুবিধা হয়। তেওঁলোকে পাহৰি যায় ৰমেজ উদ্দিনৰ দৰে মৃত্যুৰ অপেক্ষাত ছটফটাই থকা শ্বহীদসকলৰ কথা। পাহৰি যায় মাতৃ হেৰুওৱাৰমেজা আৰু গুলীৰ আঘাতত হাতৰ আঙুলি হেৰুওৱা তাছলিমাহঁতৰ কথা.....। পাহৰি যায় মাজনীহঁতৰ দৰে মধ্যযুগীয় বর্বৰতাৰ বলি হোৱাসকলৰ কথা। কিন্তু তেওঁলোকেও পঢ়ে পৱিত্ৰ কোৰানৰ ছুৰা ৰাদৰ ১১ নং আয়াত ......