দুৰ্ভগীয়া আব্দুল ছালাম

দুৰ্ভগীয়া আব্দুল ছালাম

তেওঁ ঘাতক বাহিনীৰ গুলীত নিজৰ মাতৃ-পুত্ৰ, ভতিজীক নিহত হোৱা দেখা পাইছিল। বনকৰ্মৰ গুলীত বাগৰি পৰা দেখা পাইছিল পত্নী আৰু কন্যাক। তেওঁৰ কন্যাৰ মুখেৰে গুলী সোমাই গলেৰে পাৰ হোৱাৰ দৃশ্য প্রত্যক্ষ কৰিও একো কৰিব নোৱাৰা অসহায় পিতৃত্বৰ অভিশাপ বহন কৰি আছে তেওঁ। তেওঁৰ নাম আব্দুল ছালাম (৩৫)। শুক্রবাৰ আছিল বাবে বাৰটা বজাতেই গা-পা ধুই মছজিদলৈ নামাজ পঢ়িবলৈ গৈছিল তেওঁ। শুক্রবাৰৰ জুম্মাৰ নামাজৰ মাদকতাই বেলেগ। গাৱৰ সকলো ৰাইজে একত্ৰিত হৈ একেলগে ঈদৰ আনন্দেৰে আদায় কৰে জুম্মাৰ নামাজ। হজ কৰাৰ অসমর্থসকলৰ বাবে জুম্মাৰ নামাজ হজৰ সমতুল্য হোৱা বাবে তেওঁলোকে সাধাৰণতে জুম্মাৰ নামাজ বাদ নিদিয়ে। নামাজ পঢ়ি আহি ছালামে খেতিত বেৰা দি আছিল। তেওঁলোকৰ গাৱৰ গাতে লাগি থকা মানাস উদ্যানৰ পৰা হৰিণা আহি খেতিৰ শস্য খাই তহিলং কৰে বাবে বেৰা নিদিয়াকৈ খেতি কৰিব নোৱাৰে তেওঁলোকে। বেৰা দিয়া আধা হোৱাৰ পিছত তেওঁ গুলীৰ শব্দ শুনা পাইছিল। বনকৰ্মীসকলে চোৰাং চিকাৰী প্রতিৰোধ কৰাৰ বাবে বা অইন বনৰীয়া জন্তু জনবসতিপূর্ণ অঞ্চললৈ অহাত বাধা প্রদান কৰাৰ বাবে মাজে-সময়ে এনেদৰে গুলীয়ায় বাবে তেওঁলোকে গুলীৰ শব্দ পাইও বিশেষ শংকিত হোৱা নাছিল। কিহৰ শব্দ বুলি তেওঁ গাঁৱৰে কাশেমক ওচৰত পাই সোধাত 'ফৰেষ্টৰ গুলীৰ শব্দ’বুলি কৈ আঁতৰি গৈছিল। তেওঁ পুনৰ নিজৰ কামত মনোযোগ দিছিল। যদিও তেওঁলোকৰ মনত নৰসিংবাৰী আৰু বালাপাৰাৰ হত্যাকাণ্ডই শংকাৰ ডাৱৰ বিস্ফোৰিত কৰিছিল, তথাপি তেওঁলোকৰ ৰক্ষাৰ বাবে ইতিমধ্যে বনকৰ্মীসকলে অভয়বাণী দি থৈছিল। গুলীৰ শব্দ ক্রমশঃ বৃদ্ধি পোৱাত হামেদ নামৰ মানুহজনে কাশেম আৰু তেওঁক নাঙ্গেৰা আইতাছে, এহন বইয়া ৰৈছ...’ বুলি কৈ তেওঁ তাৰ পৰা তত্ক্ষণাত্ বিদায় ল’লে। তেওঁলোকে গাঁওখনৰ মাজভাগত আছিল বাবে হত্যাকাৰীসকলে তেওঁলোকৰ ওচৰ পোৱাৰ কিছু সময় লাগিছিল। কাৰণ তেওঁলোকে মানুহ হত্যা কৰাৰ সমান্তৰালকৈ ঘৰ জ্বলাই আহি আছিল।ইতিমধ্যে তেওঁলোকে পশ্চিম ফালে উকি মাৰি হত্যাকাৰীসকলৰ আগমনৰ নিশ্চিতি লাভ কৰিছিল। প্রাণটাে লৈ মানুহবোৰে দৌৰি আহি আছে পূব ফালে। খুব সম্ভৱতঃ তেওঁলোক বন পহৰা চকীৰ ফালে ধাৱিত হৈছে। তাৰ পৰাই কিছু নিৰাপত্তা পোৱাৰ আশা তেওঁলোকে কৰিছিল আৰু তাতেই নিৰাপদে বেঁকী পাৰ হোৱা নাওবোৰ ৰখাই থোৱা আছিল। ছালামৰ পত্নী ছালেহা খাতুনে কোলাত এবছৰীয়া পুত্ৰ নুৰ উদ্দিন আৰু পাঁচবছৰীয়া কন্যা ফুলেজা খাতুনক হাতত ধৰি লৈ সেই অভিশপ্ত স্থান ত্যাগ কৰাৰ সময়ত তেওঁকো তাৰ পৰা নিৰাপদ স্থানত যোৱাৰ বাবে কাতৰ অনুৰোধ কৰিছিল। কিন্তু ছালামে জন্মদাতা মাতৃক অকলে এৰি থৈ যাব নোৱাৰে। তেওঁ নেমু খেতিৰ মাজেৰে আহি ঘৰৰ চোতাল পাইছিলহেমাথো, শত্রুপক্ষ তেওঁলোকৰ নিচেই কাষত দেখা পাই তাৰ পৰা ততালিকে পলায়ন কৰাৰ বাবে প্রয়াস কৰিলে। তেওঁৰ মাতৃ লতিফন বেওৱা (৬০)ক জঙ্গললৈ যোৱাৰ বাবে কৈ তেওঁ দৌৰি পুনৰ নেমুগছৰ আঁৰ লৈ থাকিল। মাতৃ লতিফনে চোতালৰ মাজেৰে গৈ থাকোতে ঘাতকৰ গুলীয়ে বুকু ভেদ কৰিলে। তাই বাগৰি পৰিল চোতালত। চোতালখন ৰক্তাক্ত হৈ পৰিল। সুযোগ বুজি তেওঁ কাষৰ জঙ্গললৈ যোৱাৰ বাবে চেষ্টা চলালে আৰু এডাল গছৰ গুৰিত ঘাতক বাহিনীৰ পৰা নিৰাপদে আশ্রয় গ্রহণ কৰিলে। তেতিয়া তেওঁৰ গাত যেন অলপো শক্তি নাছিল। যেন সপোনত দৌৰি থকা মানুহৰ দৰে হৈ পৰিছে তেওঁ। ভাগলৈকে তেওঁলোকক নিৰাপত্তা দিয়াৰ প্রতিশ্রুতি দি আছিল, তেওঁলোকেই ক’লা কাপোৰ বান্ধি অহা হত্যাকাৰীসকলৰ লগত সহযোগিতা আগবঢ়াইনৰসংহাৰ কৰি আছে। চৰকাৰী বন্দুকেৰে তেওঁলোকে চলাই গৈছিল নিধনযজ্ঞ। তেওঁ লুকাই থকা স্থানৰ পৰা স্পষ্টকৈ দেখা পাইছিল কাৰবালাৰ দৃশ্য। যত আবাল-বৃদ্ধ-বনিতাসকলে গল কটা কুকুৰা চৰাইৰ দৰে ছটফটাই মৃত্যুক আঁকোৱালি ল’ব লগা হৈছিল। তেওঁ স্পষ্টভাৱে চিনিব পাৰিছিল তেওঁৰ পত্নীক গুলীয়াই বগৰাই পেলোৱা দীনেশ বড়ো আৰু বিজিত বড়োক। তেওঁলোকৰ গুলীত প্রথমে কোলাত থকা এবছৰীয়া কেচুৱা নুৰ উদ্দিনৰ কলিজা ভেদ কৰি মাতৃ ছালেহাৰ বাহুৰে পাৰ হৈ গ’ল। মাতৃৰ কোলাৰ পৰা সৰি পৰিল কেচুৱা। মৃত পুত্ৰৰ কাষতেই পৰি থাকিল ছালেহা। এই দৃশ্যবোৰ দেখা পাই গগন ফালি চিঞৰা পাঁচ বছৰীয়া কন্যা ফুলেজাৰ মুখেৰে গুলী সোমাই গলেৰে পাৰ হৈ গ’ল।
কেচুৱা জীয়াই নাথাকিল যদিও বড়ো উগ্ৰবাদীৰ নৃশংসতাৰ স্বাক্ষৰ বহন কৰি জীয়াই থাকিল ছালেহা আৰু ফুলেজা। আৰু জীয়াই থাকিল এইসকলোবোৰ দৃশ্য নিজ চকুৰে দেখিও একো কৰিব নোৱাৰা দুৰ্ভগীয়া আব্দুল ছালাম।
আহত পত্নী ছালেহা খাতুন আৰু কন্যা ফুলেজা খাতুনৰ চিকিত্সাৰ বাবে চেন্নাইলৈ লৈ যোৱাৰ বাবে মাতৃৰ মৃত্যুৰ পিছত লাভ কৰা টকাৰ প্রায় ডেৰ লাখ টকা তেওঁ খৰচ কৰিলে যদিও চৰকাৰী সাহায্য লাভ কৰা নাই। আনকি চৰকাৰে আহতৰ বাবে ঘোষণা কৰা পঞ্চাশ হাজাৰ টকাৰ এটকাও লাভ কৰা নাই তেওঁলোকে।
তেওঁলোকৰ পৰিয়ালৰ মানুহক হত্যা কৰাৰ লগতে গাঁৱৰ অইন মানুহক হত্যা কৰাসকলক শিল মাৰি মাৰি নাইবা ফাঁচিকাঠত ওলমাই মৃত্যু দান কৰিব লাগে বুলি আমাৰ আগত দাবী উত্থাপন কৰিলে তেওঁ। এই হত্যাকাণ্ডতেই তেওঁৰ ভতিজী ছাহিনা খাতুন, ভনী জয়ফল বেওৱাৰো মৃত্যু হৈছে। যিগৰাকী নাৰীয়ে স্বামীৰ মৃত্যুৰ পিছত ১৪-১৫ বছৰে নিজৰ পুত্র জয়নাল আবদিনক লৈ সপোন ৰচিছিল জীয়াই থকাৰ। জয়নাল আবদিন এতিয়া ১৬ বছৰীয়া ডেকা। আমিও মানুহৰ আদর্শেৰে। মাতৃৰ হত্যাৰ প্রতিশোধৰ জুই বুকুত লৈ নহয়। কিন্তু তেওঁ জানো ক্ষমা কৰিব পাৰিব ঘাতকসকলক ? ? ?