আব্দুল হামিদৰ কথাৰে

আব্দুল হামিদৰ কথাৰে.....
মানুহজনৰ বয়স ৬০ বছৰ। তেওঁ ঘটনাৰ সময়ত ঘৰতে আছিল বাবে নিচেই ওচৰৰ পৰা প্রত্যক্ষ কৰিছিল হত্যাযজ্ঞ। মানুহজনৰ পৰা ৰাষ্ট্ৰীয়আন্তঃৰাষ্ট্ৰীয় কেইবাটাও আগশাৰীৰ বাতৰি সংগ্ৰহকাৰী মাধ্যমে ভাষ্য গ্রহণ কৰিছে। মইও তেওঁৰ পৰা কথাবোৰ জনাৰ বাবে চেষ্টা কৰিছিলো।
তেওঁ আবেলি সময়ত ভাঙাৰপাৰ বজাৰৰ পৰা ঘৰলৈ উভতি আহি ঘৰৰ মানুহৰ অনুৰোধ মৰ্মে পায়স খাবলৈ আৰম্ভ কৰিছিল। ঘৰলৈ আলহী অহা বাবে পায়স বনাইছিল। আলহী গুচি গৈছিল তেতিয়া। পাত্র এটাত পায়স লৈ খাবলৈ প্রস্তুতি লোৱাৰ সময়তে গাঁওখনৰ পশ্চিম ফালৰ পৰা গুলীৰ শব্দ শুনা পাইছিল। বহুতে ভবাৰ দৰে তেৱোঁ সেইবোৰ বনকৰ্মৰ গুলী বুলি ভাবিছিল। তেৱোঁ ভাবিছিল সেইবোৰ চোৰাংচিকাৰী প্রতিৰোধৰ গুলী বুলি। তেওঁৰ পায়স খোৱা নহ’ল। ক্ৰমাশঃ গুলীৰ শব্দ বাঢ়ি অহাত তেওঁৰ শংকা হ’ল। কাৰণ মানুহবোৰ যথেষ্ট সন্ত্রস্ত হৈ আছিল। নিশাৰ ভাগত পহৰাৰ ব্যৱস্থা কৰিছিল আৰু বনকর্মীসকলৰ লগত আলোচনা কৰি নিৰাপত্তা দিয়াৰ বাবে গাঁৱৰ মানুহে অনুৰোধ কৰিছিল। গুলীৰ শব্দ পাই তেওঁৰ মনটাে যেন দুর্বল হৈ পৰিল, কাৰণ তাৰ আগৰ দিনাখন নৰসিংবাৰীত বড়ো উগ্রপন্থীয়ে গুলীয়াই তিনিজনকৈ মানুহক হত্যা কৰিছিল। সেইবাবেই বজাৰৰ পৰা অধিক লাগতিয়াল বয়-বস্তু ক্রয় কৰি আনিছিল। তেওঁলোকে গাঁওখনৰ পশ্চিম ফালে থকা নিউ নেন’ আৰু পূব ফালে থকা নেন বীটৰ বনকৰ্মীসকলৰ ওপৰত যথেষ্ট ভৰসা কৰিছিল।
বনকর্মীসকলে নিজৰ জীৱন দি হ’লেও তেওঁলোকক নিৰাপত্তা দিব বুলি তেওঁলোকে বিশ্বাস কৰিছিল। কাৰণ সকলোৰে লগত তেওঁলোকৰ সম্পর্ক যথেষ্ট মধুৰ আছিল। কিছু সময়ৰ ভিতৰতে তেওঁ নিশ্চিত হ’ব পাৰিলে যে তেওঁলোকৰ গাঁওখনত আক্রমণ হৈছে। পৰিয়ালৰ মানুহবোৰক লগত লৈ ঘৰৰ দক্ষিণ ফালেৰে ওলোৱাৰ বাবে মনস্থ কৰি বাট বুলিলে তেওঁ, এইবাটেৰে আগবাঢ়ি গৈ নদীৰ পাৰলৈ যাব আৰু নাৱেৰে নদীখন পাৰ হ’ব। কোলাত ভতিজা, পিছে পিছে ১৭-১৮ বছৰীয়া জীয়াৰী, তাৰ কিছু আঁতৰত পৰিয়ালৰ আন সদস্যসকল। গৈ থাকোতে এজন গাঁৱলীয়াক নেমুৰ পুলি ৰুই থকা দেখা পাই সুধিলে-"কিহৰ শব্দ হৈ আছে? মানুহজনে অলপ খং কৰিয়েই উত্তৰ দিলে – ফৰেষ্টৰ গুলী চলিয়েই থাকে, এইটাে আৰু সুধিব লগা কথা নেকি? তেওঁৰ মনৰ পৰা তথাপি শংকা আঁতৰ হোৱা নাছিল। এবিঘামান আগবাঢ়ি গৈ গাঁওখনৰ মূল পথলৈ উকি মাৰি চালে তেওঁ। ৭-৮ জনীয়া অস্ত্ৰধাৰী যুৱকৰ দল। তেওঁক দেখা পাই পুনৰ বুলেট নিক্ষেপ কৰিলে অস্ত্ৰধাৰীয়ে। এই দৃশ্য দেখা পাই তেওঁৰ জীয়াৰীয়ে গাঁৱৰ উত্তৰ ফালে থকা মানাহ অভয়াৰণ্যলৈ বুলি দৌৰিবলৈ আৰম্ভ কৰিলে। হামিদ চাহাবেও পৰিয়ালৰ বাকী সদস্যক লগত লৈ প্রাণপণে দৌৰিবলৈ আৰম্ভ কৰিলে। মানাহ অভয়াৰণ্যৰ ভিতৰলৈ সোমাই গৈ তেওঁলোকে আৰু বহুতো মানুহক লগ পালে। তিৰোতা মানুহবোৰে জঙ্গলত আশ্রয় লৈ প্রাণ বচাবলৈ চেষ্টা কৰিছে। সিহঁতৰ শৰীৰ ভয়ত কপি আছিল। প্রায় প্রতিজন তিৰোতাৰ কোলাত কেঁচুৱা আছিল। তেওঁ লগ পোৱা তিৰোতাসকলৰ মাজত এগৰাকী বেমাৰী তিৰোতাও আছিল। তেতিয়া গুলীৰ প্রচণ্ড শব্দ তেওঁলোকৰ কাণত পৰিছিল আৰু ঘৰবোৰ জ্বলাই দিয়াৰ বাবে ধোৱাৰে আকাশখন ক’লা হৈ পৰিছিল, ঘৰবোৰ জ্বলি জ্বলি ভয়ংকৰ শব্দ ভাহি আহিছিল। শব্দ যিমানে বাঢ়ি আহিছিল তেওঁলোকো সিমানেই জঙ্গলৰ ভিতৰলৈ সোমাই গৈছিল। গভীৰ জঙ্গলৰ ভিতৰত বহি থাকোতে সন্ধিয়া নামি আহিল। এনেতে মছজিদৰ মাইকত কোৱা শুনিলে- ‘কোন ক’ত আছা, ওলাই আহা’। তেওঁলোকে প্রথমে বিশ্বাস কৰা নাছিল। হত্যাকাৰীসকলেও এনে কৰিব পাৰে বুলি ভাবিছিল তেওঁলোকে। সেইবাবে বাকী মানুহবোৰক নিৰাপদ জঙ্গলত থৈ তেওঁ আৰু ১২-১৩ বছৰীয়া ল’ৰা এজনক লৈ গাঁওখনৰ ফালে আগবাঢ়ি আহিল। তেওঁলোক বহু দূৰলৈ গুচি গৈছিল। এজোপা গছৰ ওপৰত উঠি মাইকৰ শব্দ স্পষ্টকৈ শুনিবলৈ পাই নিশ্চিত হ’ল যে মাইকত উদ্ধাৰকাৰীসকলে ঘোষণা কৰি আছে। তেওঁ তাতেই থাকি লগত অনা ল’ৰাজনক বাকী মানুহক মতাৰ বাবে পঠাই দিলে।

গাঁওলৈ উভতি আহি ঘৰবোৰ জ্বলি যোৱা দেখা পালে। তেওঁৰ ঘৰৰ সন্মুখত ইব্রাহিম (৬৫)ৰ মৃতদেহ পৰি আছে। ইব্রাহিম তেওঁৰ ভনীজোঁৱাই। তেওঁ মৃতদেহৰ পৰা নির্গত হোৱা তেজৰ নৈখন প্রত্যক্ষ কৰি বেহুচ হৈ পৰি থাকিল।