চেন্টাৰ ফৰ পলিচি এনালাইচিচৰ ৰিপোৰ্ট

বিটিচিৰ সাম্প্ৰতিক হিংস্ৰ ঘটনাৱলী সন্দৰ্ভত 
চেন্টাৰ ফৰ পলিচী এনালাইছিছৰ তথ্য সংগ্ৰহকাৰী দলৰ প্ৰতিবেদন


মে’ মাহৰ ১০ আৰু ১১ তাৰিখে দিল্লীৰ Centre for policy Analysis ৰ সঁজাতী দল এটাই বিটিএডিত হিংস্ৰ ঘটনাৱলী সংঘটিত হোৱা গাঁওবোৰ আৰু শৰণাৰ্থীসকলে বাস কৰি থকা প্ৰধান আশ্ৰয় শিবিৰটো পৰিদৰ্শন কৰে৷ এই দলটোত আছিল জ্যেষ্ঠ সাংবাদিক সীমা মুস্তফা, আনন্দ সহায় আৰু সতীশ জেকব, জ্যেষ্ঠ ৰাজনৈতিক বিশ্লেষক তথা শিক্ষাবিদ অনুৰাধা চেনয় আৰু প্ৰখ্যাত সমাজকৰ্মী তথা লেখক হাৰ্শ« মান্দেৰ৷ চৰ-চাপৰি সাহিত্য পৰিষদৰ আমন্ত্ৰণত অহা এই সঁজাতী দলৰ সদস্যসকলে এই হিংসাত্মক ঘটনাৰ বলিসকল, শিবিৰত বাস কৰা এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী কিছুসংখ্যক লোক আৰু স্থানীয় বিষয়াবৰ্গ [যাৰ মাজত বাক্সা জিলাৰ উপায়ুক্ত বিনোদ ছেচ’নো আছিল৷] আৰু স্থানীয় নিৰাপত্তা কৰ্মীসকল, জাতীয় সংখ্যালঘু আয়োগৰ সদস্যসকল [যিসকলে এই ঘটনাৰ বুজ ল’বলৈ আহি এই স্থানত উপস্থিত হৈছিল]ক লগ ধৰিছিল৷ তদুপৰি গুৱাহাটীত বিভিন্ন সামাজিক সংগঠনৰ প্ৰতিনিধিকো সঁজাতী দলটোৱে সাক্ষাৎ কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰিছিল৷
গণহত্যাৰ তদন্ত কৰিবলৈ যাওঁতে
গুৱাহাটীৰ পৰা বিটিএডিৰ বাক্সা জিলালৈ যাবলৈ আমাৰ মাত্ৰ চাৰি ঘন্টা সময়হে লাগিছিল৷ কিন্তু এই ভ্ৰমণ আমাৰ বাবে যেনিবা Time machineৰ জৰিয়তে এক অন্ধকাৰ যুগত প্ৰৱেশ কৰা ভ্ৰমণহে আছিল৷ আমি দুৰ্গম অঞ্চল এটাত প্ৰথমে টুলুঙা নাৱেৰে পাৰ হৈ তাৰ পিছত শিলাময় খৰস্ৰোতা নৈৰ মাজেৰে প্ৰায় দুঘন্টা খোজকাঢ়ি গৈ নাৰায়ণগুৰিৰ খাগ্ৰাবাৰী গাঁৱত যেতিয়া প্ৰৱেশ কৰিছিলোঁ, হিংস্ৰতা, ৰক্তপাত আৰু হত্যালীলাৰ এক অন্ধকাৰ গহ্বৰত প্ৰৱেশ কৰা যেন অনুভৱ হৈছিল৷
দ্বিতীয়বাৰ নাৱৰ পৰা নামি আমি বোকাময় সৰু বাট এটাৰে গৈ এনে এখন গাঁও পাইছিলোগৈ, য’ত সভ্যতাৰ পোহৰ পৰা বুলি ক’ব নোৱাৰি৷ গাঁওখনৰ এফালে আছিল গভীৰ আৰু খৰস্ৰোতা পানীৰে উপচি থকা বেঁকী নৈখন, অইনফালে আছিল ভূটান সীমান্তলৈ বিয়বিপ থকা প্ৰায় ২৫ কিঃমিঃ জোৰা ঘন জংগল৷ তাৰ মাজতে আছিল গণহত্যাৰ বলি হোৱা গাঁওখন৷ বিদ্যুৎ, পানী যোগান, স্বাস্থ্যসেৱাৰ কোনো সুযোগ নোপোৱা ঘন হাবিৰ কাষত কেইটামান জুপুৰিৰ সমষ্টি৷ এই গাঁওখনৰ বাসিন্দাসকলে এই দীৰ্ঘ, বিৰক্তিদায়ক আৰু ভয়াৱহ বাটেৰে, বেঁকী নদীৰ মাজেৰে দিনৰ পিছত দিন ধৰি অহা-যোৱা কৰিব লাগে- চিকিৎসাৰ বাবে, কৰ্মসংস্থানৰ বাবে, অধ্যয়নৰ বাবে, জীয়াই থাকিবলৈ৷ উন্নয়নমূলক আঁচনিবোৰে তেওঁলোকক ঢুকি পোৱা নাই, দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰাও তেওঁলোকে মুক্তি লাভ কৰিবলৈ সক্ষম হোৱা নাই৷
এই গণহত্যাৰ বলিসকলে ভূটান সীমান্তৰ কাষত থকা অসমৰ শেষ প্ৰান্তত বাস কৰিছিল৷ এই গাঁওবোৰৰ কাষত থকা গভীৰ হাবিত অস্ত্ৰধাৰী উগ্ৰপন্থীসকলে মুক্তভাৱে বাস কৰি আছে- কাৰো পৰা কোনো ধৰণৰ বাধা-বিপত্তিৰ সন্মুখীন নোহোৱাকৈ৷ এই গণহত্যাৰ বলিসকল আছিল বাংলা ভাষাৰ এক দোৱানত কথা পতা মুছলমান লোক আৰু মে’ মাহৰ প্ৰথম দিনাখন সংঘটিত নৃশংস ঘটনাই পুনৰায় প্ৰমাণ কৰিলে যে বিটিএডি তথা সমগ্ৰ অসমতে বাংলা ভাষাত কথা পতা মুছলমান হোৱাটোৱেই যেনিবা এক চৰম অপৰাধ৷
মে’ মাহৰ এক তাৰিখে অইন দিনাৰ দৰে গাঁওখনৰ মতা মানুহবোৰ কাম বিচাৰি বা দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সামগ্ৰী কিনিবলৈ ওলাই গৈছিল৷ গাঁৱত আছিল কেৱল তিৰোতা, শিশু, বৃদ্ধ আৰু বিকলাঙ্গ লোকসকলহে৷ আবেলি ৪ বজাত গাঁৱত থকা লোকসকলে হঠাৎ মেচিন গানৰ গুলীৰ শব্দ শুনিবলৈ পায়৷ বন বিভাগৰ কৰ্মীসকলৰ নেতৃত্বত ৩০-৪০ জনীয়া সশস্ত্ৰ বাহিনী এটাই তিৰোতা আৰু শিশুসকলৰ ওপৰত নিৰ্বিবাদে গুলী চলাবলৈ আৰম্ভ কৰে৷ এইদৰে গুলী চলোৱা বন বিষয়াসকলৰ একাংশক এই ঘটনাৰ প্ৰত্যক্ষদৰ্শী অনেকেই চিনি পাইছিল৷ সন্ত্ৰস্ত হৈ গাঁওবাসীয়ে সিটো মূৰলৈ দৌৰি পলায়৷ কিন্তু কেইমিনিটমানৰ পিছতেই সশস্ত্ৰ বাহিনীয়ে তেওঁলোকক আগুৰি ধৰে৷ সিহঁতৰ বুলেটৰ আঘাতত তিৰোতা আৰু শিশুবোৰ ধৰাশায়ী হৈ পৰে৷ সন্ত্ৰস্ত মাকসকলে কোলাত কেঁচুৱা লৈ বেঁকী নদীত জঁপিয়াই পৰিবলৈ বাধ্য হয়৷ কিন্তু নৰহত্যাকাৰীসকলৰ হাতৰ পৰা তেওঁলোকে ৰক্ষা নাপালে৷ বেঁকীৰ পানীৰ মাজতো তেওঁলোকক গুলীয়াই হত্যা কৰা হয়৷ মাতৃসকলৰ মৃত্যুৰ লগে লগে তেওঁলোকৰ কোলাৰ কেঁচুৱা আৰু শিশুবোৰৰো বেঁকীৰ বুকুত সলিল সমাধি ঘটে৷ এই ঘটনাত ৪৫ গৰাকী লোক নিহত হয়, এই প্ৰতিবেদন প্ৰস্তুত কৰাৰ সময়ত অইন দহগৰাকী লোক নিৰুদ্দেশ হৈ আছিল৷ তাৰ পিছত গাঁওবাসীক আৰু অধিক সন্ত্ৰস্ত কৰিবলৈ এই উগ্ৰপন্থীসকলে দৰিদ্ৰ নাৰায়ণ, অসহায় এই লোকসকলৰ জুপুৰিবোৰত জুই লগাই দিয়ে৷ গাঁওখনৰ ৭২ ঘৰ মানুহৰ ৭০ ঘৰৰে পঁজাবোৰ পুৰি ছাইত পৰিণত হয়৷ পলাই যাবলৈ দৌৰি থকা শিশু এটাক উগ্ৰপন্থীসকলে পাৱাৰপাম্পৰ মেচিন এটাত থেকেচি হত্যা কৰে৷ অইন বহুতকে দৌৰি পলাই যাওঁতে গুলীয়াই নিহত কৰা হয়, যিসকলৰ মৃতদেহ পিছত হাবিৰ মাজত উদ্ধাৰ কৰা হয়৷ শিশুহঁতে গছৰ আঁৰত লুকাই, ভয়ত কঁপি কঁপি প্ৰত্যক্ষ কৰিছিল-- কিদৰে সিহঁতৰ মাকসকলক আৰু ভাই-ভনীহঁতক গুলীয়াই হত্যা কৰা হৈছিল৷
বহুতেই আমাৰ আগত এনে গাৰ নোম শিয়ৰি উঠা অভিজ্ঞতাবোৰ বৰ্ণনা কৰিছিল৷ এনে শিশুহঁতৰ বাবে মানসিক পৰামৰ্শৰ জৰুৰী প্ৰয়োজনে দেখা দিছে৷ ন বছৰীয়া ছোৱালী এজনীয়ে আমাক কৈছিল কিদৰে তাইৰ মাকে এহাতে চাৰিমহীয়া কেঁচুৱা এটা আৰু অইন হাতত তাইৰ তিনিবছৰীয়া ভায়েকটোক খামুচি ধৰি বেঁকী নদীত জঁপিয়াই পৰি প্ৰাণ ৰক্ষাৰ বাবে চেষ্টা কৰিছিল৷ তাই দেখিছিল- তাইৰ মাক আৰু ভায়েকক কিদৰে গুলীয়াই দিয়া হৈছে আৰু চাৰিমহীয়া কেঁচুৱাটো কিদৰে বেঁকী নদীৰ কোবাল সোঁতে উটুৱাই লৈ গৈছে৷ তাই বন্দুকৰ ধাৰাসাৰ গুলীৰ মাজতেই পানীত বুৰ মাৰি কোনোমতে নৈখন পাৰ হৈছিল৷ তাইৰ বয়সৰে ল’ৰা এজনে কৈছিল, সিহঁতৰ ঘৰত তাৰ মাক আৰু ভনীয়েকক কিদৰে গুলীয়াই হত্যা কৰা হৈছিল, সৌভাগ্যক্ৰমে কিদৰে সি মৃত্যুৰ মুখৰ পৰা হাত সাৰিছিল৷ তাৰ চকুৰ সন্মুখতে অস্ত্ৰধাৰী ঘাতকহঁতে তিৰোতাবোৰক আৰু শিশুহঁতক গুলীয়াই হত্যা কৰিছিল আৰু সুশৃংখলভাৱে ইটোৰ পিছত সিটো পঁজাঘৰত জুই লগাই দিছিল৷ এই নৃশংস ঘটনা সংঘটিত হোৱাৰ কেইবা ঘন্টা পিছত নিৰাপত্তাৰক্ষীসকল যেতিয়া আহি উপস্থিত হৈছিল, গাঁওখনৰ মছজিদৰ পৰা ঘোষণা কৰাৰ পিছতহে লুকাই থকা ব্যক্তিসকল ওলাই আহিছিল৷
এই কথা লক্ষণীয় যে আমাৰ লগত কথা পতা সকলোবোৰ শিশুৱেই এই হত্যাকাণ্ড স্থানীয় ফৰেষ্ট গাৰ্ডহঁতৰ দ্বাৰা সংঘটিত হোৱা বুলি জনায়৷ এই হত্যাকাণ্ডৰ নেতৃত্ব ৰজেন বড়ো নামৰ এজন বন বিষয়াই লৈছিল বুলিও আমাক জনাইছিল৷ আমি জানিব পাৰিছিলো যে আত্মসমৰ্পণকাৰী বড়ো উগ্ৰপন্থীসকল বিটিএডিৰ পৰা সশস্ত্ৰ ফৰেষ্ট গাৰ্ড ৰূপে নিযুক্তি দিয়া হৈছিল, তেওঁলোকে গাঁওখনতে অৱস্থান কৰিছিল৷ স্থানীয় নিৰাপত্তা বাহিনীৰ লোকসকলেও এই কথা নিশ্চিত কৰিছিল যে মৃতদেহবোৰৰ দেহত বন বিভাগৰ দ্বাৰা ব্যৱহৃত ৰাইফলৰ গুলী পোৱা গৈছে৷
অস্ত্ৰধাৰী আক্ৰমণকাৰীসকলৰ অকস্মাতে আৱিৰ্ভাৱ হোৱাৰ দৰে অকস্মাতেই অদৃশ্য হৈ গৈছিল৷ পূৰ্বে উল্লেখ কৰা হৈছে যে গাঁওখনৰ একাংশ বাসিন্দাই, আনকি শিশুসকলেও আক্ৰমণকাৰীসকলক বি টি এ ডিৰ বন বিভাগৰ কৰ্মী ৰূপে চিহ্নিত কৰিছিল৷ বন বিভাগৰ যিসকল কৰ্মীয়ে গুলীয়াই নিৰ্দোষী লোকসকল হত্যা কৰিছিল, এনে নৃশংস ঘটনা সংঘটিত কৰা ঘাতকসকলক চিহ্নিত কৰি গ্ৰেপ্তাৰ কৰাৰ বাবে কোনো ব্যৱস্থাই হাতত লোৱা নহ’ল৷ পূৰ্বৰ দৰেই অসম চৰকাৰে এক ন্যায়িক তদন্তৰ কথা ঘোষণা কৰিছে৷ কিন্তু সকলোৱে জনা কথা যে এনে তদন্ত আৰম্ভ হোৱাৰ পূৰ্বেই ঘাতকসকলক ক্ষমা কৰি দিয়া হয়, ন্যায়িক তদন্তৰ কোনো শুনানি নহয় আৰু হ’লেও তেনে তদন্তৰ প্ৰতিবেদন কেতিয়াও প্ৰকাশ কৰা নহয়৷
সন্ত্ৰস্ত গাঁওবাসীয়ে এতিয়া নৈৰ সিপাৰে আশ্ৰয় শিবিৰ এটাত বাস কৰি আছে৷ পাতল প্লাষ্টিকৰ পাতেৰে (sheet) তেওঁলোকৰ বাবে চাপৰ তম্বু কেতবোৰ সাজি দিয়া হৈছে, য’ত প্ৰৱেশ কৰিবলৈ তেওঁলোকে চুঁচৰি-বাগৰি যাব লাগে৷ শিবিৰবোৰত পানী-পায়খানাৰ দৰে নিত্য প্ৰয়োজনীয়  সা-সুবিধাৰ কোনো ব্যৱস্থা কৰা হোৱা নাই৷ তম্বুবোৰে বৰষুণৰ পৰা শিবিৰবাসীক ৰক্ষা কৰিব পৰা নাই৷ অতি দ ঠাইত প্ৰতিষ্ঠা কৰা এই আশ্ৰয় শিবিৰ বৰষুণৰ পানীত ডুব যোৱাৰ সম্ভাৱনাও নথকা নহয়৷ শিশুবোৰ মানসিক যন্ত্ৰণাত ভাগি পৰিছে, প্ৰতিটো পৰিয়ালৰে অতি কমেও একোজনকৈ লোকে প্ৰাণ দিবলগীয়া হৈছে, কোনেও ক’ব নোৱাৰে তেওঁলোকৰ ভবিষ্যতেই বা কি হ’ব৷ গৰ্ভৱতী তিৰোতা এগৰাকীয়ে ঘাতকৰ বুলেটৰ পৰা হাত সাৰিবলৈ সাঁতুৰি নৈ পাৰ হৈছিল, কিন্তু পাৰ পোৱাৰ লগে লগে তাই সন্তান প্ৰসৱ কৰে৷ বৰ্তমান তাই হাস্পতালত আছে৷ নিজৰ পত্নী আৰু দুটি সন্তানক হেৰুওৱা পিতৃ এজনে দুচকু চকুলোৰে ওপচাই ঘাতকহঁতৰ নৃশংসতাৰ বৰ্ণনা দিছিল৷ সৰু ছোৱালী এজনীয়ে তাইৰ চকুৰ সমুখতে কিদৰে তাইৰ মাকক গুলীয়াই হত্যা কৰিছিল, সেই কথা আমাক জনাইছিল৷
এইবোৰ যেনিবা এক অনন্ত কাহিনীৰ একো একোটা অংশহে৷ এটা কাহিনীতকৈ অইনটো আৰু অধিক হৃদয় বিদাৰক, অধিক যন্ত্ৰণাদায়ক৷ আশ্ৰয় শিবিৰে শৰণাৰ্থীসকলক ধাৰাসাৰ বৰষুণৰ পৰা ভালকৈ আশ্ৰয় দিব পৰা নাই৷ তাতোকৈ জৰুৰী কথা, এই শিবিৰে উগ্ৰপন্থীৰ আক্ৰমণৰ পৰা তেওঁলোকক কোনোপধ্যেই ৰক্ষা কৰিব নোৱাৰে৷ গাঁওবাসীয়ে এইটো শিবিৰৰ পৰা আধা কিলোমিটাৰ দূৰৰ এডোখৰ ঠাইলৈ আঙুলিয়াই দেখুৱাইছিল, যি ঠাইডোখৰত অইন এটা শিবিৰ স্থাপন কৰা হৈছিল কুৰি বছৰ পূৰ্বে, ১৯৯৪ চনত, যেতিয়া বংগমূলীয় মুছলমান আৰু চাওতালসকলৰ ওপৰত বড়ো উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল৷ আক্ৰমণকাৰীসকলে ৰাতি উভতি আহি আশ্ৰয় শিবিৰটোত জুই জ্বলাই দিছিল, আকৌ ৫০জন লোক নিহত হৈছিল৷ নিহতসকলৰ একাংশই আছিল মহিলা আৰু শিশু৷ কুৰি বছৰ আগৰ সেই নৃশংস ঘটনাৰ পুনৰাবৃত্তিৰ আশংকাত শিবিৰবাসী থৰহৰি কম্পমান হৈ আছে৷ অন্যহাতে চৰকাৰে শিবিৰবাসীক নিজ গাঁওলৈ উভতি যাবলৈ হেঁচা প্ৰয়োগ কৰি আছে৷ জিলা কতৃৰ্পক্ষই গাঁওখনত সৰু সৰু গৃহ নিৰ্মাণৰ আশ্বাস দিছে যদিও গাঁওবাসীয়ে আঙুলিয়াই দিছে– ‘যিয়েই যি নকওক কিয়, ইয়াৰ পিছৰ আক্ৰমণ আমাৰ ওপৰত নামি নহালৈকে আমি অকলেই থাকিব লাগিব৷’
এই আক্ৰমণ সম্পূৰ্ণৰূপে পূৰ্ব পৰিকল্পিত আছিল৷ তৰুণ গগৈ চৰকাৰে এই ঘটনা এনডিএফবি নামৰ নিষিদ্ধ সংগঠনটোৰ দ্বাৰা সংঘটিত হোৱা বুলি বাৰে বাৰে কৈ থাকিলেও, এই ঘটনাৰ বলিসকলে এই কথা মানি ল’বলৈ অস্বীকাৰ কৰিছে৷ স্থানীয় লোকসকলে হত্যাকাৰীসকল প্ৰাক্তন উগ্ৰপন্থী বুলি চিনাক্ত কৰিছে, যিসকলক বিটিএডিৰ ফালৰ পৰা বন বিভাগত নিয়োগ কৰা হৈছিল৷ এনে প্ৰাক্তন উগ্ৰপন্থীসকলৰ কেইজনমান গাঁওখনতো নিয়োজিত হৈ আছিল আৰু এওঁলোকক গাঁৱৰ শিশুবোৰেও চিনি পায়৷ এনে এগৰাকী বন বিভাগৰ কৰ্মীক গ্ৰেপ্তাৰ কৰাৰ পিছত মুকলি কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা স্থানীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা মতে এই ঘটনাৰ বাবে দায়ী চ্ছজন লোকক গ্ৰেপ্তাৰ কৰা বুলি দাবী কৰিলেও এয়া নিশ্চিতভাৱে জানিব পৰা নগ’ল৷ এই হত্যাযজ্ঞৰ প্ৰত্যক্ষদৰ্শীসকলৰ মতে এই ঘটনাত জড়িত কাকো এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই৷
আক্ৰমণকাৰীসকল অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত হৈ আহিছিল৷ সিহঁতে হত্যা কৰিবলৈকে আহিছিল, ভাবুকি দিবলৈ নহয়৷ কোনো ধৰণৰ সতৰ্কবাণী নুশুনোৱাকৈ, ভাবুকি নিদিয়াকৈ সিহঁত আহিছিল৷ এই ঘটনা যে নিৰ্বাচনৰ লগত জড়িত ঘটনা সেয়া আনকি এই ঘটনাৰ  বলিসকলেও বুজি পাইছে৷ বড়োসকলৰ দ্বাৰা সমৰ্থিত প্ৰাৰ্থীৰ পৰিৱৰ্তে অনাবড়ো সমৰ্থিত ছালফা প্ৰাৰ্থীক ভোট দিলে বংগমূলীয় মুছলমানসকলক এইদৰেই হত্যাৰ বলি কৰা হ’ব-- এনে বাৰ্তাই যেনিবা বড়ো শাসক পক্ষই এই হত্যাকাণ্ডৰ জৰিয়তে প্ৰেৰণ কৰিব খুজিছে৷
দৰিদ্ৰ, অসহায় গাঁওবাসী দশকৰ পিছত দশক ধৰি এইদৰেই অন্যায়-অত্যাচাৰৰ বলি হৈ আছে৷ এইবাৰ তেওঁলোকে নিজৰ পচন্দ মতে ভোট দিয়াৰ বাবেই তেওঁলোকক জন্তু-জানোৱাৰৰ দৰে গুলীয়াই হত্যা কৰা হ’ল৷ ১৯৯৪ চনত এওঁলোকক অবৈধ প্ৰব্ৰজনকাৰী বুলি আখ্যা দি হত্যা কৰা হৈছিল, যদিও এওঁলোক অবৈধ প্ৰব্ৰজনকাৰী নহয়৷ ১৯৯৪ চনৰ পৰা বৰ্তমানলৈকে বিটিএডিত সংঘটিত কোনো এটা হত্যাকাণ্ডৰে অপৰাধীক শাস্তি দিয়া নহ’ল৷ যেনিবা হত্যাৰ বলি হোৱাসকল ভাৰতীয় নাগৰিক নহয়, যেনিবা তেওঁলোক মানুহ নহয়৷ কূট ৰাজনীতিৰ জটিল পাকচক্ৰই এওঁলোকক জীৱন-মৰণৰ শেষ সীমালৈকে ঠেলি দিছে৷ কোনো পৰিকল্পনা, উন্নয়নৰ আঁচনি বা নিৰাপত্তা ব্যৱস্থাই তেওঁলোকক ঢুকি নাপায়৷ শিবিৰটোত প্ৰায় ৫০০ লোক আছে, যিসকলে নিজৰ গাঁৱলৈ উভতি যাব নিবিচাৰে৷ তেওঁলোকে এই কথা বুজি পোৱা নাই-- গাঁওখনত কোনো ঘৰ, আনকি চালিঘৰ এটাও নথকা অৱস্থাত চৰকাৰখনে গৰু-ছাগলীৰ দৰে ঠেলি-হেঁচি কিয় তেওঁলোকক গাঁওখনলৈ পঠিয়াব বিচাৰিছে৷
হিংস্ৰতাৰ বাবে দোষী কাৰকবোৰ
১৷ অপৰাধীক শাস্তি প্ৰদান নকৰাৰ দীৰ্ঘ ইতিহাস ঃ
অতি সম্প্ৰতি অসমত পাশৱিকভাৱে মহিলা আৰু শিশুসকলক হত্যা কৰা ঘটনাটো বিগত তিনিটা দশক জুৰি ধাৰাবাহিকভাৱে চলি থকা হিংস্ৰ ঘটনাৱলীৰ অংশবিশেষহে৷ এনেকুৱা প্ৰতিটো নৃশংস ঘটনা বিভিন্ন ধৰ্ম আৰু জনগোষ্ঠীৰ মাজৰ বিভাজনক আৰু অধিক দৃঢ় কৰি তুলিছে৷
জনগোষ্ঠী আৰু ধৰ্মৰ ভিত্তিত চলি থকা এনে বিৰোধী সূচনা ১৯৭৯-৮৫ চনৰ কালছোৱাত চলা অসম আন্দোলনৰ সময়তেই হৈছিল৷ আন্দোলনকাৰীসকলৰ দাবী আছিল বিদেশী বা বাংলাদেশী অভিবাসীসকলক চিনাক্ত আৰু বিতাড়ন কৰা৷ অবিভক্ত ভাৰতবৰ্ষ বংগৰ পৰা [বৰ্তমান বংলাদেশ] বিংশ শতিকাৰ আৰম্ভণিৰ পৰা খেতিয়ক আৰু কৃষি শ্ৰমিকসকলক ইংৰাজসকলে অসমৰ অনাবাদী মাটিত সংস্থাপিত কৰিবলৈ ঔপনিৱেশিক আঁচনিমতে অসমলৈ আমদানি কৰিছিল৷
অসম চৰকাৰে গঠন কৰা তেৱাৰী আয়োগৰ প্ৰতিবেদন মতে আন্দোলনৰ সময়ত কাছাৰ আৰু উত্তৰ কাছাৰ জিলাৰ বাহিৰে সমগ্ৰ অসমতে বিভিন্ন জনগোষ্ঠীৰ ইটোৱে-সিটোক আক্ৰমণ কৰিছিল৷ ১৯৭৯ চনৰ পিছত বংগমূলীয় মুছলমান লোকসকলৰ ওপৰত হোৱা হিংস্ৰ আক্ৰমণ বাঢ়ি গৈছিল৷ ইয়াৰে আটাইতকৈ নৃশংস ঘটনাটো, যি ঘটনা স্বৰাজোত্তৰ অসম তথা ভাৰতবৰ্ষত ঘটা ঘটনাৰ মাজত আটাইতকৈ নৃশংস আছিল, সেয়া ঘটিছিল নেলী অঞ্চলৰ চৈধ্যখন গাঁৱত৷ ১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীৰ ৰাতিপুৱা হাজাৰ হাজাৰ লোকে নেলী অঞ্চল আগুৰি ধৰি বংগমূলীয় মুছলমানক আক্ৰমণ কৰিছিল৷ দা, যাঠি, বন্দুক আৰু অন্যান্য অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত এনে লোকসকলে পৰিকল্পিতভাৱে খেতিয়কসকলৰ পঁজাঘৰবোৰত জুই লগাই দিছিল৷ জ্বলন্ত ঘৰবোৰৰ পৰা বাসিন্দাসকল যেতিয়া ওলাই আহিছিল, তেওঁলোকক নৃশংসভাৱে হত্যা কৰা হৈছিল৷ নেলী অঞ্চললৈ অহা-যোৱা কৰা সকলো বাট-পথ বন্ধ কৰি দিয়া হৈছিল, যাতে নেলীৰ মুছলমান বাসিন্দাসকলে সহায় বিচাৰি জাগীৰোড থানালৈ যাব নোৱাৰে৷ বেচৰকাৰী তথ্য মতে ৩৭১টা শিশু অনাথ হৈছিল, ২০০০তকৈও  অধিক লোকক হত্যা কৰা হৈছিল৷ (centre for equity report-unpublished) এই গণহত্যাৰ এক লক্ষণীয় দিশ হ’ল- এই জঘন্য হত্যাকাণ্ডৰ বাবে এজন ব্যক্তিও বিচাৰৰ সন্মুখীন হ’বলগীয়া নহ’ল বা কাকো শাস্তি প্ৰদান কৰা নহ’ল৷ আন্দোলনকাৰী নেতৃবৰ্গ আৰু ভাৰত চৰকাৰৰ মাজত ১৯৮৫ চনত স্বাক্ষৰিত চুক্তিখনত এটা ধাৰা সংযুক্ত হৈছিল– যি ধাৰা মতে অসম আন্দোলনৰ সময়ত সংঘটিত নৃশংস অপৰাধবোৰৰ বাহিৰে সকলোবোৰ অপৰাধমূলক ঘটনাৰ পুনৰীক্ষণ কৰা হ’ব৷ কিন্তু ‘বাস্তৱ ক্ষেত্ৰত চুক্তিখন এইদৰে ব্যাখ্যা কৰা হ’ল যে এই চুক্তিৰ জৰিয়তে সকলো ধৰণৰ অপৰাধত জড়িত আন্দোলনকাৰীকে সম্পূৰ্ণৰূপে ক্ষমাদান কৰা হ’ল, আনকি হত্যাকাণ্ড আৰু ধৰ্ষণৰ দৰে জঘন্য অপৰাধত জড়িত সকলোকে বিনা বিচাৰে মুক্ত কৰি দিয়া হ’ল৷ মাত্ৰ এজন কনিষ্ঠ পুলিচ বিষয়াৰ বিপক্ষেহে শাস্তিমূলক ব্যৱস্থা হাতত লোৱা হ’ল৷ এই জঘন্য হত্যাকাণ্ডৰ বলি হোৱা জীৱিতসকলৰ একাংশইহে নামমাত্ৰ ক্ষতিপূৰণ লাভ কৰিলে [পূৰ্বোক্ত]৷’
ইয়াৰ ফলত অসমত ৰাষ্ট্ৰযন্ত্ৰৰ পৃষ্ঠপোষকতাৰ জৰিয়তে এনে গণহত্যাৰ বাবে দায়ী অপৰাধীসকলে ক্ষমা লাভ কৰাৰ এক দৃষ্টান্ত স্থাপিত হ’ল৷ এই দৃষ্টান্তক পিছলৈ গৈ নৃগোষ্ঠীগত পৰিষ্কৰণৰ  বাবে দায়ী অপৰাধীসকলক ক্ষমা প্ৰদানৰ বাবেও ব্যৱহাৰ কৰিবলৈ চৰকাৰী নীতি-নিয়মেই তৈয়াৰ কৰি লোৱা হ’ল৷ বড়োসকলৰ সশস্ত্ৰ সংগ্ৰামীসকলে আৰম্ভণিতে আধিপত্যবাদী হিন্দু-অসমীয়াসকলৰ বিপক্ষে ১৯৮৭ চনত আৰম্ভ কৰা সংগ্ৰামত বংগমূলীয় মুছলমানসকলক সহযোগী ৰূপেহে গণ্য কৰিছিল৷ কিন্তু ১৯৯৩ চনত চৰকাৰে বড়ো উগ্ৰপন্থীসকলৰ লগত চুক্তি সম্পাদিত কৰাৰ পিছত এনে অৱস্থা সম্পূৰ্ণৰূপে পৰিৱৰ্তিত হ’ল৷ ইয়াৰ ফলত বড়ো স্বায়ত্ত শাসিত অঞ্চল এটাৰ সৃষ্টি হ’ল৷ কিন্তু চৰ্ত আৰোপ কৰা হ’ল যে শতকৰা ৫০ শতাংশতকৈ অধিক বড়ো লোক থকা  অঞ্চলবোৰহে এই স্বায়ত্ত শাসিত অঞ্চলৰ অন্তৰ্ভুক্ত হ’ব৷ এইদৰে ৰাষ্ট্ৰই নৃগোষ্ঠীগত পৰিষ্কৰণ অভিযানটো বড়োসকলৰ মাজত ৰোপণ কৰিলে৷
প্ৰাক্তন উগ্ৰপন্থীসকলে বংগমূলীয় মুছলমানসকলক বড়ো স্বায়ত্ত শাসিত অঞ্চলৰ পৰা খেদি পঠিয়াবলৈ সংঘবদ্ধ হ’ল৷ ১৯৯৩ চনতে শ শ বংগমূলীয় মুছলমানক হত্যা কৰা হ’ল আৰু হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰ জ্বলাই দি তেওঁলোকৰ সা-সম্পত্তি লুটপাত কৰা হ’ল৷ সন্ত্ৰস্ত লোকসকলে আশ্ৰয় শিবিৰলৈ ঢাপলি মেলিলে, য’ত তেওঁলোকে বছৰৰ পিছত বছৰ ধৰি বাস কৰি থাকিবলগীয়া হ’ল৷ তাৰ পিছত ১৯৯৬ চনত চাওতালসকলক আক্ৰমণ কৰা হ’ল আৰু এইলানি হিংস্ৰ ঘটনাৱলীৰ ফলত ৩ লাখ লোক গৃহহীন হ’বলগীয়া হ’ল৷ ১৯৯৭ চনত তাৰে কিছুসংখ্যক লোক ঘৰলৈ উভতি গৈছিল যদিও ১৯৯৮ চনত তেওঁলোকক পুনৰায় আক্ৰমণ কৰি গৃহহীন কৰা হয়৷ ২০০০ চনত মুছলমান শৰণাৰ্থীসকলক চৰকাৰী শিবিৰসমূহ চৰকাৰে বলপূৰ্বক খালী কৰি দিবলৈ বাধ্য কৰে, কিন্তু তেওঁলোক পুনৰায় আক্ৰান্ত  হয়৷ তেওঁলোকে চৰকাৰী বা বেচৰকাৰী ভূমি বেদখল কৰি পুনৰায় নিজাকৈ শিবিৰবোৰ স্থাপন কৰে, য’ত আজিলৈকে এই শৰণাৰ্থীসকলে বাস কৰি আছে৷
কোকৰাঝাৰ আৰু বঙাইগাঁও জিলাৰ আশ্ৰয় শিবিৰবোৰত এই শৰণাৰ্থীবোৰে এপুৰুষ ধৰি বাস কৰি আছে৷ কিন্তু চৰকাৰে তেওঁলোকক নিজা গাঁৱলৈ উভতি যাবৰ বাবে কোনো ধৰণৰ সহায়-সাহায্য আগবঢ়োৱা নাই৷ ২০০৭ চনলৈকে চৰকাৰে এই শৰণাৰ্থী শিবিৰত থকা পঞ্জীভুক্ত শৰণাৰ্থীসকলক মাহত দহদিনকৈ ৰেচনৰ নামত একমাত্ৰ চাউলহে যোগান ধৰিছিল৷ এওঁলোকৰ বাবে চৰকাৰে কোনো শিশু তত্ত্বাৱধান কেন্দ্ৰ, স্বাস্থ্য কেন্দ্ৰ নতুবা বিদ্যালয়ৰ ব্যৱস্থা কৰা নাই৷ এই শৰণাৰ্থীসকলক কোনেও কাম প্ৰদান কৰিব নোৱাৰিব বুলি ফতোৱা জাৰি কৰা হৈছিল, নিজৰ পূৰ্বৰ গাঁৱলৈ উভতি গ’লেও এওঁলোক হিংস্ৰ আক্ৰমণৰ সন্মুখীন হৈছিল৷ অসম চৰকাৰে আমাৰ কথাত কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰি কৈছিল যে শৰণাৰ্থী শিবিৰত থকা লোকসকলৰ বাবে চৰকাৰে একোকে কৰিব নোৱাৰে, শৰণাৰ্থীসকলে তেওঁলোকৰ নিজৰ গাঁওবোৰলৈ উভতি যোৱা উচিত৷ স্থানচ্যুত হোৱা এই লোকসকলে আবেদন কৰি জনাইছিল যে নিজ গাঁওবোৰলৈ উভতি যোৱাৰ অৰ্থ হ’ব নিশ্চিতভাৱে পৰৱৰ্তী আক্ৰমণলৈ বাট চাই মৃত্যুৰ বিভীষিকাই তেওঁলোকক তাত অহৰহ খেদি ফুৰিব৷
বড়ো চুক্তিৰ দ্বাৰা বলীয়ান, নৃগোষ্ঠীগত পৰিষ্কৰণ অভিযান চলোৱাৰ পিছতো চৰকাৰৰ ফালৰ পৰা উগ্ৰপন্থীসকলক শাস্তিৰ পৰিৱৰ্তে সা-সুবিধাহে প্ৰদান কৰি থকা পৰিস্থিতিত, উগ্ৰপন্থীসকলে এই দৰিদ্ৰ লোকসকলক হত্যাযজ্ঞৰ বলি কৰাটো নিতান্তই স্বাভাৱিক কথা হৈ পৰিব৷
বড়ো উগ্ৰপন্থীৰ দ্বাৰা পৰৱৰ্তী আক্ৰমণবোৰ সংঘটিত হৈছিল ২০১২ চনত৷ স্থানীয়ভাৱে সংঘটিত হোৱা সৰু-সুৰা হাই-কাজিয়া আৰু ব্যক্তিগত হত্যাকাণ্ডৰ চেলু লৈ নৰকৰ জুই জ্বলাই দিয়া হৈছিল, যি জুয়ে নামনি অসমৰ কোকৰাঝাৰ, ধুবুৰী, চিৰাঙকে আদি কৰি কেইবাখনো জিলা গ্ৰাস কৰিছিল৷ চাৰিওফালে বড়ো জনগোষ্ঠীৰ দ্বাৰা আগুৰি থকা বংগমূলীয় মুছলমান গাঁওবোৰৰ বাসিন্দাসকলৰ ঘৰ আৰু খেতিপথাৰ জ্বলাই দিয়া হৈছিল, তেওঁলোকৰ  পশু আৰু সা-সম্পত্তি লুট কৰা হৈছিল৷ বংগমূলীয় মুছলমানপ্ৰধান অঞ্চলবোৰত থকা বড়োসকলৰ ক্ষেত্ৰতো একে ধৰণৰ ব্যৱহাৰেই কৰা হৈছিল৷ উভয় সম্প্ৰদায়ৰ লোকেই সন্ত্ৰস্ত হৈ পৰিছিল, নিজৰ ঘৰ-দুৱাৰ পৰিত্যাগ কৰি ভৰ বাৰিষাৰ নৈ, দুৰ্গম পাহাৰ, জংঘল অতিক্ৰম কৰি নিজৰ সম্প্ৰদায়ৰ লোকসকল য’ত সংখ্যাগৰিষ্ঠ তেনেবোৰ অঞ্চললৈ প্ৰব্ৰজন কৰিছিল৷ উভয় জনগোষ্ঠীৰ এনেকৈ পলাই যোৱা প্ৰায় পাঁচ লাখ লোকে বিদ্যালয় আৰু মহাবিদ্যালয়ত আশ্ৰয় লৈছিল৷
কেইমাহমানৰ পিছতে ৰাজ্য চৰকাৰে শিবিৰবোৰ বন্ধ কৰি শৰণাৰ্থীসকলক নিজৰ গৃহলৈ যাবলৈ বাধ্য কৰিছিল৷ উভয় সম্প্ৰদায়ৰ মাজত ঘৃণা আৰু ভয় ভাব কিন্তু কমা নাছিল৷ বহুতো গাঁৱত মানুহবোৰে গাঁৱৰ বাহিৰফালে অস্থায়ী শিবিৰ পাতি বাস কৰিবলৈ ল’লে৷ সকলোৱে একেলগে বাস কৰাৰ ফলত তেওঁলোকে নিৰাপত্তা লাভ কৰাটো সহজ হ’ব বুলি এওঁলোকে ধৰি লৈছে৷ বংগমূলীয় মুছলমানসকলক বড়োসকলে অৰ্থনৈতিকভাৱে বয়কট কৰাৰ ফলস্বৰূপে উভয় সম্প্ৰদায়ৰ মাজত ভয় আৰু ঘৃণা বাঢ়িহে গৈছিল৷ কোনো বড়ো অধ্যুষিত অঞ্চলবোৰত পোষ্টাৰিং কৰা হৈছিল৷ এনে আৰ্থিক বয়কট এতিয়াও চলি থকাৰ ফলত উভয় সম্প্ৰদায়ৰ মাজত বিভেদৰ প্ৰাচীৰখন আৰু ওখহে হৈ পৰিছে৷
২০১৪ চনত  উগ্ৰপন্থীৰ আক্ৰমণৰ বলি হোৱা গাঁওখন ১৯৯৪ চনতো আক্ৰান্ত হৈছিল৷ সেইবাৰো শিশু আৰু মহিলাকে ধৰি ৫০ জন লোকক হত্যা কৰা হৈছিল৷ অপৰাধীসকল চিনাকি হ’লেও এনে জঘন্য ঘটনাৰ বাবে কাকো শাস্তি প্ৰদান কৰা হোৱা নাছিল৷ এইদৰে জনগোষ্ঠীয় আৰু ধৰ্মীয় হিংস্ৰতাৰ এক জঘন্য চক্ৰ চলি আছে৷ এনে নৃশংস ঘটনাৱলীত জড়িত অপৰাধীসকলক চৰকাৰে ক্ষমাদান কৰি আছে, নৃগোষ্ঠীগত পৰিষ্কৰণ অভিযান চলোৱা উগ্ৰপন্থীসকলক চৰকাৰে পুৰস্কৃত কৰাৰ ব্যৱস্থাহে কৰি আহিছে৷ এইদৰে অসমত এক নিৰ্যাতিত জনগোষ্ঠীয়ে গৃহভূমিৰ নামত অইন এক নিৰ্যাতিত গোষ্ঠীক এক নিৰ্দিষ্ট ভূখণ্ডৰ পৰা খেদি দিয়াৰ দৰে ভয়াৱহ, অসম্ভৱ আৰু অসাংবিধানিক কাৰ্যত লিপ্ত হৈছে, নৃ-গোষ্ঠীগত পৰিষ্কৰণ অভিযানৰ জৰিয়তে নিজৰ গৃহভূমি স্থাপন কৰিবলৈ৷ বিটিএডিৰ নিৰ্যাতিতসকলৰ অৱস্থা আৰু অধিক শোচনীয় হৈ পৰিছে সুবিধাবাদী আৰু জঘন্য ৰাজনীতি আৰু ৰাষ্ট্ৰনীতি তথা একাংশ বুদ্ধিজীৱিয়ে এনে হত্যাকাণ্ডক যুক্তিসংগত বুলি প্ৰতিপন্ন কৰিবলৈ কৰা প্ৰচেষ্টাৰ ফলত৷
২। আসোঁৱাহযুক্ত চুক্তিবোৰ ঃ
পৃথক বড়োলেণ্ড গঠনৰ বাবে ১৯৮৭ চনত বড়োসকলে আন্দোলন আৰম্ভ কৰিছিল৷ আৰম্ভণিৰ পৰা এই আন্দোলনে হিংস্ৰ ৰূপ ধাৰণ কৰিছিল৷ আন্দোলনকাৰীসকলে গুলীচালনা, বোমা বিস্ফোৰণৰ দৰে হিংসাত্মক কাম-কাজবোৰ চলাই গৈছিল৷ কিন্তু ১৯৯৪ চনৰ পৰা বড়ো আন্দোলনে গতি সলাই অনাবড়োসকলক, বিশেষকৈ ইংৰাজসকলৰ দিনত ঔপনিৱেশিক আঁচনিৰ অংশৰূপে অসমলৈ আমদানি কৰা বংগমূলীয় মুছলমান আৰু প্ৰাক্তন চাহ বনুৱাসকলক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ বড়ো আন্দোলনে এইদৰে গতি পৰিৱৰ্তন কৰাৰ মূলতে আছিল বড়ো উগ্ৰপন্থী, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সেই সময়ত সম্পাদিত চুক্তিখন৷
The Bodoland Autonomous Council (BAC) গঠিত হৈছিল ১৯৯৩ চনত - অসম চৰকাৰ আৰু এবছু তথা বড়ো পিপুলছ কমিটীৰ মাজত স্বাক্ষৰিত হোৱা এক চুক্তি মৰ্মে৷ চুক্তিখন  সংবিধানৰ ষষ্ঠ অনুসূচী মতে সম্পাদিত হোৱা নাছিল৷ ইয়াৰ প্ৰায় এক দশক পিছত বিটিচিক Bodoland Tribal Council (BTC) লৈ ৰূপান্তৰিত কৰা হৈছিল- উগ্ৰপন্থী গোট বি. এল. টি, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত সম্পাদিত কৰা এক চুক্তিৰ ফলস্বৰূপে৷ এই কথা লক্ষণীয় যে বিটিচিয়ে ষষ্ঠ অনুসূচী মতে ৰক্ষণাবেক্ষণ লাভ কৰিছে৷ কিন্তু ষষ্ঠ অনুসূচী ‘পাহাৰীয়া জনজাতি’সকলৰ ৰক্ষণাবেক্ষণৰ বাবেহে সৃষ্টি কৰা হৈছিল আৰু বড়োসকল পাহাৰীয়া জনজাতি নহয়৷ ষষ্ঠ অনুসূচীৰ ধাৰণাটো ১৯৪৬ চনৰ কেবিনেট মিছনৰ প্ৰস্তাৱত পোনপ্ৰথমে দাঙি ধৰা হৈছিল আৰু Constituent Assembly ৰ জৰিয়তে এই ধাৰণাক বাস্তৱায়িত কৰা হৈছিল৷ ব্ৰিটিছসকলৰ দিনত অসমৰ কেতবোৰ অঞ্চলক সম্পূৰ্ণৰূপে আৰু কেতবোৰ অঞ্চলক আংশিকভাৱে  অসমৰ মূল শাসনব্যৱস্থাৰ পৰা আঁতৰাই ৰখা হৈছিল৷ এইদৰে আঁতৰাই ৰখা অঞ্চলবোৰত অসমৰ ৰাজ্যপালৰহে শাসন চলিছিল, অসম চৰকাৰৰ নহয়৷ ফলস্বৰূপে এনে অঞ্চলবোৰ চৰকাৰৰ আইন-কানুন, আঁচনি আদিয়ে ঢুকি পোৱা নাছিল৷ এই অঞ্চলবোৰ আৰু সেইবোৰত বাস কৰা লোকসকলক ৰাজ্যখনৰ উন্নয়ন আৰু প্ৰশাসন ব্যৱস্থাৰ লগত সাঙুৰি ল’বলৈ ষষ্ঠ অনুসূচীৰ সৃষ্টি কৰা হৈছিল৷
৪৬গৰাকী সদস্য বিশিষ্ট বিটিচিৰ ৩০ খন আখন বড়োসকলৰ বাবে সংৰক্ষণ কৰা হৈছে৷ অনাবড়োসকলৰ বাবে সংৰক্ষণ কৰা হৈছে মাত্ৰ প্ত খন আসন, প্ত খন আসন সকলোৰে বাবে মুকলি কৰি ৰখা হৈছে আৰু ৰাজ্যপালে ৬  জন সদস্যক মনোনীত কৰে, [যাৰ দুগৰাকী হ’ব লাগিব মহিলা]৷ ইয়াৰ ফলস্বৰূপে বড়োসকলে সমগ্ৰ অঞ্চলটোৰ ওপৰত একছত্ৰী ক্ষমতা লাভ কৰিবলৈ সক্ষম হয়, যদিও অঞ্চলটোত বড়োসকলৰ জনসংখ্যা মুঠ জনসংখ্যাৰ এক-তৃতীয়াংশতকৈ কম৷ ষষ্ঠ অনুসূচী মতে বিটিচিয়ে ভূমি আৰু জলজ সম্পদৰ অধিকাৰ, ব্যৱসায়-বাণিজ্যৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰকে আদি কৰি নান ধৰণৰ সা-সুবিধা লাভ কৰে৷
ষষ্ঠ অনুসূচী মতে গঠিত বিটিচিৰ অধীনত অনাবড়োসকলে হিংসা আৰু উন্নয়নৰ ক্ষেত্ৰত চলি থকা বৈষম্য তথা ৰাজনৈতিক শোষণৰ পৰা ৰেহাই পোৱাটো সম্ভৱ নহয়৷ তেন্তে বিটিচিৰ বিকল্প কি হ’ব? বিটিচি চুক্তি বাতিল কৰিবলৈ গ’লে নতুনকৈ হিংস্ৰ ঘটনাৱলী ঘটাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কিন্তু বিটিচিৰ ৰাজনৈতিক বিন্যাসৰ মাজত অনাবড়োসকলক বিটিচি গাঁও পৰিষদ আৰু জিলা পৰিষদবোৰত উপযুক্ত ৰাজনৈতিক ক্ষমতা প্ৰদানৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি৷
৩৷ নিৰ্বাচনেই সাম্প্ৰতিক নৃশংস ঘটনাৱলীৰ তৎকালীন কাৰণ ঃ
বংগমূলীয় মুছলমানসকলৰ ওপৰত সংঘটিত সাম্প্ৰতিক নৃশংস ঘটনাৱলীৰ তৎকালীন কাৰণ নিৰ্বাচন যেনেই লাগিছে৷ বহুতো বিশ্লেষকে নিৰ্বাচনৰ দিনাখন আৰু তাৰ পিছত সংঘটিত ঘটনাৱলীৰ নিৰ্বাচনৰ লগত সম্বন্ধ আছে বুলি জনাইছে৷
বৰপেটা আৰু বাক্সা জিলাত সংঘটিত এনে জঘন্য হিংসাত্মক ঘটনাৱলী অকল জিলা প্ৰশাসনৰ ব্যৰ্থতাৰ বাবেই সংঘটিত হৈছে বুলি ক’ব নোৱাৰি৷ আমি পূৰ্বে আলচ কৰা বড়ো আন্দোলনৰ ইতিহাস বিশ্লেষণ কৰি চালে অতি সহজে বুজি পাব পাৰি যে জনগোষ্ঠীবোৰৰ মাজত বিভেদৰ প্ৰাচীৰখন কিমান ওখ হৈ পৰিছে, যাৰ ফলত সাধাৰণ একোটা অজুহাত দেখুৱাই উগ্ৰপন্থীয়ে অতি সহজে নিৰ্দোষীসকলক হিংস্ৰতাৰ বলি সজাব পাৰে৷ এনে পৰিস্থিতিত যুগ-যুগান্তৰ ধৰি অন্যায় আৰু বৈষম্যৰ বলি হৈ অহা বুলি মিছা শ্লোগান দি উত্তেিজত জনতাক সংঘবদ্ধ কৰি নিৰ্দোষী, অসহায় লোকসকলক হত্যা কৰাটো অতিকেই সহজ কাম হৈ পৰিছে৷
এইবাৰ এই নৃশংস আক্ৰমণৰ অজুহাত আছিল লোকসভা নিৰ্বাচন৷ ইয়াৰ পূৰ্বে ৩০ শতাংশ বড়ো লোকে একপ্ৰকাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে কোকৰাঝাৰ লোকসভা আসনখনত জয়লাভ কৰি আহিছিল৷ এইবাৰ বড়োসকলৰ পৰাই চাৰিজন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে আৰু ৭০ শতাংশ অনাবড়োৱে ঐক্যবদ্ধভাৱে এগৰাকী প্ৰাৰ্থী থিয় কৰায়৷ ১৯৯৬ আৰু ১৯৯৮ চনত ভূমিক কেন্দ্ৰ কৰি বড়ো আৰু আদিবাসীসকলৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল আৰু ১৯৯৩ আৰু ১৯৯৪ চনত বড়ো আৰু মুছলমানৰ মাজত একে কাৰণতে সংঘৰ্ষ ঘটিছিল৷ এইবাৰ পোন প্ৰথমবাৰৰ বাবে ৰাজনীতিক কেন্দ্ৰ কৰি হিংস্ৰ ঘটনাৱলী সংঘটিত হ’ল৷ মুছলমানসকলে বড়োসকলৰ ৰাজনৈতিক দলক ভোট নিদিয়াৰ অভিযোগ তুলি মুছলমান শিশু আৰু মহিলাক হত্যা কৰা হ’ল৷
কোকৰাঝাৰ লোকসভা সমষ্টিত বিটিচিৰ শাসক দলৰ বি পি এফে বিগত দহ বছৰ  ধৰি ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰি আছিল৷ কিন্তু এইবাৰ এই দল লোকসভা নিৰ্বাচনত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হ’ল৷  পৃথক বড়োলেণ্ডৰ দাবীত গঢ়ি উঠা আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰি অবড়োসকলৰ অধিকাৰ কাঢ়ি নিয়াৰ ফলত অবড়ো সম্প্ৰদায়সমূহে এই নিৰ্বাচনত এগৰাকী উমৈহতীয়া প্ৰাথ¹ থিয় কৰায়৷ বড়োসকলৰ অধিকাংশই ইতিমধ্যে বিপিএফৰ দুন¹তি আৰু স্বেচ্চাচাৰিতাৰ ফলত অতিষ্ঠ হৈ নিজাববীয়াকৈ এগৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাৰ বাবে আগবঢ়াই দিয়ে৷ ফলত বড়োসকলৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনাই দেখা দিয়ে৷ নিৰ্বাচনী প্ৰচাৰ চলি থকা অৱস্থাতে সম্ভাব্য পৰাজয়ৰ আশংকাত বিপিএফ দলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয়৷ ২০০৩ চনৰ বড়ো চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত বিপিএফ দল গঠিত হৈছিল আৰু এই দলৰ অধিকাংশ ৰাজনীতিবিদেই হ’ল বড়োলেণ্ড লিবাৰেচন টাইগাৰছ [বিএলটি] নামৰ সংগঠনটোৰ প্ৰাক্তন উগ্ৰপন্থী৷ 
নিৰ্বাচনৰ এমাহমান আগেয়ে চিৰাঙত এগৰাকী বড়ো গাভৰুক সাতজন মুছলমান লোকে গণধৰ্ষণ কৰি হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ ইয়াৰে চাৰিজনক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু অন্য তিনিজন পলাই যোৱা বুলি কোৱা হৈছিল৷ এই ঘটনাৰ পিছত সমগ্ৰ চিৰাং জিলাতে তীব্ৰ সন্ত্ৰাসে গা কৰি উঠিছিল৷ ২০১২ চনৰ নৃশংস ঘটনাৱলীৰ পুনৰাবৃত্তিৰ আশংকাত জনগণে বিনিদ্ৰ ৰজনী পাৰ কৰিবলগীয়া হৈছিল৷  ইয়াৰ কেইদিনমান পিছতে মুছলমান ব্যৱসায়ী এজনক অপহৰণ কৰি হত্যা কৰা হৈছিল৷ 
অবড়ো সংগঠনসমূহে ছালফা হীৰা শৰণীয়াক এই নিৰ্বাচনত প্ৰাৰ্থিত্ব দিয়ে৷ মুছলমানসকলে হীৰা শৰণীয়াক ভোট দিয়া বুলি চৌদিশে উৰাবাতৰি বিয়পি পৰে৷ তৃণমূল কংগ্ৰেছে প্ৰাক্তন ৰাজ্যপাল ৰাজেন্দ্ৰ শেখৰ মুছাহাৰীক, এনডিএফবি [প্ৰ], এবছু আৰু অন্যান্য বড়ো সংগঠনে মিলি উৰ্খাও গৌড়া ব্ৰহ্মক নিৰ্দলীয় প্ৰাথ¹ ৰূপে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আগবঢ়াই দিয়ে৷ বিপিএফে পূৰ্বৰ সাংসদজনৰ পৰিৱৰ্তে ৰাজ্যখনৰ পৰিবহণ মন্ত্ৰী চন্দন ব্ৰহ্মক প্ৰাৰ্থিত্ব দিয়ে৷ শাসক দল আৰু প্ৰাক্তন বিএলটিৰ মাজত তীব্ৰ ক্ষোভে মূৰ দাঙি উঠে যেতিয়া এই কথা স্পষ্ট হৈ পৰে যে অন্যান্য জনগোষ্ঠীবোৰে এইবাৰ তেওঁলোকৰ প্ৰাথ¹ক ভোট নিদিয়ে৷ বিপিএফ দলৰ বিধায়িকা প্ৰমীলাৰাণী ব্ৰহ্মই প্ৰচাৰ মাধ্যমৰ আগত মুকলিকৈ ঘোষণা কৰে যে মুছলমানসকলে বিপিএফক ভোট দিয়া নাই৷ ফলত শাসক দল আৰু প্ৰাক্তন বিএলটিৰ মাজত বিৰাজ কৰা ক্ষোভে প্ৰচণ্ড খঙলৈ ৰূপান্তৰিত হয়৷ ইয়াৰ ফলতেই বন বিভাগত নিয়োজিত প্ৰাক্তন বিএলটিয়ে এইবাৰ নৃশংস হত্যাযজ্ঞ অনুষ্ঠিত কৰা বুলি শিবিৰবাসীয়ে আমাক জনায়৷ তেওঁলোকৰ মতে প্ৰমীলাৰাণী ব্ৰহ্মৰ এনে উচটনিয়েই আছিল এই জঘন্য নৰহত্যাৰ তৎকালীন কাৰণ৷ 
দিল্লী আৰু দিছপুৰৰ ৰাজনৈতিক নেতাবোৰে বড়োসকলক স্বায়ত্ত শাসনৰ নামত যি অঞ্চলত শাসন চলাবলৈ সুযোগ দিছে, সেই অঞ্চলত যে তেওঁলোক সংখ্যালঘু সেই সন্দৰ্ভত বড়োসকল সদায়ে সচেতন৷ সেয়ে সংখ্যাগৰিষ্ঠ অবড়োসকলে এক ৰাজনৈতিক শক্তি ৰূপে আত্মপ্ৰকাশ কৰাটোক বড়োসকলে তেওঁলোকৰ প্ৰতি এক ভাবুকি স্বৰূপে গণ্য কৰিছে৷ বিপিএফ দলে বিটিচিত ৰাজনৈতিক আধিপত্য থকা বাবেই তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ অংশীদাৰ হৈ সমগ্ৰ ৰাজ্যতে ৰাজনৈতিক ক্ষমতা ভোগ কৰিবলৈ সক্ষম হৈছিল৷ স্থানীয় লোকসকলে অভিযোগ কৰিছিল যে তৰুণ গগৈয়ে এইবাৰৰ বা পূৰ্বৰ হিংস্ৰ ঘটনাৱলীত জড়িত উগ্ৰপন্থীসকলক গ্ৰেপ্তাৰ কৰা নাই বা বিটিএডিত থকা অবৈধ অস্ত্ৰসমূহ এইবাবেই জব্দ কৰা নাই যে তেওঁৰ চৰকাৰখন বৰ্তাই ৰাখিবলৈ বিপিএফৰ সমৰ্থনৰ প্ৰয়োজন আছে৷ বাক্সা জিলাৰ নাৰায়ণগুৰিত সংঘটিত ঘটনাটো সৰ্বাধিক নৃশংস হ’লেও নিৰ্বাচনৰ লগত জড়িত অইন কেতবোৰ হিংস্ৰ ঘটনাও সংঘটিত হৈছিল৷ ২৪ এপ্ৰিলৰ দিনা কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকা অৱস্থাত হাৰভাঙ্গা নামৰ নিৰ্বাচনী কেন্দ্ৰটোত চন্দন ব্ৰহ্মৰ সমৰ্থকে ৰিগিং কৰাৰ বাতৰি পাই স্থানীয় জনতা ক্ষুব্ধ হৈ পৰে আৰু নিৰ্বাচনী কেন্দ্ৰটোত ক্ষুব্ধ জনতা আৰু পুলিচৰ মাজত হোৱা সংঘৰ্ষত এজন পুলিচ নিহত হয়৷ Centre for Social Justice ৰ প্ৰতিবেদন মৰ্মে নিৰ্বাচনৰ পিছদিনাখন আৰক্ষীয়ে হাৰভাঙ্গা আৰু বালাপাৰা গাঁৱৰ জনতাক নিৰ্বিবাদে শাৰীৰিক নিযাৰ্তন চলায়৷ একে প্ৰতিবেদনত কোৱা হৈছে– কেইগৰাকীমান ছোৱালীক ধৰ্ষণ কৰা হয় আৰু শতাধিক ঘৰ জ্বলাই দিয়া হয়৷ স্থানীয় ৰাইজে প্ৰথমতে এফআইআৰ দাখিল কৰিব খোজা নাছিল যদিও Centre for Social Justice ৰ কৰ্মকৰ্তাসকল এই ঘটনাৰ বলিসকলৰ কাষত থিয় দিয়াত তেওঁলোকে গোচৰ ৰুজু কৰে৷ Centre for Social Justice ৰ প্ৰতিবেদন মতে ইয়াৰ পিছত এক মে’ তাৰিখে এজন সাংবাদিকক গুলীয়াই হত্যা কৰা হয়৷ একেদিনাই বাক্সাৰ নৰসিংবাৰীত তিনিজন লোকক গুলীয়াই হত্যা কৰাৰ লগতে দুজন শিশুক আহত কৰে আৰু কোকৰাঝাৰৰ বালাপাৰাত জ্জ্বজন লোকক হত্যা কৰা হয়৷ ইয়াৰ পিছৰ আক্ৰমণটো সংঘটিত হয় নাৰায়ণগুৰি গাঁৱত৷
ৰাজ্যিক আৰু জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে এই আক্ৰমণৰ বাবে এনডিএফবি [সং] গোটক দোষাৰোপ কৰিছে৷ এনডিএফবি [সং]য়ে এই ঘটনাত জড়িত থকাৰ কথা অস্বীকাৰ কৰি কৈছে যে এই আক্ৰমণৰ বাবে কোনো তৃতীয় পক্ষহে দায়ী৷ অসমৰ সীমান্ত অঞ্চল উন্নয়ন মন্ত্ৰী ছিদ্দেক আহমেদে এই ঘটনাৰ বাবে বিপিএফ দলক দায়ী কৰিছে৷ হাগ্ৰামা মহিলাৰীয়ে এই কথা অস্বীকাৰ কৰিছে৷
৪৷ ঘৃণাৰ বাৰ্তাই এই নৃশংস ঘটনাৰ বাবে উচটনি দিছিল ঃ
নিৰ্বাচন অনুষ্ঠিত হোৱাৰ ছয়দিন পিছত, ৩০ এপ্ৰিল’১৪ তাৰিখে বিপিএফ দলৰ বিধায়িকা তথা প্ৰাক্তন কৃষিমন্ত্ৰী প্ৰমীলাৰাণী ব্ৰহ্মই মন্তব্য দিছিল যে বিপিএফ দলে এইবাৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰাটো টান হ’ব, কিয়নো মুছলমানসকলে তেওঁলোকৰ প্ৰাৰ্থীক ভোট দিয়া নাই৷ পিছলৈ গৈ তেওঁ এই কথা অস্বীকাৰ কৰে আৰু টেলিগ্ৰাফ কাকতত এই ঘটনা সন্দৰ্ভত চিবিআইৰ তদন্ত হোৱা উচিত বুলি দাবী কৰে৷ 
বিজেপিৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীয়ে ধেমাজিত নিৰ্বাচনী সভা এখনত ভাষণ দি কৈছিল যে কাজিৰঙাৰ আপুৰুগীয়া গঁড়বোৰ হত্যা কৰি বাংলাদেশীসকলক সংস্থাপিত কৰাৰ বাট মুকলি কৰা হৈ আছে৷ এনডি টিভিৰ এক প্ৰতিবেদন মতে তেওঁ ‘চৰকাৰত থকা মানুহবোৰক’ এই কাৰ্যৰ বাবে দায়ী কৰিছিল৷ এই কথা নক’লেও হয় যে অসমত তেওঁৰ দলৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ চৰকাৰ চলি আছে৷ পিটিআইৰ মতে মোদীয়ে কৈছিল- ‘গঁড় অসমৰ গৌৰৱ নহয়নে? আজিকালি গঁড় হত্যাৰ বাবে এক ষড়যন্ত্ৰ মই এই অভিযোগ গুৰুত্ব সহকাৰেই উত্থাপন কৰি আছো৷ চৰকাৰ চলাই থকা লোকসকলে...বাংলাদেশীক ৰক্ষা কৰিবলৈ... তেওঁলোকে গঁড় হত্যাৰ বাবে এই ষড়যন্ত্ৰ ৰচনা কৰিছে, যাতে সমগ্ৰ অঞ্চলটো শূন্য হৈ পৰে আৰু বাংলাদেশীহতঁক তাত বহুৱাব পৰা যায়৷’ ব্ৰহ্মপুত্ৰৰ উত্তৰ ধেমাজি জিলাৰ এক নিৰ্বাচনী সভাত মোদীয়ে ভাষণ দি আছিল৷ তেওঁ সতৰ্কবাণী শুনাইছিল, ‘যিসকলে গঁড়বোৰ নিঃশেষ কৰাৰ বাবে ষড়যন্ত্ৰ কৰি আছে তেওঁলোকে মনোযোগেৰে মোৰ এই কথা শুনা উচিত, ১৬ মে’ৰ পিছত তেওঁলোকৰ প্ৰত্যেকজনকে কাঠগৰাত থিয় কৰোৱা হ’ব [চুন চুনকে হিচাব লিয়া জায়েগা]৷’ তেওঁ আৰু কৈছিল, ‘আমি ভৱিষ্যৎ অসমক ৰক্ষা কৰিব লাগিব৷ যিবোৰ শক্তিয়ে অসমক লুটি-পুতি খাই আছে, সিহঁতৰ হাতৰ পৰা অসমখনক ৰক্ষা কৰাৰ দায়িত্ব আমাৰ৷’ মোদীয়ে দুখ প্ৰকাশ কৰি অভিযোগ উত্থাপন কৰিছিল যে বাংলাদেশৰ পৰা অনধিকাৰ প্ৰৱেশ কৰি ভাৰতীয়সকলৰ কাম-কাজ কাঢ়ি লৈছে৷ তেওঁৰ মতে বাংলাদেশীসকলৰ এনে অনধিকাৰ বন্ধ কৰাৰ এতিয়াই উপযুক্ত সময়৷ এই কথা নক’লেও হয় যে বংগমূলীয় দুখীয়া মুছলমানেই বাংলাদেশী– এনে এক ধাৰণাই কেইবা দশক ধৰি অসমত বিৰাজ কৰি আছে৷
আশাৰ কিৰণ
বাক্সা আৰু কোকৰাঝাৰ জিলাত মুছলমানসকলৰ ওপৰত হোৱা এই অক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে বড়ো আৰু মুছলমান উভয় সম্প্ৰদায়ৰে সাধাৰণ লোকসকলে যাতনা ভুগিবলগীয়া হৈছে৷ মুছলমানপ্ৰধান অঞ্চলত বাস কৰা অনেক বড়ো লোকে বা বড়োপ্ৰধান অঞ্চলত বাস কৰা অনেক মুছলমান লোকে পূৰ্ণ আক্ৰমণ বা প্ৰতি-আক্ৰমণৰ ভয়ত ঘৰ-দুৱাৰ ত্যাগ কৰিবলগীয়া হৈছিল বা নৈশ পহৰাৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল৷ সৌভাগ্যক্ৰমে এনে অক্ৰমণ বা প্ৰতি-আক্ৰমণৰ ঘটনা সংঘটিত নহ’ল৷ সাধাৰণ বড়ো আৰু মুছলমান লোকসকলে এনেবোৰ নৃশংস ঘটনা যে ৰাজনীতিবিদসকলৰ  স্বাৰ্থ পূৰণৰ বাবেহে সৃষ্টি কৰা হয়, এই কথা লাহে লাহে বুজি পাব ধৰিছে যেন অনুভৱ হয়৷ উভয় পক্ষৰ সৰ্বসাধাৰণ লোকেই সংযমী হৈছে, এনে ঘটনাৱলীক সাম্প্ৰদায়িক সংঘৰ্ষ বুলি গণ্য কৰা নাই, উত্তেজিত জনতাই অস্ত্ৰ-শস্ত্ৰ লৈ আলি-বাটলৈ ওলাই অহা নাই৷ চক্ৰশীলা অঞ্চলৰ আলুৰবৈ গাঁৱত বড়ো আৰু মুছলমান নেতাসকলে মিলিজুলি জনসাধাৰণক বুজনি দিছে, পলাই যোৱা বা ভয় খোৱাৰ প্ৰয়োজন নাই বুলি পতিয়ন নিয়াইছে৷
বড়োসকলৰ মাজত যথেষ্ট প্ৰভাৱ থকা এবছুৰ নেতৃবৃন্দই এই ঘটনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা ভূমিকাও শলাগিবলগীয়া৷  এবছুৱে এই ঘটনাক গৰিহণা দি ধৰ্ণা দিছে৷ গুৱাহাটী আৰু কোকৰাঝাৰত শান্তি সমদল উলিয়াই এই ঘটনাৰ লগত জড়িত থকাসকলক শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে৷ কোকৰাঝাৰৰ পৰা পোৱা বাতৰি মতে এবছুৰ স্থানীয় শাখাবোৰে মুছলমানসকলৰ  গাঁৱে গাঁৱে গৈ তেওঁলোকক গাঁও এৰি নাযাবলৈ অনুৰোধ কৰিছে৷ টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন মৰ্মে এবছুৱে ওদালগুৰি জিলাত আমছুৰ লগ লাগি উৰাবাতৰিত ভোল নাযাবলৈ সকলো পক্ষকে আবেদন জনাইছে আৰু জিলাখন সম্পূৰ্ণৰূপে শান্তিপূৰ্ণ কৰি ৰাখিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া যে ২০১২ চনতো ওদালগুৰি জিলাত কোনো ধৰণৰ হিংসাত্মক ঘটনা ঘটা নাছিল৷ এবছুৱে বিটিএডিত থকা সকলো অবৈধ অস্ত্ৰ বাজেয়াপ্ত কৰিবলৈ পূৰ্বৰ দৰে এইবাৰো দাবী উত্থাপন কৰিছে৷ 
উল্লেখযোগ্য যে বিটিএডিত ২০১২ চনত হোৱা নৃগোষ্ঠীগত পৰিষ্কৰণ অভিযানৰ ফলত পাঁচ লাখ লোকে ঘৰ-দুৱাৰ এৰি পলায়ন কৰিবলগীয়া হৈছিল৷ ভাৰতবৰ্ষ বিভাজনৰ সময়ত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত সেইবাবেই সৰ্বাধিক লোকেই স্থানচ্যুত হ’বলগীয়া হৈছিল৷ ইয়াৰ আগতো ১৯৯৪ চনৰ হিংসাত্মক ঘটনাৱলীৰ ফলত স্থানচ্যুত হোৱা লোকসকলৰ অনেকেই এতিয়াও দুই দশক কাল ধৰি আশ্ৰয় শিবিৰতে বাস কৰি আছে৷ এইবাৰ এনে ঘটনাৰ পুনৰাবৃত্তি বন্ধ কৰাটো সম্ভৱ হৈছে৷ ইয়াৰ মূল কাৰণ হৈছে বড়ো তথা বংগমূলীয় মুছলমানসকলৰ অনেক ছাত্ৰনেতা তথা সমাজকৰ্মীয়ে পৰিস্থিতিৰ আৰু অধিক অৱনতি যাতে নঘটে তাৰ বাবে যাৱতীয় ব্যৱস্থা হাতত লৈছে৷ তদুপৰি উভয় পক্ষৰ বিবেকসম্পন্ন লোকসকলে ৰাজহুৱাভাৱে এনে নৃশংস ঘটনাৰ  বিৰোধিতা কৰিছিল, জনসাধাৰণ যাতে সন্ত্ৰস্ত নহয় তাৰ বাবেও কৰ্মপন্থা হাতত লৈছিল৷ বড়ো-মুছলমান সমাজৰ কেইহাজাৰমান লোকে নিৰাপত্তাৰ খাতিৰত গৃহ ত্যাগ কৰিলেও তেওঁলোকে নিজ নিজ গৃহলৈ ইতিমধ্যে উভতি গৈছে৷ 
কিন্তু পৰিস্থিতি এতিয়াও স্পশ¸ৰ্কাতৰ হৈয়ে আছে৷ উচটনিমূলক মন্তব্যই নতুনকৈ হিংস্ৰতাৰ জন্ম দিলে আকৌ হাজাৰ হাজাৰ লোকে গৃহ ত্যাগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে৷ শিবিৰত লগ পোৱা শৰণাথ¹সকলে বাক্সা জিলা উপায়ুক্ত বিনোদ শেষণক প্ৰশংসা কৰি কৈছিল– ‘তেওঁ আমাক সদায়ে সহায় কৰি আছে’৷ ............
অনুমোদনাৱলী
১৷ আশ্ৰয় শিবিৰৰ সেৱাৰ মান উন্নত কৰা উচিত৷ শিবিৰবাসীয়ে বৰষুণৰ পূৰ্বে গাঁওলৈ উভতি যাবলৈ নিৰাপদ অনুভৱ নকৰিবও পাৰে৷ গতিকে ওখ, সমতল ভূমিলৈ শিবিৰ স্থানান্তৰ কৰিব লাগে৷
২৷ নিৰাপদ পৰিৱেশ সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে৷ যাতে এই লোকসকলে নিজৰ ঘৰলৈ উভতি যাব পাৰে৷ কিন্তু তেওঁলোকৰ ইচ্চাৰ বিৰুদ্ধে ঘৰলৈ পঠিয়াব নালাগে৷ 
৩৷ বিশেষ শিশু সুৰক্ষা গোটৰ জৰিয়তে শিশুসকলক জৰুৰীভাৱে বিশেষ ধৰণৰ মানসিক আৰু সামাজিক পৰামৰ্শ দিয়াৰ ব্যৱস্থা কৰিব লাগে৷
৪৷ বয়সস্থ পুৰুষ আৰু মহিলাসকলৰ বাবে মানসিক আৰু সামাজিক পৰামৰ্শৰ ব্যৱস্থা কৰিব লাগে৷ 
৫৷ এই আক্ৰমণত জীয়াই থাকিবলৈ সক্ষম হোৱা আৰু সাক্ষীসকলৰ ভাষ্য CRPC ৰ Section-১৬৪ মতে ৰেজিষ্ট্ৰাৰৰ সন্মুখত ৰেকৰ্ড কৰিব লাগে৷ শিশুসকলৰ বক্তব্য বিশেষভাবে প্ৰশিক্ষণপ্ৰাপ্ত ৰেজিষ্ট্ৰাৰৰ জৰিয়তে ৰেকৰ্ড কৰিব লাগে৷ 
৬৷ বক্তব্যত উল্লেখিত সকলো ব্যক্তিকে পলম নকৰাকৈ গ্ৰেপ্তাৰ কৰা উচিত৷ 
৭৷ বিটিএডিৰ সমস্ত অবৈধ অস্ত্ৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত বাজেয়াপ্ত কৰা উচিত৷ স্থায়ী শান্তি প্ৰতিষ্ঠাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় সহায় লৈ প্ৰাক্তন উগ্ৰপন্থীসকলক নিৰস্ত্ৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু লাইচেন্সবিহীন সকলো অস্ত্ৰ চৰকাৰৰ হাতত দিব লাগে৷ বিটিএডিত নিৰাপত্তা সন্দৰ্ভত চলাবলগীয়া সংস্কাৰৰ ই অংশবিশেষ হ’ব লাগে৷ যথেষ্টসংখ্যক অস্ত্ৰ-শস্ত্ৰ জমা হৈ থাকিলে চোৰাং কাৰবাৰ আৰু সন্ত্ৰাসবাদী কৰ্যকলাপ বাঢ়ি যায়৷ তাৰোপৰি ভাষা, ধৰ্ম বা জনগোষ্ঠীয় সাম্প্ৰদায়িক আক্ৰমণবোৰ বৃদ্ধি পায়৷ মুঠতে ব্যক্তিবিশেষৰ হাতত থকা অস্ত্ৰবোৰ বাজেয়াপ্ত কৰিব লাগে৷ 
৮৷ বিটিচি চুক্তিখন চালিজাৰি চোৱা উচিত৷ কাৰণ ই বৈষম্যমূলক চুক্তি হৈ পৰিছে৷ হিংস্ৰতাৰ জন্ম দিয়া আহিলাস্বৰূপ৷ স্থানীয় স্বায়ত্ত শাসনৰ ক্ষেত্ৰত বিটিচিৰ অন্যান্য জনগোষ্ঠীবোৰৰ অধিক প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰিব লাগিব৷ অৱশ্যে এনে শাসন ব্যৱস্থাই  বড়োসকলৰ ভূমি, বন আৰু সংস্কৃতিৰ সংৰক্ষণৰ ক্ষেত্ৰত যি বৈধ অধিকাৰ আছে, তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব৷ 
৯৷ ৰাজ্য চৰকাৰে সময় নষ্ট নকৰাকৈ, ৰাজনৈতিক ইচ্চাশক্তি প্ৰদৰ্শন কৰি শান্তি আৰু মিলনৰ বাবে উভয় সম্প্ৰদায়ৰ মাজত আলাপ-আলোচনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে৷ যাতে সাম্প্ৰদায়িক বিভাজন আৰু সন্দেহ দূৰ কৰি সমন্বয়ৰ সেতু গঢ়ি তুলিব পাৰি৷ ইতিমধ্যে যথেষ্ট পলম হৈ গৈছে৷ এই কামত সামাজিক সংস্থাবোৰকো দায়িত্ব আৰোপ কৰিব লাগিব, সেইদৰে সকলো ছাত্ৰ আৰু যুৱ সংগঠন, ৰাজনৈতিক দল, শিল্পী-সাহিত্যিক আৰু বুদ্ধিজীৱীসকলকো শান্তি প্ৰক্ৰিয়াত জড়িত কৰিব লাগে৷ 
১০৷ অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত সহনশীলতা আৰু শ্ৰদ্ধাৰ ভাব জগাই তুলিবলৈ স্কুলীয়া শিক্ষা প্ৰদান কৰা অনুষ্ঠানবোৰৰ যাৱতীয় ব্যৱস্থা, যেনে– পাঠ্যপুথি প্ৰণয়ন আৰু শিক্ষক প্ৰশিক্ষণৰ ক্ষেত্ৰত নজৰ দিবলৈ এক বিশেষ আয়োগ গঠন কৰা উচিত৷ 
১১৷ এনে হিংস্ৰ ঘটনাৱলীৰ তদন্তৰ বাবে এখন ন্যায়িক তদন্ত আয়োগ গঠন কৰিব লাগে৷ এই তদন্ত আয়োগক এনে নৃশংস ঘটনাৱলীৰ ইতিহাস, এইবোৰৰ কাৰণ আৰু কিদৰে এনে ঘটনাৱলীক প্ৰতিৰোধ কৰিব পাৰি সেই বিষয়ে অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব৷ আয়োগে অতি কম সময়, চাৰি মাহমানৰ ভিতৰতে নিজৰ প্ৰতিবেদন দাখিল কৰিব লাগে৷ একেধৰণৰ হিংস্ৰ ঘটনাৱলী বাৰে বাৰে কিয় ঘটি আছে, বাৰে বাৰে অপৰাধীক ক্ষমাদান কৰাৰ বাবে এনে ঘটনাবোৰ ঘটি আছে নেকি– এই কথাটো তদন্তৰ আওতালৈ আনিব লাগিব৷ 
১২৷ ৰাজ্য চৰকাৰে সকলো জনগোষ্ঠীৰ প্ৰতিনিধিৰ দ্বাৰা এখন বিশেষ আয়োগ গঠন কৰিব লাগে৷ এই আয়োগে আন্তজাৰ্তিক সংগঠনবোৰে নিৰ্দ্ধাৰণ কৰি দিয়া মতে আশ্ৰয় শিবিৰত দীৰ্ঘদিন ধৰি বাস কৰা আভ্যন্তৰীণভাবে স্থানচ্যুত লোকসকলক সা-সুবিধা প্ৰদান কৰাটো সুনিশ্চিত কৰিব৷ তদুপৰি এনে লোকসকলক তেওঁলোকৰ পূৰ্বৰ গাঁৱত নতুবা তেওঁলোকে বিচৰা মতে বিকল্প গৃহভূমিত সংস্থাপিত কৰাৰ ক্ষেত্ৰতো এই আয়োগে সহায় কৰিব৷ 
[উৎসঃ বালিচন্দা]