প্ৰকাশকৰ একাষাৰ

কোৱা হয় ক্ষুধাই নিয়ন্ত্রণ কৰে সমাজ। প্রাচীন কালৰ পৰাই পেটৰ ভোকেই নিয়ন্ত্রণ কৰি আহিছে মানৱ সভ্যতাৰ গতিপথ। একমাত্র ভোকৰ বাবেই হাজাৰ বছৰীয়া মানৱ সভ্যতাৰ ইতিহাসত সংঘটিত হৈছে বহু ঘটনা-পৰিঘটনা। ক্ষুধাই য’তেই সংহাৰী ৰূপ ধাৰণ কৰিছে, তাতেই কৰুণ মৃত্যু ঘটিছে মানৱতাৰ। কিন্তু পেটৰ ভোকৰ দিশটোক যদি একষৰীয়াকৈ থৈ এচাম নৰখাদকৰ নৰহত্যাৰ ভোকৰ বাধ্য ফ্রয়েডীয় মনস্তাত্বিক প্রক্রিয়া। এইসকল নৰখাদকৰ নৰহত্যাৰ ক্ষুধাৰ বলি হৈছে এচাম নীৰিহ। ঘটনা এটা নহয়, বিগত সময়ত মানৱ সভ্যতাৰ ইতিহাসকে কলংকিত কৰি বিটিএডি অঞ্চলত এনে বহু হত্যাযজ্ঞ সংঘটিত কৰি মানুহ নামধাৰী এচাম জান্তৱ শ্বাপদে অহৰহ বিয়পাইছে মৃত্যুৰ কিৰিলি।
ৰক্তাক্ত বিটিএডিত বিগত কেবাদশক ধৰি সংঘটিত হোৱা এনে নির্মম নৰমেধযজ্ঞৰ কোনো বিস্তাৰিত তথ্য সম্বলিত গ্রন্থ আজিলৈকে কোনেও প্রকাশ কৰা নাই। এইক্ষেত্ৰত এক সুকীয়া চিন্তাধাৰাৰে লেখক সাহজাহান আলী আহমেদে প্রস্তুত কৰি উলিয়াইছেবিগত দিনসমূহত বিটিএডিত সংঘটিত এনে হত্যাযজ্ঞসমূহৰ এক বিস্তৃত তথ্য সম্বলিত ও ক্ষেত্র অধ্যয়নেৰে গৱেষণালব্ধ দলিলস্বৰূপ গ্রন্থ বিষাদলেণ্ড নাৰায়ণগুৰি। গ্রন্থখনৰ প্ৰতিটাে পৃষ্ঠাতে লিপিবদ্ধ হৈছে ক’লা দিনবোৰৰ ইতিহাস। লেখক সাজাহান আলী আহমেদ এজন সংখ্যালঘু সংগ্রামী ছাত্র নেতা। ছাত্র সংগঠনৰ বলিষ্ঠ নেতৃত্ব প্রদানৰ লগতে নিৰপেক্ষ সাংবাদিকতাৰে এক সুকীয়া ও বিৰল পৰিচয় লাভ কৰা আহমেদে স্কুলীয়া ছাত্ৰাৱস্থাৰে পৰা গল্প, কবিতা, উপন্যাস আৰু প্রবন্ধ লিখি পাঠকসমাজৰ লগত পৰিচিত। ১৯৮৮ চনত জন্মগ্রহণ কৰি ১৯৯৪ চনৰ বড়ো আক্রমণৰ বলি হৈ নিজৰ সপোনৰ ঘৰখন জ্বলন্ত জুইৰ মুখত অৰ্পণ কৰি জন্মভূমিতেইশৰণাৰ্থীত পৰিণত হোৱা আহমেদে নিজৰ লেখনিৰ মাজেৰে সমাজৰ কলংক মচি মানৱতাৰ সমাজ গঢ়াৰ সপোন ৰচিছে। শিক্ষা বিশ্বাস কৰে। ইয়াৰ পূর্বে তেওঁৰ ৰুদ্ধ ডেউকা’, ‘মোৰ প্রেয়সীৰ-নাম মেৰি, জিএলচি কলেজৰ আজু চুলতানা আৰু নষ্টালজিয়াৰ উচুপনি নামৰ চাৰিখন কবিতা সংকলন প্রকাশিত হৈছে। এইখন তেওঁৰ বিটিএডিৰ ওপৰত লিখা প্রথমখন বিশ্লেষণাত্মক গ্রন্থ। তেওঁ নৱ ক্রান্তি’নামৰ এখন মাহেকীয়া আলোচনীৰ সম্পাদকৰ দায়িত্ব পালন কৰাৰ উপৰি কেইবাখনো স্মৃতিগ্রন্থ সম্পাদনা কৰিছে। তেওঁ এই গ্রন্থখন বিটিএডিৰ শেহতীয়া হত্যাযজ্ঞৰ ওপৰত আলোকপাত কৰি বিটিএডিত স্থায়ী শান্তি প্রতিষ্ঠাৰ শ্লোগানেৰে ৰচনা কৰিছে। আমি এইজন উদীয়মান লেখক তথা ছাত্র নেতাৰ উজ্জল ভৱিষ্যত আৰু দীর্ঘায়ু কামনা কৰিছো।
প্রকাশক—
ডাঃ ৰিয়াজ উদ্দিন আহমেদ
উপ সভাপতি বাঘ হাজৰিকা চেণ্টাৰ ফৰ কালচাৰেল ষ্টাডিজ