১১ বছৰীয়া মফিদুলৰ লোমহৰ্ষক বৰ্ণনা

১১ বছৰীয়া মফিদুলৰ লোমহর্ষক বর্ণনা

ল’ৰাজনৰ বয়স ১১ বছৰ। মফিদুল ইছলাম তেওঁৰ নাম। তেওঁ বাৰিষাৰ পৰিপূৰ্ণ বেঁকী নদীখনত সাঁতুৰি কাঠ ধৰাৰ ক্ষেত্ৰত পাকৈত। গাঁওখনতে থকা একমাত্র প্রাথমিক বিদ্যালয়খনত পঢ়ে তেওঁ। তেওঁ সেই অভিশপ্ত দিনৰ স্মৃতিবোৰ চলচলীয়া চকুৰে আমাৰ আগত ব্যক্ত কৰিছিল।
সেইদিনাখন গাঁওখনৰ উত্তৰ-পূব ফালে থকা মানাহৰ নিচেই কাষত বেঁকী নদীৰ পাৰত বন্ধুসকলৰ লগত খেলি আছিল মফিদুলে। তেওঁৰ স্পষ্টকৈ মনত শব্দ পাইছিল আৰু তেওঁৰ বন্ধুসকলে আতংকিত হৈ ইফালে-সিফালে দৌৰি পলাইছিল। তেওঁ দেখা পাইছিল যে তেওঁলোকৰ গাঁওখনৰ পশ্চিম ফালৰ ঘৰবোৰ জ্বলি আছে আৰু আকাশখন ক্রমশঃ ধোৱাৰে পৰিপূৰ্ণ হব ধৰিছে। ঠিক সেই সময়তেই তেওঁ দেখা পাইছিল এদল মানুহে তেওঁৰ গাঁৱৰ মানুহক খেদি খেদি গুলীয়াই আছে, মানুহবোৰে গাঁওখনৰ পূব ফালে থকা খালী পথাৰ আহি পাইছিল, য’ৰ পৰা বেঁকী নদীত সহজতে জাপ মাৰি সাঁতুৰি জীৱন ৰক্ষা কৰিব পাৰিলেহেতেন। নেন’ বীট অফিচৰ গাতে লাগি আছিল পথাৰখন। মই (বনকর্মী), বিজিত আৰু কীর্তি- যিসকলে আমাৰ গাঁৱৰ মানুহক হত্যা কৰিছে।’ —মফিদুলে ক’লে। কীর্তি বড়ো আৰু বিজিত বড়ো বিশ্বখ্যাত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ৰক্ষাৰ দায়িত্বত নিয়োজিত। তেওঁলোক সশস্ত্র সংগঠন বিএলটিৰ প্রাক্তন সদস্য।
হঠাত্ তেওঁ বুজিব পাৰিছিল যে তেওঁ তাতে থিয় হৈ থাকিলে হত্যাৰ বলি হ’ব লাগিব। তেওঁ তত্ক্ষণাত্ মাটিত বহি পৰিল আৰু বহি বহিয়েই দৌৰিমানাহ অভয়াৰণ্যলৈ সোমাই গ’ল। মই দৌৰি মানাহৰ ভিতৰলৈ সোমাই গৈ এডাল গছৰ আশ্রয় ল’লো আৰু কেনেদৰে তেওঁলোকে মানুহক হত্যা কৰে চাই থাকিলো।— তেওঁ ক’লে। মাইকেৰে ওলাই অহাৰ বাবে ঘোষণা কৰা নাছিল। গাঁওখনলৈ মানুহ আহিল, আৰক্ষী আহিল, আহতসকলক চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰিলে, নিহতসকলক উদ্ধাৰ কৰিলে, জঙ্গলৰ পৰা জীৱিত মানুহ ওলাই আহিল,সকলোৱে নদী পাৰ হৈ ভাঙাৰপাৰ বজাৰলৈ গ’ল......। মফিদুলে বুজি পোৱা নাছিল তেওঁৰ একমাত্ৰ ভনীজনীৰ কি অপৰাধ আছিলঙ্গ কিয় হত্যা কৰা হ’ল তাইক ? ভাঙাৰপাৰত উপস্থিত হৈ নিশাটো যে কেনেদৰে পাৰ কৰিলে তেওঁলোকেজ মানুহৰ ভিৰৰ মাজৰ পৰা তেওঁ তেওঁৰ ভাতৃ আৰু পিতৃক বিচাৰি পালে,কিন্তু গোটেইনিশা বিচাৰিও নাপালে মৰমিয়াল মাতৃগৰাকীক। তেওঁ মাতৃৰ সংস্পৰ্শৰ বাবে ব্যাকুল হৈ পৰিছিল। কিন্তু কোনেও তেওঁক দিব পৰা নাছিল মাতৃৰ সন্ধান। .........   এদিন-দুদিন-তিনিদিন-চাৰিদিন, পাঁচ দিন পাৰ হোৱাৰ পাছতো তেওঁৰ মাতৃক বিচাৰি নাপালে। পাঁচ দিন পাৰ হোৱাৰ পাছত বেঁকী নদীত বিচাৰি পোৱা গ’ল মফিদুলৰ মাতৃৰ মৃতদেহ......। মফিদুল মানসিকভাৱে শক্তিশালী কিশোৰ। নিজৰ চকুৰ আগত মানুহবোৰক হত্যা কৰাৰ পাছতো তেওঁ অলপো সাহস হেৰুৱাই পেলোৱা নাই। ঘটনা সংঘটিত হোৱাৰ দুদিন পাছৰে পৰা, অর্থাৎ ৪ মে’ তাৰিখৰ পৰা শিবিৰত তেওঁলোকক লগ পাবলৈ অহাসকলৰ যিয়েই বর্ণনা শুনিব বিচাৰিছে তাৰ আগতেই বর্ণনা কৰি গৈছে। এইজন কিশোৰৰ ভাষ্য শুনি সাধাৰণতেই আচৰিত হৈছিল আমান বেৰাদৰিৰ ডাইৰেক্টৰ হাশ্ব মন্দেৰ। এইজন সর্বভাৰতীয় সমাজসেৱকৰ আগত তেওঁ কৈছিল— ‘তেওঁলোকক ফাঁচি দিব লাগে, যিসকলে মোৰ ভনী, মা আৰু নিৰপৰাধী গাঁওবাসীক হত্যা কৰিছে। হত্যাকাণ্ডৰ কাহিনীবোৰ মানুহৰ আগত বর্ণনা কৰি কৰি মফিদুলৰ মনত এনেদৰে শিপাই গৈছিল যে বহুদিনলৈ শুব পৰা নাছিল তেওঁ। চকুৰ পতা জপাই দিলেই সেই নৃশংস হত্যাকাণ্ডৰ দৃশ্যবোৰ চকুৰ আগত ভাহি উঠিবলৈ আৰম্ভ কৰিছিল তেওঁৰ। বহু দিনলৈ এনে হৈছিল এই কিশোৰজনৰ ক্ষেত্রত। ননকে
খাগ্রাবাৰী গাঁওলৈ শিবিৰ স্থানান্তৰ কৰাৰ পাছত শিবিৰত টাটা ইনিষ্টিটিউট অৱ ছচিয়েল ছাইন্সৰ তৰফৰ পৰা আব্দুল কালাম আজাদৰ নেতৃত্বত তিনিগৰাকী স্বেচ্ছাসেৱকে এমাহ জুৰি ৰাইজৰ লগত থাকি বিভিন্ন কথা পাতিছিল, পৰামর্শ প্রদান কৰিছিল আৰু শিশুসকলক উত্সাহ প্রদান কৰিছিল। এতিয়া মফিদুল সাধাৰণ কিশোৰৰ দৰে বিদ্যালয়লৈ যায়।
মফিদুলৰ সাক্ষ্য ৰেকৰ্ড কৰা হৈছে, Under Section- 164 of CrPC before the CJM of Kamrup, Guwahati. NIA case vide No. Rc. 02(A)/ 2014(NIA)/GUW.

আগলৈ>>>